--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক হিদাৰ নাইটক এক হাজাৰ ইউৰো জৰিমনা বিহা হৈছে৷ ২০১২ চনৰ ছ’চিয়েল মিডিয়া পোষ্টৰ সৈতে জড়িত এক অভিযোগ স্বীকাৰ কৰাৰ পাছতে ক্ৰিকেটাৰগৰাকীক জ ৰিমনা বিহা হৈছে বুলি সোমবাৰে ইংলেণ্ডৰ ক্ৰিকেট নিয়ন্ত্ৰক ব’ৰ্ডে সদৰি কৰিছে।

উক্ত পোষ্টটোত কেণ্টৰ এটা ক্ৰিকেট ক্লাবত অনুষ্ঠিত ফেন্সি ড্ৰেছ পাৰ্টিত নাইটক ব্লেকফেচত দেখা গৈছিল। শেহতীয়াকৈ এই ফটোখন ছ’চিয়েল মিডিয়াত পুনৰ ভাইৰেল হোৱা পৰিলক্ষিত হৈছে৷ইচিবিৰ নিৰ্দেশনাৱলীৰ ৩.৩ উলংঘা কৰা বুলি গণ্য কৰা হৈছে এই ফটোখনে, এই নিৰ্দেশাৱলী অনুসৰি ক্ৰিকেটাৰৰ স্বাৰ্থ তথা ক্ৰিকেট বা ক্ৰিকেটাৰক ক্ষতি কৰিব পৰা বা বদনাম কৰাৰ সম্ভাৱনা থকা কামৰ পৰা বিৰত থাকিব লাগে৷ অৱশ্যে আয়োগে স্পষ্ট কৰি দিছে যে নাইটৰ এই কাৰ্য্য উদ্দেশ্যপ্ৰণোদিত নহয়৷

এক বিবৃতি জড়িয়তে ইংৰাজ অধিনায়কগৰাকীয়ে ক্ষমা বিচাৰি কয় যে ‘১২ বছৰ পূৰ্বে কৰা ভুলৰ বাবে মই দুখীত।মই বহুদিনলৈ অনুশোচনা কৰিছিলো, সেই সময়ত ইয়াৰ পৰিণতিৰ বিষয়ে ভাবিব পৰাকৈ এতিয়াৰ দৰে শিক্ষিত নাছিলোঁ। কোনো কু-অভিপ্ৰায় নাছিল মোৰ। অতীতক সলনি কৰিব নোৱাৰো কিন্তু ক্ৰীড়া সমতা বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।’ 

উল্লেখযোগ্য যে অক্টোবৰ মাহত ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপত ইংলেণ্ডৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছে। আৰু টি-২০ বিশ্বকাপত ইংলেণ্ডৰ প্ৰথমখন খেল বাংলাদেশৰ বিৰুদ্ধে ৫ অক্টোবৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post