--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে ৱাকফ বিধেয়কক লৈ চলিথকা বিতৰ্কৰ মাজতে অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৩০ নৱেম্বৰ, শনিবাৰে অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। আদালতৰ স্থগিতাদেশৰ পাছত ব’ৰ্ডখন দীৰ্ঘদিন ধৰি কাৰ্যক্ষম হৈ থকা নাছিল। সেয়ে জি অ’ ৭৫ৰ অধীনত জাৰি কৰা এই আদেশত ৰাজ্যিক ৱাকফ ব’ৰ্ড গঠনৰ বাবে প্ৰদান কৰা পূৰ্বৰ সকলো নিৰ্দেশনা বাতিল কৰিছে। 

৩০ নৱেম্বৰত জাৰি কৰা চৰকাৰী আদেশত কোৱা হৈছে যে ব’ৰ্ডৰ অধ্যক্ষ নিৰ্বাচনত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত ব’ৰ্ডখন দীৰ্ঘদিন ধৰি নিষ্ক্ৰিয় হৈ থকা বাবে প্ৰশাসনিক শূন্যতা ৰোধ কৰিবলৈ ৱাকফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’)য়ে বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰি গোচৰটো নিষ্পত্তি কৰাৰ বাবে সেই অনুসৰি ৱাকফ ব’ৰ্ড ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে ৱাকফ ব’ৰ্ডৰ এজন সদস্য নিৰ্বাচনক লৈ হোৱা বিবাদ আদালতত উপনীত হৈছিল আৰু আদালতে জাৰি কৰা স্থগিতাদেশৰ বাবে ব’ৰ্ডৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। চৰকাৰৰ ৱাকফ ব’ৰ্ড সম্পূৰ্ণ ৰূপে নিষ্ক্ৰিয় পৰে আৰু এই প্ৰশাসনিক শূন্যতা শেষ কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰে যাতে ৱাকফৰ সম্পত্তি আৰু ইয়াৰ প্ৰশাসনৰ কাম-কাজত উন্নত হয়।

ৰাজ্যিক ৱাকফ ব’ৰ্ডে মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় আৰু দাতব্য সম্পত্তিৰ তদাৰক কৰিছিল৷ ব’ৰ্ডৰ অকৰ্মণ্যতাৰ বাবে এই সম্পত্তি পৰিচালনাৰ ক্ষেত্ৰত বিভিন্ন সমস্যাই গা কৰি উঠিছিল। পৰৱৰ্তী পৰ্যায়ত চৰকাৰে নতুন প্ৰক্ৰিয়াৰে ৰাজ্যিক ৱাকফ ব’ৰ্ড পুনৰ গঠন কৰিব, যিয়ে আইনী আৰু প্ৰশাসনিক দিশ সমূহ উন্নত কৰাৰ প্ৰয়াস কৰিব আৰু একে সময়তে নতুন ব’ৰ্ড গঠন নোহোৱালৈকে ৰাজ্য চৰকাৰে ৱাকফৰ সম্পত্তিৰ সুৰক্ষা আৰু পৰিচালনাৰ অস্থায়ী ব্যৱস্থা কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ