--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক'ভিডত আক্ৰান্ত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। কংগ্ৰেছ সভাপতিগৰাকীৰ স্বাস্থ্যৰ হঠাৎ অৱনতি হোৱাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। শেহতীয়াকৈ তৃণমূল প্ৰধান মমতা বেনাৰ্জীয়ে টুইট কৰি ছোনিয়া গান্ধীৰ দ্ৰুত আৰোগ্য কামনা কৰিছে।

কংগ্ৰেছৰ সূত্ৰঅনুসৰি, কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক ক'ভিড চিকিৎসাৰ বাবে দেওবাৰে গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে, " জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী  ছোনিয়া গান্ধীক ক'ভিড সম্পৰ্কীয় সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰ পাইছো। আমি সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছো। ঈশ্বৰে মংগল কৰক। ''


ৰাষ্ট্ৰপতি নিৰ্বাচন সমাগত। এনে সময়ত, ৰাজনৈতিক চক্ৰত অনুমান কৰা হৈছে যে কংগ্ৰেছ-তৃণমূল বিৰোধী মিত্ৰজোঁটে হয়তো একেলগ হ'ব। সূত্ৰঅনুসৰি, এই বিষয়টোত তৃণমূল সুপ্ৰিমো মমতা বেনাৰ্জী আৰু কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ মাজত ফোনত বাৰ্তালাপ হৈছিল।

২ জুনত, কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই ছোনিয়া গান্ধীৰ কৰোনা সংক্ৰমণৰ বিষয়ে অৱগত কৰিছিল। তেওঁ কয় যে, ছোনিয়া গান্ধীৰ কৰোনা  মৃদু লক্ষণ আছিল যদিও বৰ্তমান কংগ্ৰেছ সভানেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই কয়, "নেত্ৰীগৰাকীৰ দেহত বৰ্তমান কৰোনাৰ কেইবাটাও লক্ষণ দেখুৱাইছে। তেওঁক বৰ্তমান পৃথককৈ ৰখা হৈছে। চিকিৎসকসকলৰ পৰামৰ্শ লোৱা হৈছে। "ছোনিয়া গান্ধীৰ সামান্য জ্বৰ হৈছে, তেওঁৰ কেইবাটাও লক্ষণো আছে। উল্লেখ্য যে, কেৱল ছোনিয়া গান্ধীয়েই নহয়, তেওঁৰ জীয়ৰী প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালও কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত