--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতে ঢাপত ঢাপে আগুৱাই গৈছে। ইছৰোই প্ৰেৰণ কৰা চন্দ্ৰযান- ৩ য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি ইতিহাস সৃষ্টি কৰিছে।চন্দ্ৰযান -৩ৰ সাফল্যৰ সময়তে  আদিত্য এল ১ যান খনে সূৰ্যৰ অভিমুখে  যাত্ৰা কৰিছে। ইছৰোৰ চকু এতিয়া শুক্ৰ গ্ৰহণৰ  ওপৰত ।

 ইছৰোই এইবাৰ শুক্ৰ গ্ৰহলৈ  শুক্ৰ-১ যান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে।ইয়াৰ মাজতে ইছৰোৰ মুৰব্বী এছ সোমনাথে গুজৰাটৰ সোমনাথৰ মহাদেৱ মন্দিৰত প্ৰাৰ্থনা কৰিছে। চন্দ্ৰযান-৩ আৰু আদিত্য এল১ৰ উৎক্ষেপণৰ আগতেও  ইছৰোৰ বিজ্ঞানীসকলক মন্দিৰত প্ৰাৰ্থনা কৰা দেখা গৈছিল। এইবাৰ শুক্ৰ অভিযানৰ পৰিকল্পনাৰ মাজতে ইছৰোৰ মুৰব্বীয়ে প্ৰাৰ্থনা কৰি অভিযানৰ সাফল্যৰ বাবে আশীৰ্বাদ বিচাৰিছে বুলি বহুতে মন্তব্য কৰিছে। কিন্তু ইছৰোৰ লক্ষ্য এইবাৰ শুক্ৰ কিয়? 

দৰাচলতে বিজ্ঞানীসকল শুক্ৰৰ বিষয়ে জানিবলৈ  কৌতূহলী।  শুক্ৰৰ বায়ুমণ্ডল পৃথিৱীৰ বায়ুমণ্ডলতকৈ ১০০ গুণ ডাঠ। গোটেই গ্ৰহটোত কেৱল এচিডেৰে ভৰি আছে।  যিধৰণে প্ৰদূষণ বৃদ্ধি পাইছে, অদূৰ ভৱিষ্যতে পৃথিৱীৰ অৱস্থাও ইমান ভয়ানকেই  হ'ব পাৰে বুলি বহুতে আশংকা কৰিছে।  শুক্ৰক সঠিকভাৱে নিৰীক্ষণ কৰি গ্ৰহটোৰ বিষয়ে তথ্য সংগ্ৰহ কৰাই ইছৰোৰৰ প্ৰধান উদ্দেশ্য।

ইছৰোই শুক্ৰ গ্ৰহ অভিযানৰ পৰিকল্পনা  ২০১২  চনতে কৰিছিল আৰু গ্ৰহটোলৈ প্ৰেৰণ কৰিবলগীয়া যান খনৰো নামকৰণ তেতিয়াই কৰা হৈছিল। শুক্ৰক বিতংভাৱে পৰ্যবেক্ষণ কৰিব পৰাকৈযান খন  সাজু কৰা হ’ব । শুক্ৰ গ্ৰহ জীৱন আছে নেকি? বিজ্ঞানীসকলে বিশ্বাস কৰে যে তাৰ কোনো  সম্ভাৱনা নাই। কিন্তু এয়াও হ'ব পাৰে যে তাত অতি সূক্ষ্ম আদ্যপ্ৰাণী জাতীয় কিবা প্ৰাণী থাকিব পাৰে । শুক্ৰ ১যানে তেনেবোৰ ৰহস্যৰ মোখনি মাৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ