--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত নিজকে সুস্থ কৰি ৰাখিবলৈ বহু লোকে বহু উপায় অৱলম্বন কৰা দেখা যায়। কাৰণ গৰমৰ ফলত শৰীৰ পৰা অত্যধিক ঘাম বাহিৰ হৈ পৰাৰ বাবে শৰীৰত পানীৰ অভাৱ ঘটে। এনে অৱস্থাত কিছুমান পাচলিয়ে আমাক যথেষ্ট পৰিমাণে পানী যোগান ধৰাত সহায় কৰে। ইয়াৰ উপৰি এই পাচলি সেৱনে শৰীৰ, পেট যথেষ্ট ঠাণ্ডা কৰি ৰখাৰ লগতে ঋতুগত ৰোগৰ পৰাও আমাক দূৰত ৰাখে।

আনহাতে, গ্ৰীষ্মকালত সাধাৰণতে মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখা যায়, যেনে-ডায়েৰিয়া, পেটৰ বিষ, বমি আৰু বদহজম আদি। আনকি ৰ’দৰ তাপৰ ফলত ষ্ট্ৰোকৰ আশংকাও বৃদ্ধি পায়। এনে পৰিস্থিতিত শৰীৰ আৰু পেট শীতল ৰাখিবলৈ সেয়েহে আহাৰত ঋতুগত ফল আৰু পাচলি অন্তৰ্ভুক্ত কৰাৰ লগতে পানীৰ অভাৱ দূৰ কৰিব পাৰি। সেয়েহে জানো আহক কোনবোৰ খাদ্যই আমাক হাইড্ৰেটেড কৰি ৰখাৰ উপৰি শৰীৰ স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰখাত সহায় কৰে।

 ১. তিয়ঁহঃ-গৰমৰ দিনত তিয়ঁহ খাব লাগে কাৰণ তিয়ঁহত যথেষ্ট পৰিমাণে পানী থাকে। তিয়ঁহে পেট ঠাণ্ডা কৰাৰ লগতে শৰীৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। কাৰণ তিয়ঁহত এনে বহুতো পুষ্টি আছে যিয়ে আমাক গ্ৰীষ্মকালত বহু ৰোগৰ পৰা সুৰক্ষা দিয়ে। তিয়ঁহত এণ্টিঅক্সিডেণ্ট, ভিটামিন-কে আৰু ভিটামিন-চি থাকে। গ্ৰীষ্মকালত তিয়ঁহে শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে।

 ২. পানীলাওঃ- পানীলাও হৈছে পাকস্থলীৰ বাবে এক অতি উপকাৰী পাচলি। পানীলাও হৈছে পুষ্টিৰ ভাণ্ডাৰ, সেয়েহে যিকোনো ঋতুতে পানীলাও খাব পাৰি। কিন্তু গ্ৰীষ্মকালত পানীলাও অতি উপকাৰী, কাৰণ পানীলাওত থকা কেলছিয়ামে হাড় শক্তিশালী কৰাৰ লগতে পেটৰ সমস্যা, উচ্চ কলেষ্টৰেল আৰু ব্লাড ছুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

 ৩. তিতা কেৰেলাঃ-গ্ৰীষ্মকালীন পাচলিৰ ভিতৰত তিতা কেৰেলা অতি উপকাৰী। তিতা কেৰেলাৰ খোৱাদ তিতা হ’লেও ই কিন্তু স্বাস্থ্যৰ বাবে অতি উপকাৰী। কাৰণ তিতা কেৰেলাত ভিটামিন-চি, আইৰন, কেলছিয়াম আৰু পটাছিয়াম থাকে, যি পাচনতন্ত্ৰক যথেষ্ট সহায় কৰে। তিতা কেৰেলাই ব্লাড ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে। গ্ৰীষ্মকালত তিতা কেৰেলাই শৰীৰ শীতল কৰে।

 ৪. বীনঃ-গ্ৰীষ্মকালত নিশ্চিতভাৱে প্ৰ'টিনসমৃদ্ধ বীন পাচলিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। বীন হৈছে এক কম কেলৰিযুক্ত পাচলি যি ওজন হ্ৰাস কৰাত সহায় কৰে। বীনবোৰ যথেষ্ট পাতল আৰু আঁহসমৃদ্ধ বাবে বীনে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ভিটামিন-কে, প্ৰ'টিন, আইৰন, জিংক আৰু এণ্টিঅক্সিডেণ্টৰ এক ভাল উৎস বীন।

 ৫. সেউজীয়া শাক-পাচলিঃ-গ্ৰীষ্মকালত আহাৰত পালেং, লাই-লফা আৰু পুদিনা আদিৰ দৰে সেউজীয়া শাক-পাচলি পাচলি অধিক খাব লাগে। এইসমূহ পাচলিৰ চুপ, দাইল, পৰঠা বা চালাড আদি কৰিও খাব পাৰে। সেউজীয়া পাচলিয়ে শৰীৰক আইৰন প্ৰদান কৰে আৰু বহুতো খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰে। সেউজীয়া পাচলিত যথেষ্ট পৰিমাণে পানী থাকে যি গ্ৰীষ্মকালত অতি উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ