--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে কৃষক বিদ্ৰোহ৷চৰকাৰে তেওঁলোকৰ দাবীৰ ন্যাৰ্যতা প্ৰদান নকৰা লৈকে অব্যাহত থাকিব দেশৰ অন্নদাতা কৃষক সকলৰ যুঁজ৷ কৃষক আন্দোলন চলিথকাৰ মাজতে দুজনকৈ কৃষকৰ আত্মহত্যাৰ খবৰে সমগ্ৰ দেশত খলকনিৰ সৃষ্টি কৰিছে৷ 

প্ৰথমে ১৮ ডিচেম্বৰত শম্ভু সীমান্তত এজন কৃষকে আত্মহত্যা কৰা খবৰ পোৱা গৈছিল। সেই ঘটনাৰ তিনি সপ্তাহৰ ভিতৰতে প্ৰতিবাদ স্থলীত আন এক কৃষকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। এই কথা জানিব পাৰি তেওঁৰ সতীৰ্থসকলে তাতলিকে তেওঁক সংকটজনক অৱস্থাত পাটিয়ালাৰ ৰাজেন্দ্ৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।চিকিৎসালয়তে মৃত্যু হয় কৃষক গৰাকী। 

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি মৃত কৃষকজন পঞ্জাৱৰ তৰতাৰণ জিলাৰ পাহু অঞ্চলৰ বাসিন্দা। বৃহস্পতিবাৰে পুৱা তেওঁ প্ৰতিবাদকাৰী সতীৰ্থসকলৰ সৈতে বহিথকোতেই হঠাৎ ৫৫ বছৰীয়া ব্যক্তিজনে বিষ পান কৰে। আন এজন প্ৰতিবাদী কৃষক তেজবীৰ সিঙে অভিযোগ কৰে যে কৃষকজনে কেন্দ্ৰৰ ক্ষোভতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে।

উল্লেখ যোগ্য যে নৱেম্বৰৰ শেষৰ পৰাই শম্ভু সীমান্তৰ পৰা দিল্লী অভিমুখে পৰ্যায়ক্ৰমে কৃষকসকলে পদযাত্ৰাৰ প্ৰয়াস কৰি আহিছে। পৰিস্থিতি চম্ভালিবলৈ প্ৰশাসনো সাজু আছিল। এনে পৰিস্থিত সমগ্ৰ অঞ্চলজুৰি মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে অঞ্চলটোত ১৬৩ ধাৰা জাৰি কৰা হৈছিল।প্ৰশাসনৰ বাধাৰ বাবে কৃষকসকল দিল্লী অভিমুখী যাত্ৰা ব্যৰ্থ হৈছে।

কৃষক সকলে এম এছ পি গেৰাণ্টী আইন, কৃষি ঋণ ৰেহাই, পেঞ্চনৰ ব্যৱস্থা, বিদ্যুতৰ বিল বৃদ্ধি নকৰা আদি দাবীৰে দীৰ্ঘদিন ধৰি কৃষক আন্দোলন কৰি আহিছে। দিল্লীৰ সমীপৱৰ্তী পঞ্জাৱ আৰু হাৰিয়ানাৰ শম্ভু সীমান্তত ১৩ ফেব্ৰুৱাৰীৰ পৰা কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহছে। আৰু ২৬ নৱেম্বৰৰ পৰা কৃষক নেতা জগজিৎ সিং দলেৱালে অনশন আৰম্ভ কৰাৰ পিছতে আন্দোলনে নতুন গতি লাভ কৰে। কৃষক নেতা সৰৱান সিং পাণ্ডে কয় যে দলেৱালৰ শাৰীৰিক অৱস্থা সংকটজনক যদিও অনশন ভংগ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ