--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতে ঢাপত ঢাপে আগুৱাই গৈছে। ইছৰোই প্ৰেৰণ কৰা চন্দ্ৰযান- ৩ য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি ইতিহাস সৃষ্টি কৰিছে।চন্দ্ৰযান -৩ৰ সাফল্যৰ সময়তে  আদিত্য এল ১ যান খনে সূৰ্যৰ অভিমুখে  যাত্ৰা কৰিছে। ইছৰোৰ চকু এতিয়া শুক্ৰ গ্ৰহণৰ  ওপৰত ।

 ইছৰোই এইবাৰ শুক্ৰ গ্ৰহলৈ  শুক্ৰ-১ যান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে।ইয়াৰ মাজতে ইছৰোৰ মুৰব্বী এছ সোমনাথে গুজৰাটৰ সোমনাথৰ মহাদেৱ মন্দিৰত প্ৰাৰ্থনা কৰিছে। চন্দ্ৰযান-৩ আৰু আদিত্য এল১ৰ উৎক্ষেপণৰ আগতেও  ইছৰোৰ বিজ্ঞানীসকলক মন্দিৰত প্ৰাৰ্থনা কৰা দেখা গৈছিল। এইবাৰ শুক্ৰ অভিযানৰ পৰিকল্পনাৰ মাজতে ইছৰোৰ মুৰব্বীয়ে প্ৰাৰ্থনা কৰি অভিযানৰ সাফল্যৰ বাবে আশীৰ্বাদ বিচাৰিছে বুলি বহুতে মন্তব্য কৰিছে। কিন্তু ইছৰোৰ লক্ষ্য এইবাৰ শুক্ৰ কিয়? 

দৰাচলতে বিজ্ঞানীসকল শুক্ৰৰ বিষয়ে জানিবলৈ  কৌতূহলী।  শুক্ৰৰ বায়ুমণ্ডল পৃথিৱীৰ বায়ুমণ্ডলতকৈ ১০০ গুণ ডাঠ। গোটেই গ্ৰহটোত কেৱল এচিডেৰে ভৰি আছে।  যিধৰণে প্ৰদূষণ বৃদ্ধি পাইছে, অদূৰ ভৱিষ্যতে পৃথিৱীৰ অৱস্থাও ইমান ভয়ানকেই  হ'ব পাৰে বুলি বহুতে আশংকা কৰিছে।  শুক্ৰক সঠিকভাৱে নিৰীক্ষণ কৰি গ্ৰহটোৰ বিষয়ে তথ্য সংগ্ৰহ কৰাই ইছৰোৰৰ প্ৰধান উদ্দেশ্য।

ইছৰোই শুক্ৰ গ্ৰহ অভিযানৰ পৰিকল্পনা  ২০১২  চনতে কৰিছিল আৰু গ্ৰহটোলৈ প্ৰেৰণ কৰিবলগীয়া যান খনৰো নামকৰণ তেতিয়াই কৰা হৈছিল। শুক্ৰক বিতংভাৱে পৰ্যবেক্ষণ কৰিব পৰাকৈযান খন  সাজু কৰা হ’ব । শুক্ৰ গ্ৰহ জীৱন আছে নেকি? বিজ্ঞানীসকলে বিশ্বাস কৰে যে তাৰ কোনো  সম্ভাৱনা নাই। কিন্তু এয়াও হ'ব পাৰে যে তাত অতি সূক্ষ্ম আদ্যপ্ৰাণী জাতীয় কিবা প্ৰাণী থাকিব পাৰে । শুক্ৰ ১যানে তেনেবোৰ ৰহস্যৰ মোখনি মাৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ