--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চুলি সৰা সমস্যা অৰ্থাৎ পৰিৱৰ্তনশীল জীৱনশৈলীৰ বাবে চুলি সৰা এক সাধাৰণ সমস্যা হৈ পৰিছে। ইয়াৰ উপৰি শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ অভাৱৰ বাবেও চুলি সৰা দৰে সমস্যাসমূহ দেখিবলৈ পোৱা যায়। সেয়েহে আমি আহাৰত কোনবোৰ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰো জানো আহক।

 উল্লেখ্য যে, অপুষ্টি, পৰিৱৰ্তিত জলবায়ু, পানী আৰু মানসিক চাপ হৈছে চুলি সৰাৰ মুখ্য কাৰণ। ইয়াৰ উপৰি পৰিৱৰ্তনশীল বতৰৰ বাবে বহু লোকে চুলি সৰা দৰে সমস্যাত ভুগি থকা দেখা যায়। গতিকে আহাৰত এইসমূহ খাদ্য অন্তৰ্ভুক্ত কৰি চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰো, কিয়নো অপুষ্টিও চুলি সৰা এটা প্ৰধান কাৰণ।

 খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য-

১. শুকান ফলঃ-বেছিভাগ লোকে বিভিন্ন ধৰণৰ চেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰা দেখা যায়। কিন্তু বহু সময়ত চেম্পু আৰু কণ্ডিছনাৰ সলনি কৰাৰ পাছতো চুলি সৰা সমস্যাটো কম নহয়। প্ৰকৃততে ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ অভাৱ। সেয়েহে চুলি স্বাস্থ্যকৰ কৰিবলৈ দৈনন্দিন আহাৰত শুকান ফল অন্তৰ্ভুক্ত কৰিব লাগে। কিয়নো শুকান ফলত যথেষ্ট পৰিমাণৰ পুষ্টি থাকে। যেনে-ফেটি এচিড, অমেগা-৩, ভিটামিন-ই ইত্যাদি। যিয়ে চুলি শক্তিশালী কৰাত সহায় কৰে।

 ২. কণীঃ-চুলি শক্তিশালী কৰা আন এবিধ খাদ্য হৈছে কণী। কণী খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ উপৰি ‘হেয়াৰ মাস্ক’ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। ‘হেয়াৰ মাস্কে’ শিপাৰ পৰা চুলি শক্তিশালী কৰে। কাৰণ কণীত যথেষ্ট পৰিমাণে প্ৰ'টিন পোৱা যায়, যিয়ে চুলি শিপাৰ পৰা শক্তিশালী কৰাত সহায় কৰে।

 ৩. সামুদ্ৰিক খাদ্যঃ-চুলি সৰাত ভুগি থকা লোকসকলে নিশ্চিতভাৱে তেওঁলোকৰ আহাৰত সামুদ্ৰিক খাদ্য (Seafood) অন্তৰ্ভুক্ত কৰিব পাৰে। সামুদ্ৰিক খাদ্য সেৱনেও চুলি শক্তিশালী কৰে। কাৰণ সাগৰীয় মাছ যেনে-ছালমন আৰু হিলছাত যথেষ্ট পৰিমাণৰ ফেটি এচিড, ভিটামিন-ডি, অমেগা-৩ থাকে। যি চুলি আৰু ছালৰ বাবে অতি উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ