--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শাৰদীয় পূৰ্ণিমাতে হ’ব ২০২৩ বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হ’ব, যি ১ ঘণ্টা ১৬ মিনিট সময়লৈ থাকিব। চন্দ্ৰগ্ৰহণৰ সুতক সময় ৯ ঘণ্টা আগতে আৰম্ভ হয়, সেয়ে ইয়াত কিছুমান কাম কৰা নিষিদ্ধ বুলি বিশ্বাস কৰা হয়। এই বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ ২৮ অক্টোবৰৰ নিশা ১ বাজি ৬ মিনিটত হ’ব। ই ২৯ অক্টোবৰৰ পুৱা ২ বাজি ২২ মিনিটত সমাপ্ত হ’ব। ই এটা আংশিক চন্দ্ৰগ্ৰহণ, যি মেষ আৰু অশ্বিনী নক্ষত্ৰত হ’ব।

বছৰটোৰ অন্তিম চন্দ্ৰগ্ৰহণৰ সুতক কাল ২৮ অক্টোবৰৰ আবেলি ২ বাজি ৫২ মিনিটত আৰম্ভ হ’ব আৰু ২৯ অক্টোবৰৰ পুৱা ২ বাজি ২২ মিনিটলৈকে চলিব। চন্দ্ৰগ্ৰহণৰ সমাপ্তিৰ লগে লগে সুতক কালো সমাপ্ত হ’ব। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, সুতক কালক এক অশুভ সময় বুলি গণ্য কৰা হয়, সেয়ে এই সময়ত কোনো শুভ কাম কৰাটো নিষিদ্ধ অথবা কৰা নহয়।

উল্লেখ্য যে চন্দ্ৰগ্ৰহণৰ পৰিপ্ৰেক্ষিতত শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শনিবাৰে সন্ধিয়া ৪ বজাত বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ অধ্যক্ষ অজেন্দ্ৰ অজয়ে কয় যে সুতক কালত ঈশ্বৰৰ পূজা কৰাটো অশুভ বুলি গণ্য কৰা হয়। সেয়েহে সন্ধিয়া ৪ বজাত বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰ বন্ধ থাকিব। এই সময়ছোৱাত ধামত পূজা কৰা নহ’ব।

ভক্তসকলেও দেখা নাপাব আদৰণীয় দেৱতাক। শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ অধীনত থকা সকলো মন্দিৰৰ ক্ষেত্ৰতো এই সিদ্ধান্ত প্ৰযোজ্য হ’ব বুলিও তেওঁ কয়। অজেন্দ্ৰ অজয়ে জনোৱা মতে, দেওবাৰে অৰ্থাৎ ২৯ অক্টোবৰত ব্ৰহ্ম মুহুৰ্তত বদ্ৰীনাথ আৰু কেদাৰনাথ দুয়োটা মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। মহাভিষেক, ৰুদ্ৰভিষেককে ধৰি সকলো পুৱাৰ পূজা নির্দিষ্ট সময়ত অনুষ্ঠিত হ’ব বুলিও তেওঁ কয়৷ অজয়ে কয় যে চন্দ্ৰগ্ৰহণৰ সময়ত শ্ৰী নৰসিংহ মন্দিৰ যোশীমথ, দ্বিতীয় কেদাৰ মদমহেশ্বৰ, তৃতীয় কেদাৰ টুংগনাথ, শ্ৰী ওমকাৰেশ্বৰ মন্দিৰ উখিমথ, যোগ বদ্ৰী পাণ্ডুকেশ্বৰকে ধৰি অন্যান্য মন্দিৰত অনুৰূপ পূজাৰ ব্যৱস্থা কৰা হ’ব। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ