--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজ বাসগৃহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ নিথৰ দেহ। ৩২ বছৰ বয়সতে শেষ হৈ গ’ল এটি প্ৰতিভা।

কানাড়া চিনেমা আৰু টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰী শোভিতা শিৱান্নাৰ (Shobitha Shivanna) ৰহস্যজনক মৃত্যুৱে জোকাৰিছে বিনোদন জগত। তেলেংগানাৰ গাচিবৌলি জিলাৰ কোণ্ডাপুৰ অঞ্চলৰ ঘৰৰ পৰা উদ্ধাৰ হয় শোভিতাৰ মৃতদেহ। চিপ লৈ উলমি থকা অৱস্থাত উদ্ধাৰ শোভিতা শিৱান্না।
బుల్లితెర నటి శోభిత సూసైడ్.. కేజీఎఫ్‌ మూవీలో నటించిందా? | Kannada TV  Actress Shobitha Shivanna Dies By Suicide, Know Unknown Details About Her  With Photos Gallery | Sakshi
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ অন্তত এয়া আত্মহত্যা বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে শোভিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব।  

১৯৯২ চনৰ ২৩ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা শোভিতাৰ সৰুৰে পৰা মনোৰঞ্জন আৰু শিল্পৰ জগতখনৰ প্ৰতি আকৃষ্ট হৈছিল। বাল্ডউইন গাৰ্লছ হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত শোভিতাই নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিত ফেশ্বন ডিজাইনিং অধ্যয়ন কৰিছিল।
Shobitha Shivanna
২০১৫ চনত কানাড়া ছবি ‘ৰঙী তৰানা’ৰ জৰিয়তে অভিনয় জগতত খোজ পেলাইছিল শোভিতাই। ইয়াৰ পাছতেই ‘ইউ টাৰ্ণ’, ‘কে জি এফ চেপ্টাৰ ৱান’ আৰু ‘কে জি এফ চেপ্টাৰ টু’কে ধৰি কেইবাখনো কানাড়া ছবিত অভিনয় কৰি উজলি উঠিছিল অভিনেত্ৰীগৰাকী। ‘এৰাডোণ্ডালা মুৰু’, ‘জেকপট’ আৰু ‘অন্ধ কাথে হেলা’ আদি ছবিৰ লগতে টিভি ধাৰাবাহিক ‘গলিপাতা’, ‘মংগলা গৌৰী’, ‘কোগিলে’, ‘কৃষ্ণ ৰুক্মিণী’ত অভিনয় কৰিও প্ৰতিভাৰ পৰিচয় দিছিল শোভিতাই।

শোভিতাৰ মৃত্যুৱে কানাড়া মনোৰঞ্জন জগতখনক শোকস্তব্ধ কৰি তুলিছে। দুখত ভাগি পৰিছে অনুৰাগীসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ