--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত নিজকে সুস্থ কৰি ৰাখিবলৈ বহু লোকে বহু উপায় অৱলম্বন কৰা দেখা যায়। কাৰণ গৰমৰ ফলত শৰীৰ পৰা অত্যধিক ঘাম বাহিৰ হৈ পৰাৰ বাবে শৰীৰত পানীৰ অভাৱ ঘটে। এনে অৱস্থাত কিছুমান পাচলিয়ে আমাক যথেষ্ট পৰিমাণে পানী যোগান ধৰাত সহায় কৰে। ইয়াৰ উপৰি এই পাচলি সেৱনে শৰীৰ, পেট যথেষ্ট ঠাণ্ডা কৰি ৰখাৰ লগতে ঋতুগত ৰোগৰ পৰাও আমাক দূৰত ৰাখে।

আনহাতে, গ্ৰীষ্মকালত সাধাৰণতে মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখা যায়, যেনে-ডায়েৰিয়া, পেটৰ বিষ, বমি আৰু বদহজম আদি। আনকি ৰ’দৰ তাপৰ ফলত ষ্ট্ৰোকৰ আশংকাও বৃদ্ধি পায়। এনে পৰিস্থিতিত শৰীৰ আৰু পেট শীতল ৰাখিবলৈ সেয়েহে আহাৰত ঋতুগত ফল আৰু পাচলি অন্তৰ্ভুক্ত কৰাৰ লগতে পানীৰ অভাৱ দূৰ কৰিব পাৰি। সেয়েহে জানো আহক কোনবোৰ খাদ্যই আমাক হাইড্ৰেটেড কৰি ৰখাৰ উপৰি শৰীৰ স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰখাত সহায় কৰে।

 ১. তিয়ঁহঃ-গৰমৰ দিনত তিয়ঁহ খাব লাগে কাৰণ তিয়ঁহত যথেষ্ট পৰিমাণে পানী থাকে। তিয়ঁহে পেট ঠাণ্ডা কৰাৰ লগতে শৰীৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। কাৰণ তিয়ঁহত এনে বহুতো পুষ্টি আছে যিয়ে আমাক গ্ৰীষ্মকালত বহু ৰোগৰ পৰা সুৰক্ষা দিয়ে। তিয়ঁহত এণ্টিঅক্সিডেণ্ট, ভিটামিন-কে আৰু ভিটামিন-চি থাকে। গ্ৰীষ্মকালত তিয়ঁহে শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে।

 ২. পানীলাওঃ- পানীলাও হৈছে পাকস্থলীৰ বাবে এক অতি উপকাৰী পাচলি। পানীলাও হৈছে পুষ্টিৰ ভাণ্ডাৰ, সেয়েহে যিকোনো ঋতুতে পানীলাও খাব পাৰি। কিন্তু গ্ৰীষ্মকালত পানীলাও অতি উপকাৰী, কাৰণ পানীলাওত থকা কেলছিয়ামে হাড় শক্তিশালী কৰাৰ লগতে পেটৰ সমস্যা, উচ্চ কলেষ্টৰেল আৰু ব্লাড ছুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

 ৩. তিতা কেৰেলাঃ-গ্ৰীষ্মকালীন পাচলিৰ ভিতৰত তিতা কেৰেলা অতি উপকাৰী। তিতা কেৰেলাৰ খোৱাদ তিতা হ’লেও ই কিন্তু স্বাস্থ্যৰ বাবে অতি উপকাৰী। কাৰণ তিতা কেৰেলাত ভিটামিন-চি, আইৰন, কেলছিয়াম আৰু পটাছিয়াম থাকে, যি পাচনতন্ত্ৰক যথেষ্ট সহায় কৰে। তিতা কেৰেলাই ব্লাড ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে। গ্ৰীষ্মকালত তিতা কেৰেলাই শৰীৰ শীতল কৰে।

 ৪. বীনঃ-গ্ৰীষ্মকালত নিশ্চিতভাৱে প্ৰ'টিনসমৃদ্ধ বীন পাচলিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। বীন হৈছে এক কম কেলৰিযুক্ত পাচলি যি ওজন হ্ৰাস কৰাত সহায় কৰে। বীনবোৰ যথেষ্ট পাতল আৰু আঁহসমৃদ্ধ বাবে বীনে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ভিটামিন-কে, প্ৰ'টিন, আইৰন, জিংক আৰু এণ্টিঅক্সিডেণ্টৰ এক ভাল উৎস বীন।

 ৫. সেউজীয়া শাক-পাচলিঃ-গ্ৰীষ্মকালত আহাৰত পালেং, লাই-লফা আৰু পুদিনা আদিৰ দৰে সেউজীয়া শাক-পাচলি পাচলি অধিক খাব লাগে। এইসমূহ পাচলিৰ চুপ, দাইল, পৰঠা বা চালাড আদি কৰিও খাব পাৰে। সেউজীয়া পাচলিয়ে শৰীৰক আইৰন প্ৰদান কৰে আৰু বহুতো খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰে। সেউজীয়া পাচলিত যথেষ্ট পৰিমাণে পানী থাকে যি গ্ৰীষ্মকালত অতি উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান