--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাৰ্থত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট মেচত জয়লাভ কৰাৰ পিছত দ্বিতীয়খন মেচত এডিলেইড অ’ভেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হয় ভাৰতীয় দলটো। আজি মেচৰ প্ৰথম দিনা ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও ১৮০ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়।  এই ইনিংছত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে নীতিশ কুমাৰ ৰেড্ডীয়ে। ইনিংছত তিনিটা ছয় সংগ্ৰহ কৰি ঈৰ্ষণীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়৷

উল্লেখযোগ্য যে কেৰিয়াৰৰ মাত্ৰ দ্বিতীয়খন টেষ্টত এই সাফল্য অৰ্জন কৰিছে অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে৷ পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত জাতীয় দলৰ হৈ টেষ্ট অভিষেক ঘটোৱা যুৱ তাৰকা গৰাকী প্ৰথমখন মেচতে উজলি উঠিছিল ৷

পাৰ্থতো প্ৰথম ইনিংছত ভাৰতৰ বেটিং বিপৰ্যয়ৰ মাজত সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল যুৱ তাৰকা গৰাকীয়ে। ৫৪ টা বলত তিনিটাকৈ চাৰি আৰু ছয়েৰে এই ইনিংছটো সজাইছিল। আজি এডিলেইডতো ভাৰতীয় ইনিংছত যুৱ তাৰকা নীতিশ কুমাৰ ৰেড্ডীয়ে সৰ্বাধিক ৪২ ৰানসংগ্ৰহ কৰে৷ 

পাৰ্থত কেৰিয়াৰৰ প্ৰথমটো টেষ্ট ইনিংছ খেলা নীতিশে ৫৯টা বলত ৪১ ৰান সংগ্ৰহ কৰিছিল। এই ইনিংছটোত ১টা ছয় সংগ্ৰহ কৰে। টেষ্টখনৰ দ্বিতীয়টো ইনিংছত অপৰাজিত ৩৮ ৰান সংগ্ৰহ কৰা ইনিংছটোত ২টা ছয় সংগ্ৰহ কৰে।এডিলেইডত প্ৰথম ইনিংছত তিনিটা ছয় কোবোৱাৰ লগে লগে  টেষ্টত মুঠ সংখ্যা ৬টা ছয় সংগ্ৰ কৰিবলৈ সক্ষম হৈছে।

নীতিশ কুমাৰ ৰেড্ডীয়ে অষ্ট্ৰেলিয়াৰ ভূমিত টেষ্টত সৰ্বাধিক ছয় কোবোৱাৰ ক্ষেত্ৰত বিৰাট কোহলী, মহেন্দ্ৰ সিং ধোনী, সৌৰভ গাংগুলী, ভিভিএছ লক্ষ্মণ, কপিল দেৱ আৰু ৰাহুল দ্ৰাবিড়ৰ দৰে ভাৰতৰ কিংবদন্তি তাৰকাক অতিক্ৰম কৰিছে। সামগ্ৰিকভাৱে এই বিষয়ত ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ক্ৰীছ গেইলে ১০টা ইনিংছত ১২টা ছয় আৰু ভিভ ৰিচাৰ্ডছ ৩৯ ইনিংছত ১২টা ছয়েৰে শীৰ্ষত আছে।

চলিত এডিলেইড টেষ্টৰ এটা ইনিংছ এতিয়াও বাকী থকাৰ পৰিপ্ৰেক্ষিতত এডিলেইডৰ দ্বিতীয়টো ইনিংছত নীতিশ কুমাৰ ৰেড্ডীয়ে চলিত ফৰ্ম ৰক্ষা কৰি দলৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post