--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বহুমূত্ৰ বা মধুমেহ ৰোগ হৈছে এটা হৰম’নজনিত ৰোগ। এইবিধ ৰোগ সাধাৰণতে চল্লিছোৰ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। মানৱ শৰীৰৰ পাচতন্ত্ৰৰ লগত জড়িত অগ্ন্যাশয়ে ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰা হ'লে বা শৰীৰে উৎপন্ন ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হ'লে এই ৰোগ হোৱা দেখা যায়।

উল্লেখ্য যে ভাৰতত নিতৌ বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনৰ (IDF) প্ৰতিবেদন অনুসৰি ভাৰতত বৰ্তমান ৮.৯৮ কোটি লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত। এই সংখ্যাই ২০৫০ চনৰ ভিতৰত ৭৩% বৃদ্ধি হৈ ১৫.৬ কোটি অতিক্ৰম কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ইয়াৰ কাৰণ হিচাপে পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ, ফাষ্টফুডৰ প্ৰতি আসক্তি আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱে এই ৰোগৰ প্ৰধান কাৰণ বুলিব পাৰি।

অৱশ্যে নিৰাশাৰ মাজতো থাকে আশাৰ কিৰণ। পুৱা গঢ়ি তোলা কিছু অভ্যাসে তেজত বৃদ্ধি পোৱাৰ ছুগাৰৰ মাত্ৰা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰে। 

১. খালী পেটত কুহুমীয়া পানী খোৱা-
পুৱা খালী পেটত কুহুমীয়া পানী খালে বিপাকীয় ক্ৰিয়া সক্ৰিয় হয় আৰু শৰীৰত ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি পায়। এই অভ্যাসে শৰীৰক বিষাক্ত পদাৰ্থৰ পৰাও মুক্ত কৰি তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে।

২. শাৰীৰিক কাৰ্য্কলাপে সুস্থ কৰি ৰাখে-
মৰ্ণংৱাক, যোগাসন বা লঘু ব্যায়ামে শৰীৰক শক্তিশালী কৰাই নহয়, গ্লুক’জৰ বিপাকীয় ক্ৰিয়াও উন্নত কৰে। প্ৰতিদিনে ২০-৩০ মিনিটৰ ক্ৰিয়া-কলাপে ডায়েবেটিছ প্ৰতিৰোধৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা ল’ব পাৰে।

৩. প্ৰাণায়াম কৰা-
মানসিক চাপ ডায়েবেটিছৰ এটা প্ৰধান কাৰণ। পুৱা কেইমিনিটমান প্ৰাণায়াম বা গভীৰ উশাহ-নিশাহৰ ব্যায়ামৰ ফলত ষ্ট্ৰেছ হৰম’ন (কৰ্টিছল) হ্ৰাস পায়, যিয়ে তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে।

৪. আঁহযুক্ত আৰু কম গ্লাইচেমিক ব্ৰেকফাষ্ট
ব্ৰেকফাষ্ট দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ। ব্ৰেকফাষ্ট য’ত আঁহ, প্ৰ’টিন, আৰু কম গ্লাইচেমিক সূচকাংক থকা খাদ্য থাকে। যেনে-ওটছ, গজালি ওলোৱা শস্য বা অটমিল। এই সকলোবোৰে তেজত ছুগাৰ মাত্ৰা নিয়ন্ত্ৰিত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ