--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়া কৈ ছত্তীশগড় উচ্চ ন্যায়ালয়ে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি কয় বিবাহিত দম্পতীৰ মাজত ‘অস্বাভাৱিক’ যৌন সম্পৰ্ক কোনো শাস্তিযোগ্য অপৰাধ নহয়! পত্নীৰ মতানৈক্য হ’লেও অপৰাধ বুলি গণ্য কৰা নহ’ব। 

ঘটনাক্ৰম অনুসৰি ছত্তীশগড়ৰ এগৰাকী যুৱতীয়ে স্বামীৰ সৈতে ‘অস্বাভাৱিক’ যৌন সম্পৰ্ক স্থাপনকৰাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়। পেৰিট’নাইটিছ আৰু মলদ্বাৰৰ সংক্ৰমণত তেওঁৰ মৃত্যু হোৱা বুলি সদৰী কৰিছে চিকিৎসকে। ঘটনাৰ পিছতে মৃত মহিলা গৰাকীৰ স্বামীক অস্বাভাৱিক যৌন সম্পৰ্ক আৰু অনিচ্ছাকৃত হত্যাৰ দোষী সাব্যস্ত কৰে ৰাজ্যৰ নিম্ন আদালতে। 

পিছলৈ উচ্চ ন্যায়ালয়ত অভিযুক্ত স্বামীক সেই গোচৰৰ পৰা দোষমুক্ত কৰা হয়। উচ্চ ন্যায়ালয়ে শুনানিৰ সময়ত কয় যে যদি পত্নীৰ বয়স ১৫ বছৰৰ ওপৰৰ হয়, তেন্তে স্বামীৰ সৈতে যিকোনো ধৰণৰ যৌন সম্পৰ্ক বা যৌন কাৰ্য্যকলাপক কোনো ধৰণে ধৰ্ষণ বুলি ক'ব নোৱাৰি। এই ক্ষেত্ৰত পত্নীৰ অনুমতিৰ বিষয়টো অবাস্তৱ। 

উল্লেখ্য যে ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত ধৰ্ষণৰ সংশোধিত সংজ্ঞাতো তেনেদৰেই কোৱা হৈছে। সেয়ে পত্নীয়ে সন্মতিৰ অবিহনে, ‘অস্বাভাৱিক’ যৌন সম্পৰ্কক অপৰাধ বুলি গণ্য কৰিব নোৱাৰি। একে সময়তে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৭ অনুসৰি স্বামীয়ে আইনগতভাৱে বৈধ পত্নীৰ সৈতে একেখন চালিৰ তলত থাকিলে অস্বাভাৱিক যৌনতাক অপৰাধ বুলি গণ্য কৰিব নোৱাৰিব। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬বি অনুসৰি আইনগতভাৱে বিবাহপাশত আবদ্ধ হৈ স্বামী-স্ত্ৰী বিচ্ছেদ হ’লেহে স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হ’ব পাৰে। সেয়ে আদালতে কয় যে বিবাহিত দম্পতীৰ মাজত হোৱা এনে ঘটনাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ আৰু ৩৭৭ৰ অধীনত স্বামীক কোনো ধৰণে শাস্তি বিহিব নোৱাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post