--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ প্ৰাচীনতম জীৱ হৈছে কাছ। কাছ বহু বছৰ ধৰি জীয়াই থাকিব পাৰে। কাছবোৰ ১০০ বছৰতকৈও অধিক কাল জীয়াই থাকে। পৃথিৱীৰ আটাইতকৈ পুৰণি কাছটো কোন জানেনে? পৃথিৱীৰ আটাইতকৈ পুৰণি কাছটোৰ নাম জনাথন। এই কাছটোৱে 'গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ'ত নিজৰ নাম সন্নিৱিষ্ট কৰিছে। এই বছৰ জনাথনে ১৯০ সংখ্যক জন্মদিন উদযাপন কৰিছে। অৰ্থাৎ সি এতিয়া পৃথিৱীৰ আটাইতকৈ পুৰণি কাছ। 


আগতে এই অভিলেখটো টুই মালেলা নামৰ এটা কাছৰ নামত আছিল, যি প্ৰায় ১৮৮ বছৰ ধৰি জীয়াই আছিল।জনাথনৰ জন্ম হৈছিল ১৮৩২ চনত। ২০২২ চনত জনাথন ১৯০ বছৰীয়া হয়। জনাথনক ১৮৮২ চনত চেচেলছৰ পৰা দক্ষিণ আটলাণ্টিক দ্বীপৰ ছেইণ্ট হেলেনালৈ অনা হৈছিল। তাৰ লগত আন তিনিটা কাছও আছিল। ১৯৩০ চনত চেইণ্ট হেলেনাৰ গভৰ্ণৰ স্পেন্সাৰ ডেভিছে কাছটোৰ নাম জনাথন দিয়ে। জনাথনে তেওঁৰ জীৱনৰ বেছিভাগ সময় ৰাজ্যপালৰ ঘৰত অতিবাহিত কৰিছে, য'ত সি আন তিনিটা বিশাল কাছৰ সংগ উপভোগ কৰে। 


অৱশ্যে জনাথন মানুহৰ প্ৰতিও যথেষ্ট আগ্ৰহী।জনাথনৰ জন্মৰ সময়ছোৱাৰ পৰা পৃথিৱীত বহুতো আৱিষ্কাৰ হৈছে যেনে কম্পিউটাৰ, বাণিজ্যিক বিমান, প্ৰথম স্কাই স্ক্ৰেপাৰ আদি। আইফেল টাৱাৰো নিৰ্মাণ কৰা হৈছিল। পৃথিৱীৰ প্ৰথম মানৱ আলোকচিত্ৰ (১৮৩৮) তোলা হৈছিল আৰু এনে বহুতো উপাদান আৱিষ্কাৰ হৈছিল। উল্লেখ্য যে জনাথনে চানবাথ কৰিবলৈ বৰ ভাল পায়। কিন্তু গৰমৰ দিনবোৰত সি ছাঁত জিৰাই ভালপায়। বন্ধাকবি, তিয়ঁহ, গাজৰ, আপেল, কল, চালাড পাত আৰু ঋতুৰ অন্যান্য ফলবোৰ জনাথনৰ প্ৰিয়। অৱশ্যে বৰ্ধিত বয়সৰ বাবে জনাথনৰ দৃষ্টিশক্তি কমিছে। গোন্ধ লোৱাৰ শক্তিও তাৰ নাইকিয়া হৈছে। কিন্তু জনাথনে কাণেৰে ভালদৰে শুনে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল