--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সংকটৰ খবৰ লাভ কৰাৰ পাছতে সমষ্টিটোৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাস ধাননি পথাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু কৃষকৰ সৈতে আলোচনা কৰে।

ডিজিটেল ডেস্ক: ডিমৰীয়া সমষ্টিৰ মালৈবাৰী, ক্ষেত্ৰী, দুৰুং আদি অঞ্চলৰ বড়ো ধানৰ পথাৰত এক অচিন ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। 


ধান পকিবলৈ আৰম্ভ কৰাৰ সময়তে ধান গছসমূহত উৎপাদিত বীজ শুকাই পতান হৈ পৰাত কৃষকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ উদ্বেগ। 


তথ্য অনুসৰি হাজাৰ হাজাৰ হেক্টৰ পথাৰৰ প্ৰায় ৮০ শতাংশ ধাননি এই ৰোগত আক্রান্ত হোৱা বুলি কোৱা হৈছে।


এই সংকটৰ খবৰ লাভ কৰাৰ পাছতে সমষ্টিটোৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাস ধাননি পথাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু কৃষকৰ সৈতে আলোচনা কৰে।


বিধায়কগৰাকীয়ে জনায় যে ইতিমধ্যে কৃষি বিভাগৰ সৈতে যোগাযোগ কৰা হৈছে আৰু অতি শীঘ্ৰে বিশেষজ্ঞ দল পঠিয়াই পৰীক্ষা-নিৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


বৰ্তমান কৃষি বিভাগৰ দ্ৰুত পদক্ষেপৰ অপেক্ষাত আছে কৃষকসকল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত