--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতে বুডাপেষ্টৰ দবা অলিম্পিয়াডত ভৰতে বৃহৎ সফলতা লাভ কৰিছে৷ ভাৰতে পুৰুষ-মহিলা দুয়োটা দলীয় শাখাতে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ দলীয় পদকৰ উপৰিও ডি গুকেশ, অৰ্জুন এৰিগাইছি, দিব্য দেশমুখ আৰু ৱন্তিকা আগৰৱালাই ব্যক্তিগত শিতানত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰতীয় পুৰুষৰ দলটোৱে মুকলি শাখাত দুৰ্দান্ত প্ৰদৰ্শন পৰিলক্ষিত হৈছিল দলটোৱে ৪৪ খন খেলৰ ভিতৰত মাত্ৰ এখন খেলত পৰাস্ত হৈছিল, ২৭ খন খেলত জয়ী হৈছিল আৰু বাকীকেইখন খেলত ড্ৰ’ হৈছিল।পুৰুষৰ দলটোৱে চূড়ান্ত ৰাউণ্ডত স্লোভেনিয়াৰ বিৰুদ্ধে ৩.৫-০.৫ ব্যৱধানত জয়লাভ কৰে পুৰুষ দলটোক প্ৰতিনিধিত্ব কৰিছিল গুকেশ ডি, প্ৰগ্গানানন্ধা আৰ আৰু অৰ্জুন এৰিগাইচি আদি প্ৰতিভাৱান খেলুৱৈসকলে৷ 

ইফালে ভাৰতীয় মহিলা দলটোৱে আজাৰবাইজানৰ বিৰুদ্ধে তিনিখন খেলত জয়লাভ কৰি এখন খেলত ড্ৰ’ কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে। 
মহিলা দলটোক প্ৰতিনিধিত্ব কৰিছিল হাৰিকা দ্ৰোণাভল্লি আৰু দিৱ্যা দেশমুখ আদি অভিজ্ঞ আৰু যুৱ খেলুৱৈসকলে।
 
ভৰতীয় দবা খেলুৱৈ সকলৰ এই সফলতা ভাৰতৰ দবা খেলৰ ইতিহাসত এক গুৰুত্বপূর্ণ মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে৷ যুটীয়া অলিম্পিয়াডত স্বৰ্ণ পদক আৰু ভৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ জয় কৰাৰ সেই স্বৰ্ণীল ইতিহাসৰ সৈতে তুলনা কৰি গ্ল’বেল চেছ লীগৰ চিইঅ’ সমীৰ পাঠকে কয় যে এয়া ভাৰতীয় দবাৰ বাবে এইটো ১৯৮৩ চনৰ সেই মুহূৰ্ত স্বৰ্ণীল মুহূৰ্তৰ দৰে৷

উল্লেখযোগ্য যে ১৯৮৩ চনত বিশ্বকাপ জয়ৰ পাছতে ভাৰতীয় ক্ৰিকেটত বাণিজ্যিক বিপ্লৱ আৰম্ভ হৈছিল। সম্প্ৰতি ভাৰতৰ এই সাফল্যই ভৰতৰ দবা খেলৰ ক্ষেত্ৰখনত ভাৰতৰ উত্থান ইতিমধ্যে স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post