--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে কৃষক বিদ্ৰোহ৷চৰকাৰে তেওঁলোকৰ দাবীৰ ন্যাৰ্যতা প্ৰদান নকৰা লৈকে অব্যাহত থাকিব দেশৰ অন্নদাতা কৃষক সকলৰ যুঁজ৷ কৃষক আন্দোলন চলিথকাৰ মাজতে দুজনকৈ কৃষকৰ আত্মহত্যাৰ খবৰে সমগ্ৰ দেশত খলকনিৰ সৃষ্টি কৰিছে৷ 

প্ৰথমে ১৮ ডিচেম্বৰত শম্ভু সীমান্তত এজন কৃষকে আত্মহত্যা কৰা খবৰ পোৱা গৈছিল। সেই ঘটনাৰ তিনি সপ্তাহৰ ভিতৰতে প্ৰতিবাদ স্থলীত আন এক কৃষকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। এই কথা জানিব পাৰি তেওঁৰ সতীৰ্থসকলে তাতলিকে তেওঁক সংকটজনক অৱস্থাত পাটিয়ালাৰ ৰাজেন্দ্ৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।চিকিৎসালয়তে মৃত্যু হয় কৃষক গৰাকী। 

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি মৃত কৃষকজন পঞ্জাৱৰ তৰতাৰণ জিলাৰ পাহু অঞ্চলৰ বাসিন্দা। বৃহস্পতিবাৰে পুৱা তেওঁ প্ৰতিবাদকাৰী সতীৰ্থসকলৰ সৈতে বহিথকোতেই হঠাৎ ৫৫ বছৰীয়া ব্যক্তিজনে বিষ পান কৰে। আন এজন প্ৰতিবাদী কৃষক তেজবীৰ সিঙে অভিযোগ কৰে যে কৃষকজনে কেন্দ্ৰৰ ক্ষোভতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে।

উল্লেখ যোগ্য যে নৱেম্বৰৰ শেষৰ পৰাই শম্ভু সীমান্তৰ পৰা দিল্লী অভিমুখে পৰ্যায়ক্ৰমে কৃষকসকলে পদযাত্ৰাৰ প্ৰয়াস কৰি আহিছে। পৰিস্থিতি চম্ভালিবলৈ প্ৰশাসনো সাজু আছিল। এনে পৰিস্থিত সমগ্ৰ অঞ্চলজুৰি মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে অঞ্চলটোত ১৬৩ ধাৰা জাৰি কৰা হৈছিল।প্ৰশাসনৰ বাধাৰ বাবে কৃষকসকল দিল্লী অভিমুখী যাত্ৰা ব্যৰ্থ হৈছে।

কৃষক সকলে এম এছ পি গেৰাণ্টী আইন, কৃষি ঋণ ৰেহাই, পেঞ্চনৰ ব্যৱস্থা, বিদ্যুতৰ বিল বৃদ্ধি নকৰা আদি দাবীৰে দীৰ্ঘদিন ধৰি কৃষক আন্দোলন কৰি আহিছে। দিল্লীৰ সমীপৱৰ্তী পঞ্জাৱ আৰু হাৰিয়ানাৰ শম্ভু সীমান্তত ১৩ ফেব্ৰুৱাৰীৰ পৰা কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহছে। আৰু ২৬ নৱেম্বৰৰ পৰা কৃষক নেতা জগজিৎ সিং দলেৱালে অনশন আৰম্ভ কৰাৰ পিছতে আন্দোলনে নতুন গতি লাভ কৰে। কৃষক নেতা সৰৱান সিং পাণ্ডে কয় যে দলেৱালৰ শাৰীৰিক অৱস্থা সংকটজনক যদিও অনশন ভংগ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?