--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুজি খাই বহুতেই ভালপায়। চুজি ৰান্ধি গৃহিণীয়েও বৰ ভালপায় কাৰণ অতি কম সময়তে ইয়াক ৰান্ধিব পাৰি। চুজি খালে পেটো ভৰি যায়। চুজিৰ হালৱা মানুহৰ মাজত অতি জনপ্ৰিয় এক খাদ্য। কিছুমান ধৰ্মীয় কামকাজত চুজিৰ হালৱাও প্ৰসাদ হিচাপে আগবঢ়োৱা হয়। চুজিৰ লাৰু খাবলৈও বৰ সোৱাদ। চুজিৰে পিঠাও বনাব পাৰি। ফাইবাৰ সমৃদ্ধ স্বাস্থ্যকৰ চুজি আমাৰ শৰীৰৰ পক্ষে বৰ উপকাৰী। চুজি গাখীৰ, চেনিৰ সৈতে মিঠা কৰি বা পাচলিৰ সৈতে মিহলাই নিমখীয়া কৰি খাব পৰা যায়। বেছিভাগ মানুহে মিঠা চুজি খায়ে ভাল পায়। ইয়াৰ পৰা শৰীৰে পুষ্টি আহৰণ কৰে। চুজিৰ সৈতে প্রোটিন আৰু ফাইবাৰ সমৃদ্ধ খাদ্য যোগ কৰিলে শৰীৰৰ পক্ষে খুবেই ভাল। সুস্বাদু চুজিৰ আছে বহু উপকাৰী গুণ। আহকচোন জানো চুজিৰ উপকাৰিতাৰ বিষয়ে-
১)চুজিয়ে আমাৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। কাৰণ চুজি কার্বোহাইড্রেট সমৃদ্ধ হোৱাত ই খাদ্য শক্তি আৰু শক্তি বৃদ্ধিত সহায় কৰে। 

২)চুজিত প্রচুৰ পৰিমাণে আয়ৰণ থাকে, চুজি খালে শৰীৰত আয়ৰণৰ অভাৱ দূৰ হয়।

৩)ৰক্ত সঞ্চালননতো সহায় কৰে চুজিয়ে। 

৪)চুজিত থকা কেলচিয়ামে হাড় মজবুত কৰাত সহায় কৰে।

৫)চুজিত আছে মেগনেছিয়া, জিংক আৰু ফছফৰাছ ইত্যাদি বিভিন্ন উপাদান। এই উপাদানবোৰ আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। এই উপাদানবোৰে আমাৰ স্নায়ুতন্ত্র সুস্থ ৰখাত সাহায় কৰে।
 ৬)চুজিত কলেষ্টেৰল নাথাকে।সেয়ে ই শৰীৰৰ কোনো ধৰণৰ ক্ষতি নকৰে।

৭)হার্টৰ বাবেও ভাল চুজি। 

৮)ওজন হ্রাসত সহায় কৰে চুজিয়ে।

গতিকে আহক ফাষ্টফুডৰ প্ৰতি লালসা নকৰি ঘৰতে সহজতে ৰান্ধিব পৰা চুজি খাই আমি নিজকে স্বাস্থ্যৱান কৰি ৰাখো।






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ