--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰত বিজয় চক/ কৰ্তব্য পথত 'মেৰী মাটি মেৰা দেশ' অভিযানৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব। এই অনুষ্ঠান 'মেৰী মাটি মেৰা দেশ' অভিযানৰ অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠানৰূপে আয়োজন কৰা হ'ব , য'ত ৭৬৬খন জিলাৰ ৭০০০ খণ্ডৰ পৰা অহা অমৃত কলহ যাত্ৰীসকল উপস্থিত থাকিব।

এই অনুষ্ঠানটোৱে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ২০২১ চনৰ ১২ মাৰ্চত আৰম্ভ কৰা 'আজাদী কা অমৃত মহোৎসৱ'ৰ দুবছৰীয়া অভিযানৰ সমাপ্তি ৰূপেও পৰিগণিত হ'ব। উল্লেখ্য যে, 'আজাদী কা অমৃত মহোৎসৱ'ৰ আৰম্ভণিৰে পৰা সমগ্ৰ দেশতে জনসাধাৰণৰ অংশগ্ৰহণেৰে দুই লাখতকৈও অধিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

 অনুষ্ঠানত স্বতন্ত্ৰ সংস্থা মেৰা যুৱ ভাৰত (মাই ভাৰত)ৰ শুভাৰম্ভ কৰা হ'ব যিয়ে যুৱ নেতৃত্বৰ উন্নয়নৰ ওপৰত চৰকাৰৰ গুৰুত্ব আৰোপ কৰাত সহায় কৰিব আৰু নৱপ্ৰজন্মক উন্নয়নৰ "সক্ৰিয় কৰ্মী" কৰি তুলিব। এই  সংস্থাৰ উদ্দেশ্য হৈছে যুৱ প্ৰজন্মক সামূহিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ নিৰ্মাতা হ’বলৈ অনুপ্ৰাণিত কৰা যাতে তেওঁলোকে চৰকাৰ আৰু নাগৰিকৰ মাজত যুৱ সেতু হিচাপে কাম কৰিব পাৰে।

৩০ আৰু ৩১ অক্টোবৰত কৰ্তব্য পথ/বিজয় চকত অনুষ্ঠিত 'মেৰী মাটি মেৰা দেশ'ৰ দুদিনীয়া সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২০,০০০ তকৈও অধিক অমৃত কলহ যাত্ৰীয়ে  ৰে'ল, বাছ আৰু স্থানীয় পৰিবহণৰ জৰিয়তে ৰাজধানী নতুন দিল্লীত উপস্থিত হ'ব।  গুৰগাঁৱৰ ধনশিৰি শিবিৰ আৰু দিল্লীৰ ৰাধা স্বামী সৎসঙ্গ ব্যাস শিবিৰত অমৃত কলহ যাত্ৰীসকল থকাৰ বিশেষ ব্যৱস্থা কৰা হৈছে। 

 ৩০ অক্টোবৰত সকলো ৰাজ্যই তেওঁলোকৰ নিজ নিজ খণ্ড আৰু নগৰৰ স্থানীয় সংস্থাক প্ৰতিনিধিত্ব কৰাৰ লগতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ মনোভাৱেৰে নিজ নিজ কলহৰ মাটি এক বিশাল অমৃত কলহত সংগ্ৰহ কৰিব।  অমৃত কলহত মাটি সংগ্ৰহ কৰা অনুষ্ঠানৰ সময়ত প্ৰতিখন ৰাজ্যৰ জনপ্ৰিয় কলা প্ৰদৰ্শন কৰা হ'ব। এই অনুষ্ঠান পুৱা ১০.৩০ বজাত আৰম্ভ হ'ব আৰু সন্ধিয়ালৈকে চলিব।

 ৩১ অক্টোবৰত, দুপৰীয়া ১২ বজাৰ পৰা দিনৰ ২ বজালৈ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনৰ সৈতে এক ৰাজহুৱা অনুষ্ঠানো অনুষ্ঠিত হ'ব। আবেলি ৪ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ স্বাধীনতা যুঁজত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ কৰি অমৃত কলহ যাত্ৰী আৰু দেশবাসীক সম্বোধন কৰিব।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক