--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এইবাৰ চৰকাৰে যোগান ধৰা ইউনিফর্মত কেৱল ৩০-৩৩ শতাংশ কটন মিহলি থকাৰ বিপৰীতে প্ৰায় ৭০ শতাংশ পলিয়েষ্টাৰ মিহলি হৈ আছে। এনে কাপোৰ গৰমত পিন্ধাটো কষ্টকৰ তথা স্বাস্থ্যসন্মত নহয়।

ডিজিটেল ডেস্ক: চৰকাৰী ইউনিফর্মে বিপদ মাতিছে কণ কণ শিক্ষাৰ্থীৰ স্বাস্থ্যলৈ। কিয়নো ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষা বিভাগে যোগান ধৰা বিনামূলীয়া ইউনিফর্মত অতিমাত্রা পলিয়েষ্টাৰ থকাৰ অভিযোগ উত্থাপন হৈছে। 


জানিব পৰা মতে এইবাৰ চৰকাৰে যোগান ধৰা ইউনিফর্মত কেৱল ৩০-৩৩ শতাংশ কটন মিহলি থকাৰ বিপৰীতে প্ৰায় ৭০ শতাংশ পলিয়েষ্টাৰ মিহলি হৈ আছে। এনে কাপোৰ গৰমত পিন্ধাটো কষ্টকৰ তথা স্বাস্থ্যসন্মত নহয়।


এনে কাপোৰ পিন্ধিলে ছাত্র-ছাত্রী বিভিন্ন ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে চৰকাৰে যোগান ধৰা মানহীন ইউনিফৰ্মৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছে অভিভাৱকসকলে। আনকি একাংশ লোকে এই ক্ষেত্ৰত আইনী ব্যৱস্থা গ্রহণ কৰাৰো হুংকাৰ দিছে। 


ইফালে পলিয়েষ্টাৰ মিহলি ইউনিফর্ম শিশুৰ বাবে উপযোগী নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিশু বিশেষজ্ঞ চিকিৎসকসকলেও। কেইবাজনো চিকিৎসকে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে যে শিশুক যদি অধিক পলিয়েষ্টাৰ মিহলি থকা কপোৰ পিন্ধোৱা হয় তেনেহ'লে চর্ম ৰোগ, এলার্জী আদিত শিশু বা কিশোৰ-কিশোৰী আক্রান্ত হ'ব পাৰে। 


ইফালে শিৱসাগৰত এনে নিম্নমানৰ ইউনিফর্ম প্রদানক লৈ অভিভাৱকসকলে তীব্র ক্ষোভ প্রকাশ কৰা দেখিবলৈ পোৱা গৈছে। আনকি এই ক্ষেত্রত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ড আৰু সদৌ অসম ছাত্ৰ সন্থাক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে অভিভাৱকসকলে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ