--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক হিদাৰ নাইটক এক হাজাৰ ইউৰো জৰিমনা বিহা হৈছে৷ ২০১২ চনৰ ছ’চিয়েল মিডিয়া পোষ্টৰ সৈতে জড়িত এক অভিযোগ স্বীকাৰ কৰাৰ পাছতে ক্ৰিকেটাৰগৰাকীক জ ৰিমনা বিহা হৈছে বুলি সোমবাৰে ইংলেণ্ডৰ ক্ৰিকেট নিয়ন্ত্ৰক ব’ৰ্ডে সদৰি কৰিছে।

উক্ত পোষ্টটোত কেণ্টৰ এটা ক্ৰিকেট ক্লাবত অনুষ্ঠিত ফেন্সি ড্ৰেছ পাৰ্টিত নাইটক ব্লেকফেচত দেখা গৈছিল। শেহতীয়াকৈ এই ফটোখন ছ’চিয়েল মিডিয়াত পুনৰ ভাইৰেল হোৱা পৰিলক্ষিত হৈছে৷ইচিবিৰ নিৰ্দেশনাৱলীৰ ৩.৩ উলংঘা কৰা বুলি গণ্য কৰা হৈছে এই ফটোখনে, এই নিৰ্দেশাৱলী অনুসৰি ক্ৰিকেটাৰৰ স্বাৰ্থ তথা ক্ৰিকেট বা ক্ৰিকেটাৰক ক্ষতি কৰিব পৰা বা বদনাম কৰাৰ সম্ভাৱনা থকা কামৰ পৰা বিৰত থাকিব লাগে৷ অৱশ্যে আয়োগে স্পষ্ট কৰি দিছে যে নাইটৰ এই কাৰ্য্য উদ্দেশ্যপ্ৰণোদিত নহয়৷

এক বিবৃতি জড়িয়তে ইংৰাজ অধিনায়কগৰাকীয়ে ক্ষমা বিচাৰি কয় যে ‘১২ বছৰ পূৰ্বে কৰা ভুলৰ বাবে মই দুখীত।মই বহুদিনলৈ অনুশোচনা কৰিছিলো, সেই সময়ত ইয়াৰ পৰিণতিৰ বিষয়ে ভাবিব পৰাকৈ এতিয়াৰ দৰে শিক্ষিত নাছিলোঁ। কোনো কু-অভিপ্ৰায় নাছিল মোৰ। অতীতক সলনি কৰিব নোৱাৰো কিন্তু ক্ৰীড়া সমতা বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।’ 

উল্লেখযোগ্য যে অক্টোবৰ মাহত ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপত ইংলেণ্ডৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছে। আৰু টি-২০ বিশ্বকাপত ইংলেণ্ডৰ প্ৰথমখন খেল বাংলাদেশৰ বিৰুদ্ধে ৫ অক্টোবৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ