--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ফেশ্বনৰ নতুন সংজ্ঞা লিখিছে উৰ্ফি জাভেদে। কিমানধৰণেৰে পোছাক পৰিধান কৰিব পাৰি, কেনেধৰণৰ পোছাক পৰিধানেৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি ছ’চিয়েল মিডিয়াত নানা পোষ্টৰ মাধ্যমেৰে এই কথাকেই যেন বাৰে বাৰে প্ৰমাণ কৰিব বিচাৰিছে বলীউডৰ এইগৰাকী ম’ডেলে। কেতিয়াবা যদি ছেফটিপিনেৰে তৈয়াৰী পোছাক বাছনি কৰিছে, কেতিয়াবা আকৌ আলোকচিত্ৰৰেই আৱৰিছে উৰ্ফিৰ সুষমা শৰীৰ। এইবাৰ উৰ্ফিৰ শৰীৰত পুষ্পবৰ্ষণ।  হয়, ৰং-বিৰঙী ফুলেৰে সুষমা শৰীৰ আৱৰি ৰাখিবলৈ চেষ্টা কৰিছে উৰ্ফি জাভেদে!

ফেচবুক হওক বা ইনষ্টাগ্ৰাম, সামাজিক প্লেটফৰ্মলৈ চালেই উৰ্ফিৰ অদ্ভুত পোছাকৰ ভিডিঅ' চকুত পৰে নেটিজেনৰ। এনেদৰেই ভাইৰেল উৰ্ফি জাভেদ। কিন্তু তেওঁৰ এনে অদ্ভুত কাৰ্যকলাপত প্ৰশংসাৰ বিপৰীতে পৰিছে গ্লানিৰ ছিটিকনি।  'সস্তীয়া জনপ্ৰিয়তা'ৰ বাবে উৰ্ফিয়ে লোৱা বাট সকলোৰে বাবে অপ্ৰাসংগিক আৰু কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলিও কটাক্ষ কৰিছে এইগৰাকী ম’ডেলক। পিছে, এনে ভৰ্ত্‍সনাই প্ৰভাৱিত কৰিব পৰা নাই উৰ্ফিক। দিন যোৱাৰ লগে লগে পোছাক পৰিধানৰ আজৱ কৌশলৰ এই পৰীক্ষা-নিৰীক্ষা নিৰন্তৰ চলাই গৈছে বিতৰ্কিত ম’ডেলগৰাকীয়ে। পোছাকৰ পৰিৱৰ্তে ৰং-বিৰঙী ফুলেৰে আবৃত উৰ্ফিৰ এনে উলংগ ৰূপে প্ৰশংসাৰ বিপৰীতে বুটলিছে সমালোচনা। নেটিজেনৰ তিক্ত ট্ৰ’লৰ সন্মুখীন হৈছে তেওঁ।

উৰ্ফিৰ এনে পুষ্পসজ্জা দেখি হতবাক তেওঁৰ অনুৰাগী। এজনে প্ৰশ্ন কৰিছে, ‘ফুলটো পৰি গ’লে কি হ’ব?’ কি আশ্চৰ্যকৰ উৰ্ফিৰ শৰীৰ! কেতিয়াবা যদি উৰ্ফিৰ শৰীৰত ওলমিছে তলা-চাবি, কেতিয়াবা সোণালী-ৰূপালী শিকলি। নেটিজেনক সুখী কৰাটোৱে যেন নিত্য কৰ্তব্য হৈ পৰিছে উৰ্ফিৰ।কিন্তু নেটিজেনে কিমান চাব উৰ্ফিৰ একেই শৰীৰ। চাই চাই যেন আমনি লাগিছে নেটিজনৰো। কৰিছে গালিবৰ্ষণ। 'বিগ বছ' অ'টিটি প্লেটফৰ্মৰ পূৰ্বৰ প্ৰতিযোগিজনে শেহতীয়াকৈ পৰ্ণ চলচ্চিত্ৰত অভিনয়ৰো  প্ৰস্তাৱ লাভ কৰিছিল। অৱশ্যে, উৰ্ফিয়ে এনে ধৰণৰ চলচ্চিত্ৰত অভিনয়ৰ বাবে একেবাৰে আগ্ৰহী নহয় বুলি জনাইছিল। কেৱল উন্মুক্ত পোছাক পিন্ধাৰ অৰ্থ এইটো নহয় যে মই পৰ্ণ চলচ্চিত্ৰৰ নায়িকা হ’বলৈ আগবাঢ়িছো’-এনেদৰেই সৰব হৈ পৰিছিল উৰ্ফি। পাছে এতিয়া আৰু উৰ্ফি কাৰো বাবে UNKNOWN হৈ থকা নাই। নিজৰ শৰীৰটো পোছাকেৰে আৱৰি ৰাখিব নজনা জনে পৰ্ণ ছবিত অভিনয়ৰ কথা ক’লে কিয় গৰজি উঠে বুলিও প্ৰশ্ন নেটিজেনৰ।ডেমকেয়াৰ উৰ্ফিৰ উত্তৰলৈ বাট চাইছে নেটিজেনে...!



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত