--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তিনিটা বছৰ ধৰি বেয়া ফল প্ৰদৰ্শন কৰা ৯ খন চৰকাৰী খণ্ডৰ বিদ্যালয় চিনাক্ত কৰিছে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।

ডিজিটেল ডেস্ক : ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত এতিয়া পাঠদান কৰাটো গৌণ হৈ পৰিছে। এটা শিক্ষাবৰ্ষত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলক পাঠদানবহির্ভূত কামত জড়িত কৰাৰ লগতে শিক্ষক-শিক্ষার্থীক সহ পাঠ্যক্রমিক বিষয়ৰ নামত উৎসৱ উদযাপনতহে জড়িত কৰাৰ কথা উন্মেচিত হৈছে ২০২৬-২৭ বৰ্ষৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (সংমণ্ডল-২) সদ্যপ্রকাশিত শৈক্ষিক দিনপঞ্জীত। 


একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে বিদ্যালয় শিক্ষা পৰিষদে শৈক্ষিক দিনপঞ্জী প্ৰকাশ কৰিছে। এটা বছৰত ৩৬৫ দিন থাকে যদিও ইয়াৰ ভিতৰত পাঠদানৰ নামত ১৬৭ৰ পৰা ১৭৯ দিনহে ধাৰ্য কৰা হৈছে শৈক্ষিক দিনপঞ্জীত। তাৰ ভিতৰতে দিনপঞ্জী অনুসৰি ৪৪টা সহ পাঠ্যক্রমিক দিৱস উদযাপনৰ দিন ধাৰ্য কৰা হৈছে। বিদ্যালয় শিক্ষা পৰিষদে প্রকাশ কৰা শৈক্ষিক দিনপঞ্জী অনুসৰি উচ্চতৰ মাধ্যমিক শাখাত একাদশ আৰু দ্বাদশ শ্ৰেণীত চৰকাৰী বন্ধ আৰু দেওবাৰৰ বাবে ৮৪ দিন পাঠদান নহয়। 


বছৰটোত কৰ্মদিন ২৮১ দিন যদিও ইয়াৰ ভিতৰত শৈক্ষিক দিনপঞ্জীত একাদশ শ্ৰেণীৰ বাবে ১৬৭টা, দ্বাদশ শ্ৰেণীৰ বাবে ১৭৯টা পাঠদানৰ দিন ধাৰ্য কৰা হৈছে। বছৰটোৰ আধা দিনহে পাঠদানৰ বাবে দিনপঞ্জীত নিৰ্ধাৰণ কৰা হৈছে যদিও বিশ্ব স্বাস্থ্য দিবস, বিশ্ব ধৰিত্ৰী দিৱস, ৰবীন্দ্ৰ জয়ন্তী, বিশ্ব ধঁপাত দিৱস, জনজাতীয় গৌৰৱ দিৱস, সংবিধান দিৱস, বিশ্ব জল দিৱস, বিশ্ব শান্তি দিৱস, বিশ্ব জনসংখ্যা দিৱস, ভাৰতীয় ভাষা উৎসৱ, ৰাষ্ট্ৰীয় একতা দিৱস আদি ৪৪টা দিৱস বা উৎসৱ উদযাপন কৰিবলৈ শৈক্ষিক দিনপঞ্জীত পৰামৰ্শ দিয়া হৈছে।


উল্লেখযোগ্য যে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তিনিটা বছৰ ধৰি বেয়া ফল প্ৰদৰ্শন কৰা ৯ খন চৰকাৰী খণ্ডৰ বিদ্যালয় চিনাক্ত কৰিছে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। ইফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৮৩ খন বিদ্যালয়ে ১০০ শতাংশ ফলাফল লাভ কৰিছে। কিন্তু ইয়াৰ মাজত থকা ৭০ খনেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়। অর্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাত্র ১৪ খনহে চৰকাৰী খণ্ডৰ বিদ্যালয়ে ১০০ শতাংশ সফলতা লাভ কৰিছে। 


ইয়াৰ বিপৰীতে ৰাজ্যৰ ২৪ খন চৰকাৰী বিদ্যালয়ৰ ফল শূন্য হোৱাটোৱে চৰকাৰী শিক্ষাৰ দুৰৱস্থাৰ কথা উন্মোচিত কৰিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ তুলনাত অতি কম সংখ্যক পাঠদানৰ দিন নিৰ্ধাৰণ কৰাৰ পাছতো চৰকাৰী খণ্ডৰ বিদ্যালয়ত উৎসৱকেন্দ্রিক সহ পাঠ্যক্রমিক ব্যৱস্থা বৃদ্ধি পোৱাৰ অভিযোগ শিক্ষক সংগঠনসমূহে উত্থাপন কৰি আহিছে। 


ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰা শৈক্ষিক দিনপঞ্জীত সেই অভিযোগৰ সত্যতা ওলাই পৰিছে। শিক্ষক-শিক্ষার্থীক সহ পাঠ্যক্রমিক শিক্ষাৰ নামত উৎসৱ উদযাপনত ব্যস্ত ৰখাৰ উপৰি বিদ্যালয় সপ্তাহ, বিদ্যালয়ৰ সভা-সমিতি, সাংস্কৃতিক অনুষ্ঠান আদি নিজা কার্যসূচীসমূহ থাকেই। ইয়াৰ মাজতে শিক্ষকসকলক আন কামত ব্যস্ত ৰখা হয়। 


উল্লেখযোগ্য যে যোৱা শৈক্ষিক বর্ষটোত শিক্ষক সমাজক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ বাবে একাধিক অনুশীলন কাৰ্যসূচীত অংশ গ্রহণ কৰা, ভোটাৰ তালিকা সংশোধনৰ বাবে বি এল অ' হিচাপে নিযুক্তি, গুণোৎসৱত আন বিদ্যালয়লৈ মূল্যায়কৰূপে প্ৰেৰণ, পি এম পোষান আদি আঁচনিৰ তথ্য সংগ্ৰহ আৰু আপলোড কৰা, আধাৰ ছেদিং কৰা, আপাৰ আই ডি সৃষ্টি কৰা আৰু বিভিন্ন প'র্টেলত তথ্য আপলোড কৰা আদি কৰ্মত নিয়োজিত হোৱা পৰিস্থিতিৰ মাজত শিক্ষকসকলে অতি কম সময়হে পাঠদান কৰি আহিছে। 


বর্তমান শিক্ষকসকল পাঠদানৰ কৰ্মত নামতহে জড়িত হৈ থাকে। ডাটা অপাৰেটৰ আৰু প্ৰশাসনিক কর্মচাৰী ৰূপে ব্যৱহাৰ কৰা হৈছে ৰাজ্যৰ শিক্ষকসকলক। দৈনন্দিন বিদ্যালয় জীৱনৰ শৈক্ষিক ক্ষতি আনুষ্ঠানিক কামৰ বাহিৰেও কিছুমান অনা শৈক্ষিক কর্মই পাঠদানত ব্যাঘাত কৰাৰ অভিযোগ শিক্ষক সমাজে উত্থাপন কৰি আহিছে। 



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ