--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ফেশ্বনৰ নতুন সংজ্ঞা লিখিছে উৰ্ফি জাভেদে। কিমানধৰণেৰে পোছাক পৰিধান কৰিব পাৰি, কেনেধৰণৰ পোছাক পৰিধানেৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি ছ’চিয়েল মিডিয়াত নানা পোষ্টৰ মাধ্যমেৰে এই কথাকেই যেন বাৰে বাৰে প্ৰমাণ কৰিব বিচাৰিছে বলীউডৰ এইগৰাকী ম’ডেলে। কেতিয়াবা যদি ছেফটিপিনেৰে তৈয়াৰী পোছাক বাছনি কৰিছে, কেতিয়াবা আকৌ আলোকচিত্ৰৰেই আৱৰিছে উৰ্ফিৰ সুষমা শৰীৰ। এইবাৰ উৰ্ফিৰ শৰীৰত পুষ্পবৰ্ষণ।  হয়, ৰং-বিৰঙী ফুলেৰে সুষমা শৰীৰ আৱৰি ৰাখিবলৈ চেষ্টা কৰিছে উৰ্ফি জাভেদে!

ফেচবুক হওক বা ইনষ্টাগ্ৰাম, সামাজিক প্লেটফৰ্মলৈ চালেই উৰ্ফিৰ অদ্ভুত পোছাকৰ ভিডিঅ' চকুত পৰে নেটিজেনৰ। এনেদৰেই ভাইৰেল উৰ্ফি জাভেদ। কিন্তু তেওঁৰ এনে অদ্ভুত কাৰ্যকলাপত প্ৰশংসাৰ বিপৰীতে পৰিছে গ্লানিৰ ছিটিকনি।  'সস্তীয়া জনপ্ৰিয়তা'ৰ বাবে উৰ্ফিয়ে লোৱা বাট সকলোৰে বাবে অপ্ৰাসংগিক আৰু কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলিও কটাক্ষ কৰিছে এইগৰাকী ম’ডেলক। পিছে, এনে ভৰ্ত্‍সনাই প্ৰভাৱিত কৰিব পৰা নাই উৰ্ফিক। দিন যোৱাৰ লগে লগে পোছাক পৰিধানৰ আজৱ কৌশলৰ এই পৰীক্ষা-নিৰীক্ষা নিৰন্তৰ চলাই গৈছে বিতৰ্কিত ম’ডেলগৰাকীয়ে। পোছাকৰ পৰিৱৰ্তে ৰং-বিৰঙী ফুলেৰে আবৃত উৰ্ফিৰ এনে উলংগ ৰূপে প্ৰশংসাৰ বিপৰীতে বুটলিছে সমালোচনা। নেটিজেনৰ তিক্ত ট্ৰ’লৰ সন্মুখীন হৈছে তেওঁ।

উৰ্ফিৰ এনে পুষ্পসজ্জা দেখি হতবাক তেওঁৰ অনুৰাগী। এজনে প্ৰশ্ন কৰিছে, ‘ফুলটো পৰি গ’লে কি হ’ব?’ কি আশ্চৰ্যকৰ উৰ্ফিৰ শৰীৰ! কেতিয়াবা যদি উৰ্ফিৰ শৰীৰত ওলমিছে তলা-চাবি, কেতিয়াবা সোণালী-ৰূপালী শিকলি। নেটিজেনক সুখী কৰাটোৱে যেন নিত্য কৰ্তব্য হৈ পৰিছে উৰ্ফিৰ।কিন্তু নেটিজেনে কিমান চাব উৰ্ফিৰ একেই শৰীৰ। চাই চাই যেন আমনি লাগিছে নেটিজনৰো। কৰিছে গালিবৰ্ষণ। 'বিগ বছ' অ'টিটি প্লেটফৰ্মৰ পূৰ্বৰ প্ৰতিযোগিজনে শেহতীয়াকৈ পৰ্ণ চলচ্চিত্ৰত অভিনয়ৰো  প্ৰস্তাৱ লাভ কৰিছিল। অৱশ্যে, উৰ্ফিয়ে এনে ধৰণৰ চলচ্চিত্ৰত অভিনয়ৰ বাবে একেবাৰে আগ্ৰহী নহয় বুলি জনাইছিল। কেৱল উন্মুক্ত পোছাক পিন্ধাৰ অৰ্থ এইটো নহয় যে মই পৰ্ণ চলচ্চিত্ৰৰ নায়িকা হ’বলৈ আগবাঢ়িছো’-এনেদৰেই সৰব হৈ পৰিছিল উৰ্ফি। পাছে এতিয়া আৰু উৰ্ফি কাৰো বাবে UNKNOWN হৈ থকা নাই। নিজৰ শৰীৰটো পোছাকেৰে আৱৰি ৰাখিব নজনা জনে পৰ্ণ ছবিত অভিনয়ৰ কথা ক’লে কিয় গৰজি উঠে বুলিও প্ৰশ্ন নেটিজেনৰ।ডেমকেয়াৰ উৰ্ফিৰ উত্তৰলৈ বাট চাইছে নেটিজেনে...!



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ