--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিয়া ছীডছ স্বাস্থ্যৰ এক আশ্চৰ্যজনক উপাদান। দৈনন্দিন খাদ্যত চিয়া ছীডছ থাকিলে শৰীৰত নানান ধৰণৰ উপকাৰ হয়। চিয়া বীজত আছে আঁহ, ওমেগা-৩ ফেটি এচিড, এন্টিঅক্সিডেন্ট আৰু বিভিন্ন খনিজ পদাৰ্থ, যিয়ে আপোনাৰ শৰীৰ সুস্থ ৰাখিবলৈ বিশেষ সহায় কৰে। 

ইয়াত থকা আঁহে পাচনতন্ত্ৰ উন্নত কৰি খাদ্য সহজে হজম কৰাত সহায় কৰে। বিশেষকৈ, যিসকল লোকে ওজন নিয়ন্ত্ৰণ কৰিবলৈ চাই, তেওঁলোকৰ বাবে চিয়া বীজ এক পৰিপূৰ্ণ বিকল্প।আকাৰত সৰু যদিও ইয়াৰ উপকাৰিতাৰ তালিকা কিন্তু বহুত ডাঙৰ! 

যদি আপুনি বিচাৰে,তেন্তে সাধাৰণ পানীৰ সৈতে চিয়া বীজ মিহলাই পান কৰিব পাৰে, নাইবা স্মুদী, জুস, গাখীৰ বা ছালাদত যোগ কৰিব পাৰে। নিয়মীয়াকৈ খাদ্য তালিকাত যোগ কৰিলে আপুনি পাব সুস্থ, সবল আৰু শক্তিৰে ভৰপূৰ জীৱন।


চিয়া ছীডছৰ উপকাৰিতা

হাড় শক্তিশালী কৰাৰ ক্ষেত্ৰতো চিয়া বীজ এক উৎকৃষ্ট উপাদান। ইয়াত থকা কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছে হাড়ৰ গাঁঠি মজবুত কৰাত সহায় কৰে। গাখীৰৰ লগতো মিহলাই খাব পাৰে, যিয়ে অধিক পুষ্টি যোগায়।

ই পাচনতন্ত্ৰ সুস্থ ৰাখি গেছ আৰু বদহজমৰ সমস্যা কমায়, লগতে শৰীৰটো ডিটক্স কৰিবলৈ সহায় কৰে। নিয়মিত ব্যৱহাৰে কেৱল ওজন নিয়ন্ত্ৰণ নহয়, শৰীৰৰ সামগ্ৰিক স্বাস্থ্যও উন্নত কৰে।

হৃদৰোগ আৰু ডায়েবেটিছ সমগ্ৰ বিশ্বতে এক গুৰুত্বপূৰ্ণ সমস্যা। সৌভাগ্যক্ৰমে, চিয়া বীজে এই দুয়োটা ৰোগৰ আশংকা কমায়। ইয়াত থকা ওমেগা-৩ ফেটি এচিডে হৃদযন্ত্ৰ শক্তিশালী কৰে, ৰক্তসঞ্চালন নিয়ন্ত্রণ কৰে আৰু বেয়া হৈ যোৱা কলেষ্টৰ'ল হ্ৰাস কৰে। আনহাতে, ইয়াৰ আঁহ আৰু এণ্টিঅক্সিডেণ্ট উপাদানে ৰক্তত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডায়েবেটিছৰ আশংকা কমায়।

ওজন বৃদ্ধি আজিকালি বহুতৰে এক চিন্তাৰ কাৰণ। কিন্তু চিয়া বীজে সহজতে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াত থকা আঁহে পেটলৈ দীঘলীয়াকৈ পূৰ্ণতা অনুভৱ কৰায়, যাৰ ফলত অযথা খোৱাৰ প্ৰৱণতা হ্ৰাস পায়। বিশেষকৈ, যদি চিয়া বীজ নেমুৰ ৰসৰ সৈতে খোৱা হয়, তেন্তে ইয়াৰ গুণ আৰু বৃদ্ধি পায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত