--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগপুৰত অনুষ্ঠিত কথালে কুল সন্মিলনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতে ভাৰতৰ জনসংখ্যা সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰে। এই অনুষ্ঠানত তেওঁ কয় যে জনসংখ্যা হ্ৰাস পোৱাটো সমাজৰ বাবে চিন্তনীয়। ভাগৱতে লগতে কয় যে জনসংখ্যা বৃদ্ধিৰ হাৰ যদি ২.১তকৈ কম হয়, তেন্তে সমাজৰ পতন নিশ্চিত আৰু ইয়াক ধ্বংস কৰিবলৈ কোনো বাহ্যিক শক্তিৰ প্ৰয়োজন নহয়।

এই সন্দৰ্ভত মোহন ভাগৱতে কয় যে বিজ্ঞানৰ মতে জনসংখ্যা বৃদ্ধিৰ হাৰ যদি ২.১লৈ হ্ৰাস পায়, তেন্তে সেই সমাজখন স্বয়ংক্ৰিয়ভাৱে শেষ হৈ যাব। উদাহৰণেৰে তেওঁ কয় যে এই কাৰণতে বহু ভাষা আৰু সমাজৰ অন্ত পৰিল। ভাগৱতৰ মতে, ভাৰতৰ জনসংখ্যা নীতি ২০০০ চনৰ আশে-পাশে সিদ্ধান্ত লোৱা হৈছিল য’ত স্পষ্ট কৰা হৈছিল যে দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২.১ হ’ব লাগে।

জনসংখ্যা বৃদ্ধি যে আৱশ্যকীয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাগৱতে কয় যে মানুহৰ জন্মৰ হাৰ ১ত ৰাখিব নোৱাৰি, সেয়েহে কমেও ২ বা ৩টা সন্তান জন্ম হ’ব লাগে। লগতে তেওঁ কয় যে জনসংখ্যা বৃদ্ধিৰ সঠিক হাৰ বজাই ৰখাটো দেশৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ। তেওঁৰ এই বক্তব্যৰ দ্বাৰা সমাজত জনসংখ্যা নীতিৰ প্ৰতি সজাগতা বৃদ্ধিৰ প্ৰয়াস যাতে অনাগত প্ৰজন্মৰ বাবে প্ৰয়োজনীয় সম্পদৰ উপলব্ধতা নিশ্চিত কৰিব পৰা যায়।

উল্লেখ্য যে এই ভাষণৰ জৰিয়তে সংঘৰ মুৰব্বীগৰাকীয়ে এই বাৰ্তা দিলে যে জনসংখ্যাৰ সুষম বৃদ্ধিয়ে সমাজৰ স্থিতিশীলতা আৰু প্ৰগতি নিশ্চিত কৰে। জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পোৱাটো কেৱল অৰ্থনৈতিক দিশৰ পৰাই নহয় সামাজিক আৰু সাংস্কৃতিক দৃষ্টিকোণৰ পৰাও ক্ষতিকাৰক হ’ব পাৰে আৰু ই আমাৰ দেশৰ ভৱিষ্যতৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।



 





FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ