--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰৰ কিষানগঞ্জ জিলাত সংঘটিত হৈছে এক কৰুণ ঘটনা৷ একেটা পৰিয়ালৰ ৪ টাকৈ শিশুৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে গাঁও খনত। আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছে গাঁৱৰ ৰাইজ। আশ্চৰ্যজনক যে স্বাস্থ্য বিভাগেও এই পৰ্যন্ত জানিব পৰা নাই শিশু কেইটাৰ মৃত্যুৰ কাৰণ৷

প্ৰাপ্ত তথ্য অনুসৰি কিষাণগঞ্জ জিলাৰ দীঘলবংক ব্লকৰ জাগীৰ পদমপুৰ পঞ্চায়তৰ অন্তৰ্গত কঠালবাৰীত এক ৰহস্যজনক ৰোগত আক্ৰান্ত হৈ একেটা পৰিয়ালৰ তিনিটা সন্তানৰ মৃত্যু হয়।

শনিবাৰে গাঁওখনত এই ৰহস্যজনক ৰোগত আক্ৰান্ত হৈ চতুৰ্থটো শিশুৰ মৃত্যু হয়৷ শিশুটো স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও শিশুটোৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে পাটনালৈ প্ৰেৰণ কৰা হৈছিল। পাটনাৰ পিএমচিএইচত চিকিৎসা চলিথকা আৱস্থাতে  শিশুটোৰ মৃত্যু হয়। দেওবাৰে পৰিয়ালৰ লোকে শিশুটিৰ মৃতদেহ লৈ ঘৰলৈ উভতি আহে।এনেদৰে এটা ৰহস্যজনক ৰোগত একেটা পৰিয়ালৰ ৪টা সন্তানৰ মৃত্যুৱে সমগ্ৰ গাঁওখনতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। 

উল্লেখযোগ্য যে শিশু কেইটাৰ বয়স আছিল চাৰিৰ পৰা ছয় বছৰ। আটাইকেইটা শিশুৰ একেধৰণৰ লক্ষণ দেখা গৈছিল বুলি মৃতকৰ আত্মীয়ই জানিবলৈ দিছে। আটাইকেইটা শিশুৰে প্ৰথমে জ্বৰ, বমি, ডায়েৰিয়া আৰু পেটৰ বিষ হৈছিল। মৃত শিশু কেইটাৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পৰীক্ষাৰ অন্ততহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

ইয়াৰ পাছতে স্বাস্থ্য বিভাগৰ বিষয়াৰ এটা দলে গাঁওখন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু এই ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি স্বাস্থ্য বিভাগৰ দলটোৱে ৰাইজক উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে। এই ৰোগৰ বিষয়ে জানিবলৈ জিলা স্বাস্থ্য সমিতি আৰু প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ