--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰণেহে জানে মৰণৰ ঠাই! অসমীয়া সমাজত এনে এক প্ৰবাদ প্ৰচলিত আছে। ইয়াৰ অৰ্থ হৈছে যে যাৰ য'ত মৰণ আছে, তাত তেওঁ চুঁচুৰি-বাগৰি গৈ হলেও মৃত্যুকালত যথাস্থানত উপস্থিত হয়গৈ। গতিকে মৃত্যুকাল উপস্থিত হ'লে মানুহৰ পৰিত্ৰাণ নাই। এই বাক্যশাৰী যেন সঁচা প্ৰমাণিত হ’ল চাৰিজন ভাৰতীয় পৰ্যটকৰ ক্ষেত্ৰত। 

নেপালত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত চাৰিগৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু হয়। নেপালৰ ধাদিং জিলাত এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু এই পথ দুৰ্ঘটনাটোত নেপাল ভ্ৰমণলৈ যোৱা চাৰিগৰাকী পৰ্যটকৰে শোকাৱহ মৃত্যু ঘটে। নেপাল আৰক্ষীয়ে জনোৱা অনুসৰি দেওবাৰে নিশা থাটকাৰে অঞ্চলৰ পৃথিৱী ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয়। চাৰিজন ভাৰতীয় নাগৰিক পোখৰাৰ পৰা কাঠমাণ্ডুলৈ উভতি আহিছিল। দুৰ্ঘটনাটোত গাড়ীখনৰ নেপালী চালকজনো নিহত হৈছিল। 

বাছখন কাঠমাণ্ডুৰ পৰা ধদিং অভিমুখে গৈ আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি মৃতকসকল ভাৰতৰ উত্তৰ প্ৰদেশৰ তানহু জিলাৰ খাইৰেনীৰ বাসিন্দা বিমলচন্দ্ৰ আগৰৱালা (৪০), সাধনা আগৰৱালা (৩৫), সন্ধ্যা আগৰৱালা (৪০), ৰাকেশ আগৰৱালা (৫৫)। নেপালী চালক ৩৬ বছৰীয়া দিল বাহাদুৰ বাসনেটে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। এখন বাছ আৰু ভাৰতীয় পৰ্যটকসকলে যাত্ৰা কৰি থকা বাহনখনৰ মাজৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই কৰুণ পথ দুৰ্ঘটনাটো সংঘটিত হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ