--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁতৰ স্বাস্থ্যৰ ওপৰতে শৰীৰৰ সামগ্ৰীক স্বাস্থ্য নিৰ্ভৰ কৰে৷ কাৰণ দাঁতেৰে ভালকৈ খাদ্য আদি চোবাই খালেহে হজম হোৱাত সহায় হয় আৰু শৰীৰেও পুষ্টি লাভ কৰে৷ দাঁতে লোক এজনৰ সৌন্দৰ্য ভালে খিনি বঢ়াই তোলে।ডালিমগুটীয়া বগা দাঁতে সহজে আনৰ দৃষ্টি আকৰ্ষণ কৰে৷

বিভিন্ন কাৰণত দাঁতত কেতিয়াবা দাগ পৰা দেখা যায়। দাঁতত ক’লা অথবা  হালধীয়া দাগ পৰাৰ এটা অন্যতম কাৰণ হৈছে প্ৰায়ে চোডা জাতীয় খাদ্য গ্ৰহণ কৰা।

আমি গৰমৰ দিনত দেহ শীতল কৰিবলৈ বজাৰত পোৱা নানান কোম্পানীৰ শীতল পানীয় পান কৰো।

এনে শীতল পানীয়ৰ নানান অপকাৰী দিশ থাকে। শীতল পানীয়ৰ প্ৰধান উপাদানেই হৈছে চোডা।

সেয়ে প্ৰায়ে শীতল পানীয় খালে দাঁতৰ এনামেলৰ ক্ষতি হোৱাৰ আশংকা থাকে আৰু দাঁত হালধীয়া হৈ পৰিব পাৰে।

উচ্চ ৰক্তচাপ,এজমা আদিৰ দৰৱ ব্যৱহাৰৰ বাবেও বহু সময়ত দাঁতত হালধীয়া দাগ পৰা দেখা যায়।

দাঁতৰ  দাগ অতি সহজে ঘৰুৱা উপায়েৰে দূৰ কৰিব পৰা যায়।

ইয়াৰ বাবে আপুনি তেনেই সাধাৰণ দুটা ঘৰুৱা প্ৰাকৃতিক উপায় অৱলম্বন কৰিলেই হ’ল।

প্ৰথম উপায়টো হ’ল বজাৰৰ পৰা মেথি গুটি কিনি আনি সেয়া ভালদৰে গুড়ি কৰি লওঁক।

মেথি গুটিৰ গুড়িৰে নিতৌ পুৱা দাঁত ঘঁহিলে দাঁতৰ  দাগ দূৰ হ’ব।

দ্বিতীয় উপায়টো হ’ব নাৰিকলৰ তেলৰ সৈতে নিমখ ভালদৰে মিহলাই এটা পেষ্ট তৈয়াৰ কৰক।

সেই পেষ্টেৰে দাঁত ঘঁহাৰ লগতে দাঁতৰ আলু মালিচ কৰক। এনে কৰিলে কম দিনৰ ভিতৰতে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ’ব৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ