--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ প্ৰাচীনতম জীৱ হৈছে কাছ। কাছ বহু বছৰ ধৰি জীয়াই থাকিব পাৰে। কাছবোৰ ১০০ বছৰতকৈও অধিক কাল জীয়াই থাকে। পৃথিৱীৰ আটাইতকৈ পুৰণি কাছটো কোন জানেনে? পৃথিৱীৰ আটাইতকৈ পুৰণি কাছটোৰ নাম জনাথন। এই কাছটোৱে 'গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত নিজৰ নাম সন্নিৱিষ্ট কৰিছে। এই বছৰ জনাথনে ১৯০ সংখ্যক জন্মদিন উদযাপন কৰিছে। অৰ্থাৎ সি এতিয়া পৃথিৱীৰ আটাইতকৈ পুৰণি কাছ। 


আগতে এই অভিলেখটো টুই মালেলা নামৰ এটা কাছৰ নামত আছিল, যি প্ৰায় ১৮৮ বছৰ ধৰি জীয়াই আছিল।জনাথনৰ জন্ম হৈছিল ১৮৩২ চনত। ২০২২ চনত জনাথন ১৯০ বছৰীয়া হয়। জনাথনক ১৮৮২ চনত চেচেলছৰ পৰা দক্ষিণ আটলাণ্টিক দ্বীপৰ ছেইণ্ট হেলেনালৈ অনা হৈছিল। তাৰ লগত আন তিনিটা কাছও আছিল। ১৯৩০ চনত চেইণ্ট হেলেনাৰ গভৰ্ণৰ স্পেন্সাৰ ডেভিছে কাছটোৰ নাম জনাথন দিয়ে। জনাথনে তেওঁৰ জীৱনৰ বেছিভাগ সময় ৰাজ্যপালৰ ঘৰত অতিবাহিত কৰিছে, য'ত সি আন তিনিটা বিশাল কাছৰ সংগ উপভোগ কৰে। 


অৱশ্যে জনাথন মানুহৰ প্ৰতিও যথেষ্ট আগ্ৰহী।জনাথনৰ জন্মৰ সময়ছোৱাৰ পৰা পৃথিৱীত বহুতো আৱিষ্কাৰ হৈছে যেনে কম্পিউটাৰ, বাণিজ্যিক বিমান, প্ৰথম স্কাই স্ক্ৰেপাৰ আদি। আইফেল টাৱাৰো নিৰ্মাণ কৰা হৈছিল। পৃথিৱীৰ প্ৰথম মানৱ আলোকচিত্ৰ (১৮৩৮) তোলা হৈছিল আৰু এনে বহুতো উপাদান আৱিষ্কাৰ হৈছিল। উল্লেখ্য যে জনাথনে চানবাথ কৰিবলৈ বৰ ভাল পায়। কিন্তু গৰমৰ দিনবোৰত সি ছাঁত জিৰাই ভালপায়। বন্ধাকবি, তিয়ঁহ, গাজৰ, আপেল, কল, চালাড পাত আৰু ঋতুৰ অন্যান্য ফলবোৰ জনাথনৰ প্ৰিয়। অৱশ্যে বৰ্ধিত বয়সৰ বাবে জনাথনৰ দৃষ্টিশক্তি কমিছে। গোন্ধ লোৱাৰ শক্তিও তাৰ নাইকিয়া হৈছে। কিন্তু জনাথনে কাণেৰে ভালদৰে শুনে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ