--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়া কৈ ছত্তীশগড় উচ্চ ন্যায়ালয়ে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি কয় বিবাহিত দম্পতীৰ মাজত ‘অস্বাভাৱিক’ যৌন সম্পৰ্ক কোনো শাস্তিযোগ্য অপৰাধ নহয়! পত্নীৰ মতানৈক্য হ’লেও অপৰাধ বুলি গণ্য কৰা নহ’ব। 

ঘটনাক্ৰম অনুসৰি ছত্তীশগড়ৰ এগৰাকী যুৱতীয়ে স্বামীৰ সৈতে ‘অস্বাভাৱিক’ যৌন সম্পৰ্ক স্থাপনকৰাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়। পেৰিট’নাইটিছ আৰু মলদ্বাৰৰ সংক্ৰমণত তেওঁৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে চিকিৎসকে। ঘটনাৰ পিছতে মৃত মহিলা গৰাকীৰ স্বামীক অস্বাভাৱিক যৌন সম্পৰ্ক আৰু অনিচ্ছাকৃত হত্যাৰ দোষী সাব্যস্ত কৰে ৰাজ্যৰ নিম্ন আদালতে। 

পিছলৈ উচ্চ ন্যায়ালয়ত অভিযুক্ত স্বামীক সেই গোচৰৰ পৰা দোষমুক্ত কৰা হয়। উচ্চ ন্যায়ালয়ে শুনানিৰ সময়ত কয় যে যদি পত্নীৰ বয়স ১৫ বছৰৰ ওপৰৰ হয়, তেন্তে স্বামীৰ সৈতে যিকোনো ধৰণৰ যৌন সম্পৰ্ক বা যৌন কাৰ্য্যকলাপক কোনো ধৰণে ধৰ্ষণ বুলি ক'ব নোৱাৰি। এই ক্ষেত্ৰত পত্নীৰ অনুমতিৰ বিষয়টো অবাস্তৱ। 

উল্লেখ্য যে ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত ধৰ্ষণৰ সংশোধিত সংজ্ঞাতো তেনেদৰেই কোৱা হৈছে। সেয়ে পত্নীয়ে সন্মতিৰ অবিহনে, ‘অস্বাভাৱিক’ যৌন সম্পৰ্কক অপৰাধ বুলি গণ্য কৰিব নোৱাৰি। একে সময়তে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৭ অনুসৰি স্বামীয়ে আইনগতভাৱে বৈধ পত্নীৰ সৈতে একেখন চালিৰ তলত থাকিলে অস্বাভাৱিক যৌনতাক অপৰাধ বুলি গণ্য কৰিব নোৱাৰিব। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬বি অনুসৰি আইনগতভাৱে বিবাহপাশত আবদ্ধ হৈ স্বামী-স্ত্ৰী বিচ্ছেদ হ’লেহে স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হ’ব পাৰে। সেয়ে আদালতে কয় যে বিবাহিত দম্পতীৰ মাজত হোৱা এনে ঘটনাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ আৰু ৩৭৭ৰ অধীনত স্বামীক কোনো ধৰণে শাস্তি বিহিব নোৱাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ