--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰণেহে জানে মৰণৰ ঠাই! অসমীয়া সমাজত এনে এক প্ৰবাদ প্ৰচলিত আছে। ইয়াৰ অৰ্থ হৈছে যে যাৰ য'ত মৰণ আছে, তাত তেওঁ চুঁচুৰি-বাগৰি গৈ হলেও মৃত্যুকালত যথাস্থানত উপস্থিত হয়গৈ। গতিকে মৃত্যুকাল উপস্থিত হ'লে মানুহৰ পৰিত্ৰাণ নাই। এই বাক্যশাৰী যেন সঁচা প্ৰমাণিত হ’ল চাৰিজন ভাৰতীয় পৰ্যটকৰ ক্ষেত্ৰত। 

নেপালত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত চাৰিগৰাকী ভাৰতীয় পৰ্যটকৰ কৰুণ মৃত্যু হয়। নেপালৰ ধাদিং জিলাত এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু এই পথ দুৰ্ঘটনাটোত নেপাল ভ্ৰমণলৈ যোৱা চাৰিগৰাকী পৰ্যটকৰে শোকাৱহ মৃত্যু ঘটে। নেপাল আৰক্ষীয়ে জনোৱা অনুসৰি দেওবাৰে নিশা থাটকাৰে অঞ্চলৰ পৃথিৱী ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয়। চাৰিজন ভাৰতীয় নাগৰিক পোখৰাৰ পৰা কাঠমাণ্ডুলৈ উভতি আহিছিল। দুৰ্ঘটনাটোত গাড়ীখনৰ নেপালী চালকজনো নিহত হৈছিল। 

বাছখন কাঠমাণ্ডুৰ পৰা ধদিং অভিমুখে গৈ আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি মৃতকসকল ভাৰতৰ উত্তৰ প্ৰদেশৰ তানহু জিলাৰ খাইৰেনীৰ বাসিন্দা বিমলচন্দ্ৰ আগৰৱালা (৪০), সাধনা আগৰৱালা (৩৫), সন্ধ্যা আগৰৱালা (৪০), ৰাকেশ আগৰৱালা (৫৫)। নেপালী চালক ৩৬ বছৰীয়া দিল বাহাদুৰ বাসনেটে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। এখন বাছ আৰু ভাৰতীয় পৰ্যটকসকলে যাত্ৰা কৰি থকা বাহনখনৰ মাজৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই কৰুণ পথ দুৰ্ঘটনাটো সংঘটিত হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত