--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বেয়াৰ বজাৰত চেলো ৱৰ্ল্ডৰ আই পি অ’ৰ  প্ৰৱেশে ভাৰতক এজন নতুন কোটিপতি প্ৰদান কৰিছে। কোটিপতিৰ তালিকাত যোগদান কৰা নতুন ব্যৱসায়ী হিচাপে পৰিগণিত হৈছে কেচৰ’ল কিং নামেৰে পৰিচিত প্ৰদীপ ৰাথোড়। শুকুৰবাৰে কোম্পানীটোৰ শ্বেয়াৰ বন্ধ হয় ৭৮৮.৪০ টকাত। ইয়াৰ লগে লগে চেলো ৱৰ্ল্ডৰ বজাৰ মূল্য ১৬৭৩২.২৯ কোটি টকালৈ বৃদ্ধি পাইছে।

চেলো ৱৰ্ল্ডত প্ৰদীপ ৰাথোড় আৰু তেওঁৰ পৰিয়ালৰ প্ৰায় ৭৮ শতাংশ অংশীদাৰিত্ব আছে। কোম্পানীটোৱে ৬১৭ টকাৰ পৰা ৬৪৮ টকাৰ মূল্যত এই আই পি অ’ আৰম্ভ কৰিছিল। বজাৰৰ পৰা চেলোক প্ৰচণ্ড সঁহাৰি দিয়া হৈছিল আৰু চেলোক ৩৯ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। কোম্পানীটোৰ প্ৰডাক্ট পৰ্টফলিঅ’ বজাৰত অতি জনপ্ৰিয়। কোম্পানীটোৱে ঘৰুৱা সামগ্ৰী, সঁজুলি, পেন-ষ্টেনাৰী আৰু আচবাব নিৰ্মাণ কৰে। সোমবাৰে শ্বেয়াৰ বজাৰত আহিছিল কোম্পানীটোৰ শ্বেয়াৰ। ইয়াৰ শ্বেয়াৰহোল্ডাৰসকলো শ্বেয়াৰ বজাৰত চেলো ৱৰ্ল্ডৰ প্ৰদৰ্শনত অতি সুখী।

চেলো ৱৰ্ল্ডৰ অধ্যক্ষ তথা এম ডি প্ৰদীপ ঘিছুলাল ৰাথোড়ৰ কেচৰল প্ৰতিটো ঘৰলৈ লৈ যোৱাত ডাঙৰ অৱদান আছে। তেওঁ ভাৰতত প্লাষ্টিক সামগ্ৰীক এক নতুন দিশ দিছে। প্ৰদীপৰ নেতৃত্বতেই ২০১৭ চনত কোম্পানীটোৱে গ্লাছৱেৰ আৰু অপেল ৱেৰ ছেগমেণ্টত প্ৰৱেশ কৰে। বিশেষজ্ঞসকলৰ মতে সমগ্ৰ দেশতে কোম্পানীটোৰ সামগ্ৰীৰ শক্তিশালী ব্ৰেণ্ড ইমেজ আৰু প্ৰসাৰতাই আই পি অ’ক ইমান সফল কৰি তুলিছিল। প্লাষ্টিক আৰু থাৰ্মোৱেৰ উদ্যোগত ৰাথোড়ৰ ৪০ বছৰীয়া অভিজ্ঞতা আছে। তেওঁৰ দুই পুত্ৰ গৌৰৱ আৰু পংকজো কোম্পানীটোৰ যুটীয়া পৰিচালন সঞ্চালক।

প্ৰদীপ ৰাথোড়ৰ পিতৃ ঘিচুলাল ৰাথোড়ে ১৯৬৭ চনত চেলো ৱৰ্ল্ডৰ ভেটি স্থাপন কৰিছিল। প্ৰথম অৱস্থাত কোম্পানীটোৱে জোতা, চেণ্ডেল আৰু খাৰু নিৰ্মাণ কৰিছিল। ১৯৮০ চনত কোম্পানীটোৱে কেচৰ’ল নিৰ্মাণ আৰম্ভ কৰে। ঘিছুলালে প্ৰথমবাৰৰ বাবে আমেৰিকা ভ্ৰমণৰ সময়ত কেচৰল দেখা পাইছিল, যিবোৰ খাদ্য গৰম আৰু সতেজ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ পিছত তেওঁ ভাৰতীয় বজাৰত কেচৰ’ল মুকলি কৰে।

এজন সফল ব্যৱসায়ী হোৱাৰ উপৰিও প্ৰদীপ ৰাথোড়োসমাজ কৰ্মৰ লগতো জড়িত। বদমিয়া চেৰিটেবল ট্ৰাষ্টৰ ট্ৰাষ্টী আৰু জীতো এডমিনিষ্ট্ৰেটিভ ট্ৰেইনিং ফাউণ্ডেশ্যনৰ সভাপতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement