--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগপুৰত অনুষ্ঠিত কথালে কুল সন্মিলনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতে ভাৰতৰ জনসংখ্যা সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰে। এই অনুষ্ঠানত তেওঁ কয় যে জনসংখ্যা হ্ৰাস পোৱাটো সমাজৰ বাবে চিন্তনীয়। ভাগৱতে লগতে কয় যে জনসংখ্যা বৃদ্ধিৰ হাৰ যদি ২.১তকৈ কম হয়, তেন্তে সমাজৰ পতন নিশ্চিত আৰু ইয়াক ধ্বংস কৰিবলৈ কোনো বাহ্যিক শক্তিৰ প্ৰয়োজন নহয়।

এই সন্দৰ্ভত মোহন ভাগৱতে কয় যে বিজ্ঞানৰ মতে জনসংখ্যা বৃদ্ধিৰ হাৰ যদি ২.১লৈ হ্ৰাস পায়, তেন্তে সেই সমাজখন স্বয়ংক্ৰিয়ভাৱে শেষ হৈ যাব। উদাহৰণেৰে তেওঁ কয় যে এই কাৰণতে বহু ভাষা আৰু সমাজৰ অন্ত পৰিল। ভাগৱতৰ মতে, ভাৰতৰ জনসংখ্যা নীতি ২০০০ চনৰ আশে-পাশে সিদ্ধান্ত লোৱা হৈছিল য’ত স্পষ্ট কৰা হৈছিল যে দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২.১ হ’ব লাগে।

জনসংখ্যা বৃদ্ধি যে আৱশ্যকীয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাগৱতে কয় যে মানুহৰ জন্মৰ হাৰ ১ত ৰাখিব নোৱাৰি, সেয়েহে কমেও ২ বা ৩টা সন্তান জন্ম হ’ব লাগে। লগতে তেওঁ কয় যে জনসংখ্যা বৃদ্ধিৰ সঠিক হাৰ বজাই ৰখাটো দেশৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁৰ এই বক্তব্যৰ দ্বাৰা সমাজত জনসংখ্যা নীতিৰ প্ৰতি সজাগতা বৃদ্ধিৰ প্ৰয়াস যাতে অনাগত প্ৰজন্মৰ বাবে প্ৰয়োজনীয় সম্পদৰ উপলব্ধতা নিশ্চিত কৰিব পৰা যায়।

উল্লেখ্য যে এই ভাষণৰ জৰিয়তে সংঘৰ মুৰব্বীগৰাকীয়ে এই বাৰ্তা দিলে যে জনসংখ্যাৰ সুষম বৃদ্ধিয়ে সমাজৰ স্থিতিশীলতা আৰু প্ৰগতি নিশ্চিত কৰে। জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পোৱাটো কেৱল অৰ্থনৈতিক দিশৰ পৰাই নহয় সামাজিক আৰু সাংস্কৃতিক দৃষ্টিকোণৰ পৰাও ক্ষতিকাৰক হ’ব পাৰে আৰু ই আমাৰ দেশৰ ভৱিষ্যতৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।



 





FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?