--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰত বিজয় চক/ কৰ্তব্য পথত 'মেৰী মাটি মেৰা দেশ' অভিযানৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব। এই অনুষ্ঠান 'মেৰী মাটি মেৰা দেশ' অভিযানৰ অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠানৰূপে আয়োজন কৰা হ'ব , য'ত ৭৬৬খন জিলাৰ ৭০০০ খণ্ডৰ পৰা অহা অমৃত কলহ যাত্ৰীসকল উপস্থিত থাকিব।

এই অনুষ্ঠানটোৱে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ২০২১ চনৰ ১২ মাৰ্চত আৰম্ভ কৰা 'আজাদী কা অমৃত মহোৎসৱ'ৰ দুবছৰীয়া অভিযানৰ সমাপ্তি ৰূপেও পৰিগণিত হ'ব। উল্লেখ্য যে, 'আজাদী কা অমৃত মহোৎসৱ'ৰ আৰম্ভণিৰে পৰা সমগ্ৰ দেশতে জনসাধাৰণৰ অংশগ্ৰহণেৰে দুই লাখতকৈও অধিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

 অনুষ্ঠানত স্বতন্ত্ৰ সংস্থা মেৰা যুৱ ভাৰত (মাই ভাৰত)ৰ শুভাৰম্ভ কৰা হ'ব যিয়ে যুৱ নেতৃত্বৰ উন্নয়নৰ ওপৰত চৰকাৰৰ গুৰুত্ব আৰোপ কৰাত সহায় কৰিব আৰু নৱপ্ৰজন্মক উন্নয়নৰ "সক্ৰিয় কৰ্মী" কৰি তুলিব। এই  সংস্থাৰ উদ্দেশ্য হৈছে যুৱ প্ৰজন্মক সামূহিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ নিৰ্মাতা হ’বলৈ অনুপ্ৰাণিত কৰা যাতে তেওঁলোকে চৰকাৰ আৰু নাগৰিকৰ মাজত যুৱ সেতু হিচাপে কাম কৰিব পাৰে।

৩০ আৰু ৩১ অক্টোবৰত কৰ্তব্য পথ/বিজয় চকত অনুষ্ঠিত 'মেৰী মাটি মেৰা দেশ'ৰ দুদিনীয়া সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২০,০০০ তকৈও অধিক অমৃত কলহ যাত্ৰীয়ে  ৰে'ল, বাছ আৰু স্থানীয় পৰিবহণৰ জৰিয়তে ৰাজধানী নতুন দিল্লীত উপস্থিত হ'ব।  গুৰগাঁৱৰ ধনশিৰি শিবিৰ আৰু দিল্লীৰ ৰাধা স্বামী সৎসঙ্গ ব্যাস শিবিৰত অমৃত কলহ যাত্ৰীসকল থকাৰ বিশেষ ব্যৱস্থা কৰা হৈছে। 

 ৩০ অক্টোবৰত সকলো ৰাজ্যই তেওঁলোকৰ নিজ নিজ খণ্ড আৰু নগৰৰ স্থানীয় সংস্থাক প্ৰতিনিধিত্ব কৰাৰ লগতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ মনোভাৱেৰে নিজ নিজ কলহৰ মাটি এক বিশাল অমৃত কলহত সংগ্ৰহ কৰিব।  অমৃত কলহত মাটি সংগ্ৰহ কৰা অনুষ্ঠানৰ সময়ত প্ৰতিখন ৰাজ্যৰ জনপ্ৰিয় কলা প্ৰদৰ্শন কৰা হ'ব। এই অনুষ্ঠান পুৱা ১০.৩০ বজাত আৰম্ভ হ'ব আৰু সন্ধিয়ালৈকে চলিব।

 ৩১ অক্টোবৰত, দুপৰীয়া ১২ বজাৰ পৰা দিনৰ ২ বজালৈ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনৰ সৈতে এক ৰাজহুৱা অনুষ্ঠানো অনুষ্ঠিত হ'ব। আবেলি ৪ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ স্বাধীনতা যুঁজত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ কৰি অমৃত কলহ যাত্ৰী আৰু দেশবাসীক সম্বোধন কৰিব।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ