--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে খবৰৰ শিৰোনামত থকাতো স্বভাৱত পৰিণত হৈছে কণ্ট্ৰভাৰ্ছী কুইন কংগনা ৰানাৱটৰ। নানা সময়ত বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য তথা প্ৰতিক্ৰিয়াৰে চৰ্চাত আছে কংগনা। এইবাৰ কংগনাই ৰাজহুৱা কৰিছে ব্যক্তিগত জীৱনৰ এক ভয়ংকৰ অভিজ্ঞতাৰ বিষয়ে। মাত্ৰ ছয় বছৰ বয়সতে হেনো যৌন নিৰ্যাতনৰ বলি হৈছিল এইগৰাকী অভিনেত্ৰী। এই কথা তেওঁ নিজ মুখে স্বীকাৰ কৰিছে। কংগনা ৰাণাৱটে অল্ট বালাজীৰ ৰিয়েলিটি শ্ব লক-আপত এইকথা প্ৰকাশ কৰিছে। অনুষ্ঠানটোৰ প্ৰতিযোগী মুনৱাৰ ফাৰুকীয়ে তেওঁৰ জীৱনত সন্মুখীন হোৱা যৌন নিৰ্যাতনৰ বিষয়ে কৈছিল। তাৰ পিছতে শৈশৱৰ তিক্ত স্মৃতিকথাৰ উন্মুক্ত বৰ্ণনা নকৰাকৈ থাকিব নোৱাৰিলে কংগনাই। 

স্মৰ্তব্য যে, ৰিয়েলিটি শ্ব 'লক আপ' আৰম্ভ হৈছিল চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত। অনুষ্ঠানটোৰ আৰম্ভণিৰে পৰা কেইবাটাও বিতৰ্কই চুই গৈছেহি। এই বিতৰ্কবোৰে কংগনা কেন্দ্ৰিক।  শেহতীয়াকৈ কংগনাৰ শ্বত উপস্থিত আছিল কৌতুক অভিনেতা মুনৱাৰ ফাৰুকী। অনুষ্ঠান চলাকালীন সময়তে নিজৰ জীৱনৰ সৈতে জড়িত এক গোপন তথ্য মুকলিকৈ প্ৰকাশ কৰিছিল।  সৰুতে আত্মীয়সকলৰ হাততে যৌন নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল ফাৰুকীয়ে। ফাৰুকীৰ সৈতে এই যৌন উৎপীড়ন হেনো প্ৰায় পাঁচ বছৰ ধৰি চলিছিল। সেইসময়ত ঘৰৰ কোনো সদস্যকে এই কথা মুকলিকৈ ক’ব নোৱাৰা ফাৰুকীয়ে অৱশ্যে, অনুষ্ঠানটোত সকলোৰে সন্মুখত এই গোপন সত্যৰ বিষয়ে কৈছিল।

ফাৰুকীৰ কথা শুনি নিজকে ধৰি ৰাখিব নোৱাৰিলে কংগনাই। অভিনেত্ৰীৰ মুখেৰেই শুনিবলৈ পোৱা গ’ল অতীতৰ তিক্ত স্মৃতিকথা। কংগনাৰ মুখেৰে সলসলাই ওলাই গ’ল ৬বছৰ বয়সত কিদৰে যৌন নিগ্ৰহৰ বলি হৈছিল তেওঁ। কংগনাৰ নিকটৱৰ্তী এজন কিশোৰে হেনো তেওঁক অশ্লীল ইংগিত দিছিল। কেৱল সেয়াই নহয় বিতৰ্কিত অভিনেত্ৰীগৰাকীক পোছাক খুলিবলৈ জোৰ কৰিছিল কিশোৰজনে।

কংগনাৰ স্পষ্টমত, ‘ এনে অভিজ্ঞতাৰ সন্মুখীন বহুতে হ’বলগীয়া হয়।বিশেষকৈ শিশু সকলে। তেওঁলোকে এইবোৰ কথা বুজিব পৰাকৈ পৰিপক্ক হৈ নুঠোতেই এনে তিক্ত ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়।এই সময় বৰ স্পৰ্শকাতৰ, নিজৰ প্ৰিয়জনকো এই যন্ত্ৰণাৰ বিষয়ো খুলি ক’ব নোৱাৰে।’ এনেকৈ মুকলি অনুষ্ঠানত নিৰ্ভয়ে, নিৰ্বিবাদে ব্যক্তিজীৱনৰ অভিজ্ঞতা প্ৰকাশ কৰাৰ বাবে ক’মেডীয়ান ফাৰুকীক ধন্যবাদো জনায় কংগনাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ