--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান অধিকৃত কাশ্মীৰ ক্ৰিকেট লীগত খেলিবলৈ বিৰাট কোহলীক আমন্ত্ৰণ জনোৱাৰ  পৰিকল্পনা চলিছে। জানিবলৈ পোৱা মতে, এই আমন্ত্ৰণৰ নেপথ্যত আছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৰছিদ লতিফ। বিতৰ্কিত পাকিস্তান অধিকৃত কাশ্মীৰ ক্ৰিকেট লীগত বিৰাট কোহলীয়ে খেলাটো বিচাৰিছে তেওঁ। যদি তেওঁ সঁচাকৈয়ে খেলিব নিবিচাৰে, তেন্তে অন্ততঃ অতিথি হিচাপে হ’লেও কোহলীৰ উপস্থিত আশা কৰিছে ৰছিদ লতিফে।

উল্লেখ্য যে, বিগত বৰ্ষতে পাকিস্তান অধিকৃত কাশ্মীৰত আৰম্ভ হৈছিল টি-২০ ক্ৰিকেট লীগ। ভাৰতে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। বিচিচিআইয়ে এইখন লীগক দিয়া নাছিল স্বীকৃতি। আনকি আইচিচিৰ দ্বাৰাও স্বীকৃতি লাভ কৰা নাই এইখন লীগে। সেইখন বিতৰ্কিত লীগত খেলিবলৈ বিৰাট কোহলীৰ দৰে তাৰকাক নিমন্ত্ৰণৰ কথাটোৱে একপ্ৰকাৰ স্তম্ভিত কৰি তুলিছে ক্ৰীড়া বিশ্বক। শীঘ্ৰেই আয়োজকসকলে কোহলীলৈ লীগত খেলিবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিব বুলি চৰ্চা চলিছে। আনকি বিচিচিআইলৈও এখন পত্ৰ প্ৰেৰণৰ খবৰ ওলাইছে।

বিতৰ্কিত লীগত খেলিবলৈ কোহলীক আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনাৰ আঁৰত আছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৰছিদ লতিফ। ৰছিদ এই লীগৰ ক্ৰিকেট পৰিচালনাৰ সঞ্চালক। তেওঁ এটা সাক্ষাৎকাৰত দাবী কৰিছিল যে কোহলীক পাকিস্তান অধিকৃত কাশ্মীৰ লীগত খেলিবলৈ আমন্ত্ৰণ জনোৱাৰ আঁৰত তেওঁৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাই। লতিফে কয়, ‘আমি এটাই বাৰ্তা দিব বিচাৰো, খেল সকলোতকৈ ঊৰ্ধ্বত। গতিকে, কোহলীলৈ পত্ৰ প্ৰেৰণৰ পৰিকল্পনা কৰা হৈছে। তেওঁ ইচ্ছা কৰিলে মুখ্য অতিথি হিচাপেও আহিব পাৰে। আমি দুয়োখন দেশৰ জনসাধাৰণলৈ সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো।’

অৱশ্যে, এনে এখন বিতৰ্কিত লীগত কোহলীয়ে খেলাৰ কোনো সম্ভাৱনা নাই। তথাপি বিচিচিআইয়ে ভাৰতীয় পুৰুষ ক্ৰিকেটাৰক বাহিৰৰ দেশৰ লীগত খেলিবলৈ অনুমতি নিদিয়ে। তেনেক্ষেত্ৰত পাকিস্তান অধিকৃত কাশ্মীৰ লীগত খেলাৰ প্ৰশ্নই নুঠে। তদুপৰি কোহলীয়ে এনে বিতৰ্কিত লীগত খেলাটো অসম্ভৱ কথা। ৰছিদ লতিফে অৱশ্যে কৈছে, ‘আমাৰ কাম কোহলীক আমন্ত্ৰণ কৰা, আমি সেইটো কৰিম। তেওঁ আহিব নে নাহে সেয়া তেওঁৰ নিজৰ সিদ্ধান্ত।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ