--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সন্ধানহীন হোৱা ছাত্ৰগৰাকীৰ চেণ্ডেল টাওকাক নৈৰ পাৰত উদ্ধাৰ হৈছিল। SDRF বাহিনী, প্ৰশাসন, স্থানীয় ৰাইজে চাৰিদিন ধৰি টাওকাক নৈত ছাত্ৰীগৰাকীৰ সন্ধানত নামি পৰিছিল।

ডিজিটেল ডেস্ক: সোণাৰিত সন্ধানহীন হোৱা ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ। আফৰিন আহমেদ নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ। সন্ধানহীন হোৱা ছাত্ৰগৰাকীৰ চেণ্ডেল টাওকাক নৈৰ পাৰত উদ্ধাৰ হৈছিল। SDRF বাহিনী, প্ৰশাসন, স্থানীয় ৰাইজে চাৰিদিন ধৰি টাওকাক নৈত ছাত্ৰীগৰাকীৰ সন্ধানত নামি পৰিছিল।


অৱশেষত আজি চাৰি দিনৰ অন্তত সোণাৰিৰ শিঙৰিতলীৰ টাওকাক নৈত ছাত্ৰীগৰাকীৰ মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। বুধবাৰে সন্ধানহীন হৈছিল ছাত্ৰগৰাকী। 


পুৱতি নিশালৈকে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীৰ বিচাৰ খোচাৰ চলাই আছিল। আজি পুৱা শিঙৰিতলীত মাছ মাৰিবলৈ যোৱা লোকে নৈত মৃতদেহটো প্ৰত্যক্ষ কৰে। লৰালৰিকৈ স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। পৰিয়ালৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিৰুদ্দিষ্ট আফৰিন আহমেদৰ বুলি চিনাক্ত কৰে। 


বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এই ঘটনাত পৰিয়ালৰ লোক শোকত ভাগি পৰাৰ লগতে সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত