--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতে বুডাপেষ্টৰ দবা অলিম্পিয়াডত ভৰতে বৃহৎ সফলতা লাভ কৰিছে৷ ভাৰতে পুৰুষ-মহিলা দুয়োটা দলীয় শাখাতে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ দলীয় পদকৰ উপৰিও ডি গুকেশ, অৰ্জুন এৰিগাইছি, দিব্য দেশমুখ আৰু ৱন্তিকা আগৰৱালাই ব্যক্তিগত শিতানত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰতীয় পুৰুষৰ দলটোৱে মুকলি শাখাত দুৰ্দান্ত প্ৰদৰ্শন পৰিলক্ষিত হৈছিল দলটোৱে ৪৪ খন খেলৰ ভিতৰত মাত্ৰ এখন খেলত পৰাস্ত হৈছিল, ২৭ খন খেলত জয়ী হৈছিল আৰু বাকীকেইখন খেলত ড্ৰ’ হৈছিল।পুৰুষৰ দলটোৱে চূড়ান্ত ৰাউণ্ডত স্লোভেনিয়াৰ বিৰুদ্ধে ৩.৫-০.৫ ব্যৱধানত জয়লাভ কৰে পুৰুষ দলটোক প্ৰতিনিধিত্ব কৰিছিল গুকেশ ডি, প্ৰগ্গানানন্ধা আৰ আৰু অৰ্জুন এৰিগাইচি আদি প্ৰতিভাৱান খেলুৱৈসকলে৷ 

ইফালে ভাৰতীয় মহিলা দলটোৱে আজাৰবাইজানৰ বিৰুদ্ধে তিনিখন খেলত জয়লাভ কৰি এখন খেলত ড্ৰ’ কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে। 
মহিলা দলটোক প্ৰতিনিধিত্ব কৰিছিল হাৰিকা দ্ৰোণাভল্লি আৰু দিৱ্যা দেশমুখ আদি অভিজ্ঞ আৰু যুৱ খেলুৱৈসকলে।
 
ভৰতীয় দবা খেলুৱৈ সকলৰ এই সফলতা ভাৰতৰ দবা খেলৰ ইতিহাসত এক গুৰুত্বপূর্ণ মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে৷ যুটীয়া অলিম্পিয়াডত স্বৰ্ণ পদক আৰু ভৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ জয় কৰাৰ সেই স্বৰ্ণীল ইতিহাসৰ সৈতে তুলনা কৰি গ্ল’বেল চেছ লীগৰ চিইঅ’ সমীৰ পাঠকে কয় যে এয়া ভাৰতীয় দবাৰ বাবে এইটো ১৯৮৩ চনৰ সেই মুহূৰ্ত স্বৰ্ণীল মুহূৰ্তৰ দৰে৷

উল্লেখযোগ্য যে ১৯৮৩ চনত বিশ্বকাপ জয়ৰ পাছতে ভাৰতীয় ক্ৰিকেটত বাণিজ্যিক বিপ্লৱ আৰম্ভ হৈছিল। সম্প্ৰতি ভাৰতৰ এই সাফল্যই ভৰতৰ দবা খেলৰ ক্ষেত্ৰখনত ভাৰতৰ উত্থান ইতিমধ্যে স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ