--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰৰ কিষানগঞ্জ জিলাত সংঘটিত হৈছে এক কৰুণ ঘটনা৷ একেটা পৰিয়ালৰ ৪ টাকৈ শিশুৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে গাঁও খনত। আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছে গাঁৱৰ ৰাইজ। আশ্চৰ্যজনক যে স্বাস্থ্য বিভাগেও এই পৰ্যন্ত জানিব পৰা নাই শিশু কেইটাৰ মৃত্যুৰ কাৰণ৷

প্ৰাপ্ত তথ্য অনুসৰি কিষাণগঞ্জ জিলাৰ দীঘলবংক ব্লকৰ জাগীৰ পদমপুৰ পঞ্চায়তৰ অন্তৰ্গত কঠালবাৰীত এক ৰহস্যজনক ৰোগত আক্ৰান্ত হৈ একেটা পৰিয়ালৰ তিনিটা সন্তানৰ মৃত্যু হয়।

শনিবাৰে গাঁওখনত এই ৰহস্যজনক ৰোগত আক্ৰান্ত হৈ চতুৰ্থটো শিশুৰ মৃত্যু হয়৷ শিশুটো স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও শিশুটোৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে পাটনালৈ প্ৰেৰণ কৰা হৈছিল। পাটনাৰ পিএমচিএইচত চিকিৎসা চলিথকা আৱস্থাতে  শিশুটোৰ মৃত্যু হয়। দেওবাৰে পৰিয়ালৰ লোকে শিশুটিৰ মৃতদেহ লৈ ঘৰলৈ উভতি আহে।এনেদৰে এটা ৰহস্যজনক ৰোগত একেটা পৰিয়ালৰ ৪টা সন্তানৰ মৃত্যুৱে সমগ্ৰ গাঁওখনতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। 

উল্লেখযোগ্য যে শিশু কেইটাৰ বয়স আছিল চাৰিৰ পৰা ছয় বছৰ। আটাইকেইটা শিশুৰ একেধৰণৰ লক্ষণ দেখা গৈছিল বুলি মৃতকৰ আত্মীয়ই জানিবলৈ দিছে। আটাইকেইটা শিশুৰে প্ৰথমে জ্বৰ, বমি, ডায়েৰিয়া আৰু পেটৰ বিষ হৈছিল। মৃত শিশু কেইটাৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পৰীক্ষাৰ অন্ততহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

ইয়াৰ পাছতে স্বাস্থ্য বিভাগৰ বিষয়াৰ এটা দলে গাঁওখন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু এই ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি স্বাস্থ্য বিভাগৰ দলটোৱে ৰাইজক উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে। এই ৰোগৰ বিষয়ে জানিবলৈ জিলা স্বাস্থ্য সমিতি আৰু প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post