--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চুলি সৰা সমস্যা অৰ্থাৎ পৰিৱৰ্তনশীল জীৱনশৈলীৰ বাবে চুলি সৰা এক সাধাৰণ সমস্যা হৈ পৰিছে। ইয়াৰ উপৰি শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ অভাৱৰ বাবেও চুলি সৰা দৰে সমস্যাসমূহ দেখিবলৈ পোৱা যায়। সেয়েহে আমি আহাৰত কোনবোৰ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰো জানো আহক।

 উল্লেখ্য যে, অপুষ্টি, পৰিৱৰ্তিত জলবায়ু, পানী আৰু মানসিক চাপ হৈছে চুলি সৰাৰ মুখ্য কাৰণ। ইয়াৰ উপৰি পৰিৱৰ্তনশীল বতৰৰ বাবে বহু লোকে চুলি সৰা দৰে সমস্যাত ভুগি থকা দেখা যায়। গতিকে আহাৰত এইসমূহ খাদ্য অন্তৰ্ভুক্ত কৰি চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰো, কিয়নো অপুষ্টিও চুলি সৰা এটা প্ৰধান কাৰণ।

 খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য-

১. শুকান ফলঃ-বেছিভাগ লোকে বিভিন্ন ধৰণৰ চেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰা দেখা যায়। কিন্তু বহু সময়ত চেম্পু আৰু কণ্ডিছনাৰ সলনি কৰাৰ পাছতো চুলি সৰা সমস্যাটো কম নহয়। প্ৰকৃততে ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ অভাৱ। সেয়েহে চুলি স্বাস্থ্যকৰ কৰিবলৈ দৈনন্দিন আহাৰত শুকান ফল অন্তৰ্ভুক্ত কৰিব লাগে। কিয়নো শুকান ফলত যথেষ্ট পৰিমাণৰ পুষ্টি থাকে। যেনে-ফেটি এচিড, অমেগা-৩, ভিটামিন-ই ইত্যাদি। যিয়ে চুলি শক্তিশালী কৰাত সহায় কৰে।

 ২. কণীঃ-চুলি শক্তিশালী কৰা আন এবিধ খাদ্য হৈছে কণী। কণী খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ উপৰি ‘হেয়াৰ মাস্ক’ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। ‘হেয়াৰ মাস্কে’ শিপাৰ পৰা চুলি শক্তিশালী কৰে। কাৰণ কণীত যথেষ্ট পৰিমাণে প্ৰ'টিন পোৱা যায়, যিয়ে চুলি শিপাৰ পৰা শক্তিশালী কৰাত সহায় কৰে।

 ৩. সামুদ্ৰিক খাদ্যঃ-চুলি সৰাত ভুগি থকা লোকসকলে নিশ্চিতভাৱে তেওঁলোকৰ আহাৰত সামুদ্ৰিক খাদ্য (Seafood) অন্তৰ্ভুক্ত কৰিব পাৰে। সামুদ্ৰিক খাদ্য সেৱনেও চুলি শক্তিশালী কৰে। কাৰণ সাগৰীয় মাছ যেনে-ছালমন আৰু হিলছাত যথেষ্ট পৰিমাণৰ ফেটি এচিড, ভিটামিন-ডি, অমেগা-৩ থাকে। যি চুলি আৰু ছালৰ বাবে অতি উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ