--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাৰ্থত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট মেচত জয়লাভ কৰাৰ পিছত দ্বিতীয়খন মেচত এডিলেইড অ’ভেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হয় ভাৰতীয় দলটো। আজি মেচৰ প্ৰথম দিনা ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও ১৮০ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়।  এই ইনিংছত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে নীতিশ কুমাৰ ৰেড্ডীয়ে। ইনিংছত তিনিটা ছয় সংগ্ৰহ কৰি ঈৰ্ষণীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়৷

উল্লেখযোগ্য যে কেৰিয়াৰৰ মাত্ৰ দ্বিতীয়খন টেষ্টত এই সাফল্য অৰ্জন কৰিছে অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে৷ পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত জাতীয় দলৰ হৈ টেষ্ট অভিষেক ঘটোৱা যুৱ তাৰকা গৰাকী প্ৰথমখন মেচতে উজলি উঠিছিল ৷

পাৰ্থতো প্ৰথম ইনিংছত ভাৰতৰ বেটিং বিপৰ্যয়ৰ মাজত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল যুৱ তাৰকা গৰাকীয়ে। ৫৪ টা বলত তিনিটাকৈ চাৰি আৰু ছয়েৰে এই ইনিংছটো সজাইছিল। আজি এডিলেইডতো ভাৰতীয় ইনিংছত যুৱ তাৰকা নীতিশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক ৪২ ৰানসংগ্ৰহ কৰে৷ 

পাৰ্থত কেৰিয়াৰৰ প্ৰথমটো টেষ্ট ইনিংছ খেলা নীতিশে ৫৯টা বলত ৪১ ৰান সংগ্ৰহ কৰিছিল। এই ইনিংছটোত ১টা ছয় সংগ্ৰহ কৰে। টেষ্টখনৰ দ্বিতীয়টো ইনিংছত অপৰাজিত ৩৮ ৰান সংগ্ৰহ কৰা ইনিংছটোত ২টা ছয় সংগ্ৰহ কৰে।এডিলেইডত প্ৰথম ইনিংছত তিনিটা ছয় কোবোৱাৰ লগে লগে  টেষ্টত মুঠ সংখ্যা ৬টা ছয় সংগ্ৰ কৰিবলৈ সক্ষম হৈছে।

নীতিশ কুমাৰ ৰেড্ডীয়ে অষ্ট্ৰেলিয়াৰ ভূমিত টেষ্টত সৰ্বাধিক ছয় কোবোৱাৰ ক্ষেত্ৰত বিৰাট কোহলী, মহেন্দ্ৰ সিং ধোনী, সৌৰভ গাংগুলী, ভিভিএছ লক্ষ্মণ, কপিল দেৱ আৰু ৰাহুল দ্ৰাবিড়ৰ দৰে ভাৰতৰ কিংবদন্তি তাৰকাক অতিক্ৰম কৰিছে। সামগ্ৰিকভাৱে এই বিষয়ত ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ক্ৰীছ গেইলে ১০টা ইনিংছত ১২টা ছয় আৰু ভিভ ৰিচাৰ্ডছ ৩৯ ইনিংছত ১২টা ছয়েৰে শীৰ্ষত আছে।

চলিত এডিলেইড টেষ্টৰ এটা ইনিংছ এতিয়াও বাকী থকাৰ পৰিপ্ৰেক্ষিতত এডিলেইডৰ দ্বিতীয়টো ইনিংছত নীতিশ কুমাৰ ৰেড্ডীয়ে চলিত ফৰ্ম ৰক্ষা কৰি দলৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ