--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা বছৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা শিক্ষার্থীসকলে একেটা শিক্ষা বৰ্ষতে পুনৰ কম্পার্টমেন্টেল পৰীক্ষাত বহাৰ সুযোগ নাপাব।

ডিজিটেল ডেস্ক: মেট্রিক পৰীক্ষাত অনুত্তীর্ণ সকলৰ বাবে প্রকাশ পালে মেট্ৰিক পৰীক্ষাৰ কম্পার্টমেন্টেল পৰীক্ষাৰ সময়সূচী। অহা ২৯ মে'ৰ পৰা ৫ জুনলৈকে এই পৰীক্ষা অনুষ্ঠিত হ’ব। যিসকল ছাত্র-ছাত্রীয়ে সর্বাধিক তিনিটা বিষয়ত অনুত্তীর্ণ হৈছে, তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব।


মেট্রিকত ন্যূনতম ১৭০ নম্বৰ লাভ কৰা পৰীক্ষার্থীয়ে সর্বাধিক ৩টা বিষয়ত পৰীক্ষা দিব পাৰিব। ইয়াৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'র্ডে ইতিমধ্যে প্রয়োজনীয় নির্দেশনা আৰু সময়সূচী মঙলবাৰে জাৰি কৰে। 


উল্লেখযোগ্য যে এইবাৰ শেষবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষাৰ কম্পার্টমেন্টেল পৰীক্ষা। অহা বছৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা শিক্ষার্থীসকলে একেটা শিক্ষা বৰ্ষতে পুনৰ কম্পার্টমেন্টেল পৰীক্ষাত বহাৰ সুযোগ নাপাব। 


অহা বছৰৰ পৰা কম্পার্টমেন্টেল পৰীক্ষাৰ ব্যৱস্থা নাথাকিব বুলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনটোতেই অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ঘোষণা কৰিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নতুন নীতি নির্দেশনা অনুসৰি সংশোধিত মূল্যায়ন গাঁথনি অনুসৰণ কৰিব লাগিব।


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ