--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খবৰৰ শিৰোনামত থকাতো স্বভাৱত পৰিণত হৈছে কণ্ট্ৰভাৰ্ছী কুইন কংগনা ৰানাৱটৰ। নানা সময়ত বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য তথা প্ৰতিক্ৰিয়াৰে চৰ্চাত আছে কংগনা। এইবাৰ কংগনাই ৰাজহুৱা কৰিছে ব্যক্তিগত জীৱনৰ এক ভয়ংকৰ অভিজ্ঞতাৰ বিষয়ে। মাত্ৰ ছয় বছৰ বয়সতে হেনো যৌন নিৰ্যাতনৰ বলি হৈছিল এইগৰাকী অভিনেত্ৰী। এই কথা তেওঁ নিজ মুখে স্বীকাৰ কৰিছে। কংগনা ৰাণাৱটে অল্ট বালাজীৰ ৰিয়েলিটি শ্ব লক-আপত এইকথা প্ৰকাশ কৰিছে। অনুষ্ঠানটোৰ প্ৰতিযোগী মুনৱাৰ ফাৰুকীয়ে তেওঁৰ জীৱনত সন্মুখীন হোৱা যৌন নিৰ্যাতনৰ বিষয়ে কৈছিল। তাৰ পিছতে শৈশৱৰ তিক্ত স্মৃতিকথাৰ উন্মুক্ত বৰ্ণনা নকৰাকৈ থাকিব নোৱাৰিলে কংগনাই। 

স্মৰ্তব্য যে, ৰিয়েলিটি শ্ব 'লক আপ' আৰম্ভ হৈছিল চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত। অনুষ্ঠানটোৰ আৰম্ভণিৰে পৰা কেইবাটাও বিতৰ্কই চুই গৈছেহি। এই বিতৰ্কবোৰে কংগনা কেন্দ্ৰিক।  শেহতীয়াকৈ কংগনাৰ শ্বত উপস্থিত আছিল কৌতুক অভিনেতা মুনৱাৰ ফাৰুকী। অনুষ্ঠান চলাকালীন সময়তে নিজৰ জীৱনৰ সৈতে জড়িত এক গোপন তথ্য মুকলিকৈ প্ৰকাশ কৰিছিল।  সৰুতে আত্মীয়সকলৰ হাততে যৌন নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল ফাৰুকীয়ে। ফাৰুকীৰ সৈতে এই যৌন উৎপীড়ন হেনো প্ৰায় পাঁচ বছৰ ধৰি চলিছিল। সেইসময়ত ঘৰৰ কোনো সদস্যকে এই কথা মুকলিকৈ ক’ব নোৱাৰা ফাৰুকীয়ে অৱশ্যে, অনুষ্ঠানটোত সকলোৰে সন্মুখত এই গোপন সত্যৰ বিষয়ে কৈছিল।

ফাৰুকীৰ কথা শুনি নিজকে ধৰি ৰাখিব নোৱাৰিলে কংগনাই। অভিনেত্ৰীৰ মুখেৰেই শুনিবলৈ পোৱা গ’ল অতীতৰ তিক্ত স্মৃতিকথা। কংগনাৰ মুখেৰে সলসলাই ওলাই গ’ল ৬বছৰ বয়সত কিদৰে যৌন নিগ্ৰহৰ বলি হৈছিল তেওঁ। কংগনাৰ নিকটৱৰ্তী এজন কিশোৰে হেনো তেওঁক অশ্লীল ইংগিত দিছিল। কেৱল সেয়াই নহয় বিতৰ্কিত অভিনেত্ৰীগৰাকীক পোছাক খুলিবলৈ জোৰ কৰিছিল কিশোৰজনে।

কংগনাৰ স্পষ্টমত, ‘ এনে অভিজ্ঞতাৰ সন্মুখীন বহুতে হ’বলগীয়া হয়।বিশেষকৈ শিশু সকলে। তেওঁলোকে এইবোৰ কথা বুজিব পৰাকৈ পৰিপক্ক হৈ নুঠোতেই এনে তিক্ত ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়।এই সময় বৰ স্পৰ্শকাতৰ, নিজৰ প্ৰিয়জনকো এই যন্ত্ৰণাৰ বিষয়ো খুলি ক’ব নোৱাৰে।’ এনেকৈ মুকলি অনুষ্ঠানত নিৰ্ভয়ে, নিৰ্বিবাদে ব্যক্তিজীৱনৰ অভিজ্ঞতা প্ৰকাশ কৰাৰ বাবে ক’মেডীয়ান ফাৰুকীক ধন্যবাদো জনায় কংগনাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত