--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পাকঘৰত বেঙেনাৰ আদৰ বহু বেছি। বহুলোকে ইয়াক ভাজি বনাই খাই যদিও বহুলোকে পিটিকা কৰি খোৱাটো পচন্দ কৰে। পোৰা বেঙেনাৰ সোৱাদ অসমীয়া মানুহে বৰ ভাল পায়। বেঙেনা কেইবা প্ৰকাৰৰো পোৱা যায়। বেঙেনাত কেলছিয়াম, ফছফৰাছ, লৌহ পদাৰ্থ, পটাছিয়াম তথা মেংগানিজ মধ্যম মাত্ৰাত পোৱা যায়। ইয়াৰ লগতে ভিটামিন এ আৰু ভিটামিন বি কমপ্লেক্স কিছু পৰিমাণে থাকে। বেঙেনাত ৯২% পানী পোৱা যায়।

বেঙেনাৰ গুণাগুণ -

ফাইবাৰ হ'ল এবিধ পোষক পদাৰ্থ, যি শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম কৰি তোলে।

বেঙেনাই শৰীৰৰ ছালক হাইড্ৰেট কৰি ৰাখে আৰু ইয়াক ভিতৰৰ পৰা কোমলতা প্ৰদান কৰে। 

যিসকল ব্যক্তিৰ ছাল আৰু চুলি ৰুক্ষ আৰু শুকান হয়, তেওঁলোকে বেঙেনা খাবলৈ আৰম্ভ কৰি দিয়ক।

বেঙেনাই শৰীৰৰ বৰ্ধিত চৰ্বি নাশ কৰে আৰু কেলৰি হ্ৰাস কৰে। 

বেঙেনাৰ গছত যথেষ্ট পৰিমাণৰ নিউট্ৰিচনচ পোৱা যায়, যি মগজুৰ শ্ৰীবৃদ্ধিৰ বাবে উপযোগী। ই মগজুৰ ফ্ৰি ৰেডিকেলচবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু মগজুৰ বিকাশ সাধন কৰে।

আইৰণ, জিংক, ফোলেট আৰু ভিটামিন এ, বি আৰু চি মানসিক স্বাস্থ্যৰ বাবে উপযোগী বুলি গণ্য কৰা হয়, যিবোৰ বেঙেনাত প্ৰচুৰ পৰিমাণে পোৱা যায়। 

বেঙেনা হৃদৰোগ,যকৃতৰ ৰোগ আৰু কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰতো স্বাস্থ্যবৰ্ধক সুপথ্য।

বেঙেনা মধুমেহ ৰোগীসকলৰ বাবে উপযোগী। ই আপোনাৰ চুগাৰ লেভেল কম কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত