--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ড্ৰাগছৰ সৈতে ডড়িত বিষয়ত আকৌ কৰা হৈছে বলীউডৰ অভিনেতাৰ পুত্ৰক৷ পুনৰ মাৰাত্মক ড্ৰাগছৰ সৈতে সাঙোৰ খাই পৰিছে বলীউডৰ অভিনেতাৰ নাম৷ অভিনেতা শক্তি কাপুৰৰ অভিনেতা-পুত্ৰ সিদ্ধান্ত কাপুৰক বেংগালুৰুত ড্ৰাগছৰ বাবে আটক কৰা হৈছে৷

সিদ্ধান্তক বেংগালুৰুৰ এখন হোটেলত এটা পাৰ্টিৰ সময়ত ড্ৰাগছ সেৱন কৰাৰ অভিযোগত আটক কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰে৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে পাৰ্ক হোটেলৰ পাৰ্টিত তালাচী চলায় আৰু চিকিৎসা পৰীক্ষাৰ বাবে প্ৰায় ৩৫জন অতিথিৰ নমুনা প্ৰেৰণ কৰে। পাঁচজন অতিথিৰ ড্ৰাগছৰ পৰীক্ষা ‘পজিটিভ’ আছিল আৰু সিদ্ধান্ত কাপুৰ আছিল তেওঁলোকৰ মাজৰে এজন৷

সিদ্ধান্ত কাপুৰকে ধৰি মুঠ পাঁচজন লোকক ড্ৰাগছ সেৱনৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোক সকলোকে নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনত অভিযুক্ত কৰা হৈছে বুলি পূব বিভাগৰ জিলা আৰক্ষী প্ৰধান ভীমাশংকৰ এছ গুলেদে কয়।

গুলেদে কৈছিল যে তেওঁলোক পাঁচোজনকে আজি পিছত আদালতত হাজিৰ কৰোৱা হ’ব। ইয়াৰ পূৰ্বে, সিদ্ধান্তৰ ভগ্নী শ্ৰদ্ধা কাপুৰক ২০২০ চনত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউড-ড্ৰাগছৰ সম্পৰ্কৰ অভিযোগৰ সন্দৰ্ভত সোধা-পোছা কৰিছিল আৰক্ষীয়ে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত