--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা বছৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা শিক্ষার্থীসকলে একেটা শিক্ষা বৰ্ষতে পুনৰ কম্পার্টমেন্টেল পৰীক্ষাত বহাৰ সুযোগ নাপাব।

ডিজিটেল ডেস্ক: মেট্রিক পৰীক্ষাত অনুত্তীর্ণ সকলৰ বাবে প্রকাশ পালে মেট্ৰিক পৰীক্ষাৰ কম্পার্টমেন্টেল পৰীক্ষাৰ সময়সূচী। অহা ২৯ মে'ৰ পৰা ৫ জুনলৈকে এই পৰীক্ষা অনুষ্ঠিত হ’ব। যিসকল ছাত্র-ছাত্রীয়ে সর্বাধিক তিনিটা বিষয়ত অনুত্তীর্ণ হৈছে, তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব।

মেট্রিকত ন্যূনতম ১৭০ নম্বৰ লাভ কৰা পৰীক্ষার্থীয়ে সর্বাধিক ৩টা বিষয়ত পৰীক্ষা দিব পাৰিব। ইয়াৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব'র্ডে ইতিমধ্যে প্রয়োজনীয় নির্দেশনা আৰু সময়সূচী মঙলবাৰে জাৰি কৰে। 

উল্লেখযোগ্য যে এইবাৰ শেষবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষাৰ কম্পার্টমেন্টেল পৰীক্ষা। অহা বছৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা শিক্ষার্থীসকলে একেটা শিক্ষা বৰ্ষতে পুনৰ কম্পার্টমেন্টেল পৰীক্ষাত বহাৰ সুযোগ নাপাব। 

অহা বছৰৰ পৰা কম্পার্টমেন্টেল পৰীক্ষাৰ ব্যৱস্থা নাথাকিব বুলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনটোতেই অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ঘোষণা কৰিছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নতুন নীতি নির্দেশনা অনুসৰি সংশোধিত মূল্যায়ন গাঁথনি অনুসৰণ কৰিব লাগিব।

উৎস: দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ