--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি শাৰদীয় পূৰ্ণিমাতে হ’ব ২০২৩ বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হ’ব, যি ১ ঘণ্টা ১৬ মিনিট সময়লৈ থাকিব। চন্দ্ৰগ্ৰহণৰ সুতক সময় ৯ ঘণ্টা আগতে আৰম্ভ হয়, সেয়ে ইয়াত কিছুমান কাম কৰা নিষিদ্ধ বুলি বিশ্বাস কৰা হয়। এই বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণ ২৮ অক্টোবৰৰ নিশা ১ বাজি ৬ মিনিটত হ’ব। ই ২৯ অক্টোবৰৰ পুৱা ২ বাজি ২২ মিনিটত সমাপ্ত হ’ব। ই এটা আংশিক চন্দ্ৰগ্ৰহণ, যি মেষ আৰু অশ্বিনী নক্ষত্ৰত হ’ব।

বছৰটোৰ অন্তিম চন্দ্ৰগ্ৰহণৰ সুতক কাল ২৮ অক্টোবৰৰ আবেলি ২ বাজি ৫২ মিনিটত আৰম্ভ হ’ব আৰু ২৯ অক্টোবৰৰ পুৱা ২ বাজি ২২ মিনিটলৈকে চলিব। চন্দ্ৰগ্ৰহণৰ সমাপ্তিৰ লগে লগে সুতক কালো সমাপ্ত হ’ব। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি, সুতক কালক এক অশুভ সময় বুলি গণ্য কৰা হয়, সেয়ে এই সময়ত কোনো শুভ কাম কৰাটো নিষিদ্ধ অথবা কৰা নহয়।

উল্লেখ্য যে চন্দ্ৰগ্ৰহণৰ পৰিপ্ৰেক্ষিতত শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শনিবাৰে সন্ধিয়া ৪ বজাত বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ অধ্যক্ষ অজেন্দ্ৰ অজয়ে কয় যে সুতক কালত ঈশ্বৰৰ পূজা কৰাটো অশুভ বুলি গণ্য কৰা হয়। সেয়েহে সন্ধিয়া ৪ বজাত বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰ বন্ধ থাকিব। এই সময়ছোৱাত ধামত পূজা কৰা নহ’ব।

ভক্তসকলেও দেখা নাপাব আদৰণীয় দেৱতাক। শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ অধীনত থকা সকলো মন্দিৰৰ ক্ষেত্ৰতো এই সিদ্ধান্ত প্ৰযোজ্য হ’ব বুলিও তেওঁ কয়। অজেন্দ্ৰ অজয়ে জনোৱা মতে, দেওবাৰে অৰ্থাৎ ২৯ অক্টোবৰত ব্ৰহ্ম মুহুৰ্তত বদ্ৰীনাথ আৰু কেদাৰনাথ দুয়োটা মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। মহাভিষেক, ৰুদ্ৰভিষেককে ধৰি সকলো পুৱাৰ পূজা নির্দিষ্ট সময়ত অনুষ্ঠিত হ’ব বুলিও তেওঁ কয়৷ অজয়ে কয় যে চন্দ্ৰগ্ৰহণৰ সময়ত শ্ৰী নৰসিংহ মন্দিৰ যোশীমথ, দ্বিতীয় কেদাৰ মদমহেশ্বৰ, তৃতীয় কেদাৰ টুংগনাথ, শ্ৰী ওমকাৰেশ্বৰ মন্দিৰ উখিমথ, যোগ বদ্ৰী পাণ্ডুকেশ্বৰকে ধৰি অন্যান্য মন্দিৰত অনুৰূপ পূজাৰ ব্যৱস্থা কৰা হ’ব। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ