--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দিল্লী,মুম্বাইত বহি বেপাৰ কৰি আছে জুবিনক লৈ একাংশ মালিকে। ডিষ্ট্ৰিবিউটৰে হিন্দী চিনেমাৰ পৰা ২ শতাংশ লয়।আৰু অসমীয়া চিনেমাৰ পৰা ১০ শতাংশ লয়।

ডিজিটেল ডেস্ক: সদৌ অসম চিনেমাহল মালিক সংস্থাৰ সংবাদমেল। হোটেল এপল' গ্ৰেণ্ডত সংস্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰাৰ সংবাদমেল সম্বোধন।


'ৰৈ ৰৈ বিনালে'ক লৈ সংবাদমেল সম্বোধন। অসমৰ সকলো মানুহে যাতে এই চিনেমাখন চাই তাৰ বাবে আহ্বান।


তেওঁ কয় যে শৃংখলাবদ্ধভাৱে সকলোকে চাবলৈ আহ্বান জনাইছোঁ। যেতিয়ালৈকে অসমৰ ৰাইজে চিনেমাখন চাব তেতিয়ালৈকে চিনেমাহলত চিনেমাখন চলি থাকিব।


হিন্দী চিনেমাতকৈ আমি এইখন চিনেমাক বেছি অগ্ৰাধিকাৰ দিম। চিনেমা হলৰ দাম বৃদ্ধিক লৈ আমিও দুখ প্ৰকাশ কৰিছো।


অসমৰ কোনো থলু্ৱা মালিকে এই কাম কৰা নাই। মাল্টি নেশ্বনেল মালিকগোষ্ঠীয়ে এই কাম কৰি আছে।


আয়ুক্তৰ পৰাও পাৰমিচন লোৱা নাই এইসকল মালিকে। আমি জুবিনক লৈ কোনো বেপাৰ কৰিব বিচৰা নাই।


আমি এইসকলক বয়কট কৰিব লাগে। মই দাবী জনাইছো। অসম গণ পৰিষদ দলক মই ধন্যবাদ জনাইছো তেওঁলোকে চিনেমাহল বুক কৰিছে।


দিল্লী,মুম্বাইত বহি বেপাৰ কৰি আছে জুবিনক লৈ একাংশ মালিকে। ডিষ্ট্ৰিবিউটৰে হিন্দী চিনেমাৰ পৰা ২ শতাংশ লয়।আৰু অসমীয়া চিনেমাৰ পৰা ১০ শতাংশ লয়।


মই আশা কৰিছো ডিষ্ট্ৰিবিউটৰে অসমীয়া চিনেমাৰ পৰা এইবাৰ ১০ শতাংশ কমিচন লোৱাটো বাদ দিয়ক।


গৰিমাৰ লগত কথা পাতি আমাৰ সংস্থাটোৱে চিনেমাখনক লৈ বিশেষ ব্যৱস্থা ল'ম। এইখন চিনেমাৰ লাইফ টাইমৰ বাবে ৰেকৰ্ড থাকি যাব। এসপ্তাহৰ বাবে সকলো চিনেমাহলৰ টিকট বুকিং শেষ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ