--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক'ভিডত আক্ৰান্ত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। কংগ্ৰেছ সভাপতিগৰাকীৰ স্বাস্থ্যৰ হঠাৎ অৱনতি হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। শেহতীয়াকৈ তৃণমূল প্ৰধান মমতা বেনাৰ্জীয়ে টুইট কৰি ছোনিয়া গান্ধীৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।

কংগ্ৰেছৰ সূত্ৰঅনুসৰি, কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক ক'ভিড চিকিৎসাৰ বাবে দেওবাৰে গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে, " জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী  ছোনিয়া গান্ধীক ক'ভিড সম্পৰ্কীয় সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰ পাইছো। আমি সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছো। ঈশ্বৰে মংগল কৰক। ''


ৰাষ্ট্ৰপতি নিৰ্বাচন সমাগত। এনে সময়ত, ৰাজনৈতিক চক্ৰত অনুমান কৰা হৈছে যে কংগ্ৰেছ-তৃণমূল বিৰোধী মিত্ৰজোঁটে হয়তো একেলগ হ'ব। সূত্ৰঅনুসৰি, এই বিষয়টোত তৃণমূল সুপ্ৰিমো মমতা বেনাৰ্জী আৰু কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ মাজত ফোনত বাৰ্তালাপ হৈছিল।

২ জুনত, কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই ছোনিয়া গান্ধীৰ কৰোনা সংক্ৰমণৰ বিষয়ে অৱগত কৰিছিল। তেওঁ কয় যে, ছোনিয়া গান্ধীৰ কৰোনা  মৃদু লক্ষণ আছিল যদিও বৰ্তমান কংগ্ৰেছ সভানেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই কয়, "নেত্ৰীগৰাকীৰ দেহত বৰ্তমান কৰোনাৰ কেইবাটাও লক্ষণ দেখুৱাইছে। তেওঁক বৰ্তমান পৃথককৈ ৰখা হৈছে। চিকিৎসকসকলৰ পৰামৰ্শ লোৱা হৈছে। "ছোনিয়া গান্ধীৰ সামান্য জ্বৰ হৈছে, তেওঁৰ কেইবাটাও লক্ষণো আছে। উল্লেখ্য যে, কেৱল ছোনিয়া গান্ধীয়েই নহয়, তেওঁৰ জীয়ৰী প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালও কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ