--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনকদিনে বৃদ্ধি পাইছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা ৷ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ইণ্ডিয়া টুডেৰ মুড অৱ দ্য নেশ্যন (এমঅ’টিএন)ৰ সমীক্ষাত তেওঁৰ অনুমোদনৰ ৰেটিং ৫১ শতাংশৰ পৰা ৫৫.৪ শতাংশলৈ বৃদ্ধি পাইছে।

সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা আগষ্ট ২০২৩-ত ৪৯.২ শতাংশৰ পৰা বৃদ্ধি পাই ফেব্ৰুৱাৰী ২০২৪-ত ৪৮.৬ শতাংশ আৰু আগষ্ট ২০২৪-ত ৫০.৮ শতাংশ হৈছেগৈ। এই সমীক্ষাই প্ৰমাণ কৰে যে শৰ্মাৰ জনপ্ৰিয়তা পূৰ্বতকৈ বৃদ্ধি পাইছে।।



এই সন্দৰ্ভত বিজেপি অসম প্ৰদেশে সামাজিক মাধ্যমত লিখে যে- "দেশৰ আগশাৰীৰ সংবাদগোষ্ঠী ইণ্ডিয়া টুডে গোষ্ঠীৰ 'মুড অৱ দ্য নেশ্যন' সমীক্ষাত দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ স্থানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া"। হিমন্ত বিশ্ব শৰ্মাই ৫৫.৪ শতাংশ ভোট পোৱাৰ বিপৰীতে চন্দ্ৰবাবু নাইডুয়ে ৪৬.৯ শতাংশ আুৰু মমতা বেনাৰ্জীয়ে লাভ কৰে ৪৬.৯ শতাংশ ভোট।

মন্ত্ৰী পিযুষ হাজৰিকাই লিখে যে- এই সমীক্ষাই তেখেতৰ কঠোৰ পৰিশ্ৰম, ক্ষিপ্ৰ সিদ্ধান্ত-গ্ৰহণ প্ৰক্ৰিয়া আৰু জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত থকা বিচক্ষণতাকে প্ৰতিফলিত কৰে। সেয়েহে আমাৰ জননেতাগৰাকীৰ ওপৰত অসমবাসীৰ অপৰিসীম আস্থা আৰু বিশ্বাস অব্যাহত আছে।

সমীক্ষাত প্ৰকাশ পোৱা তালিকাৰ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে লিখে যে- এই ফলাফল তেখেতৰ কঠোৰ পৰিশ্ৰম, ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ আৰু জনকল্যাণমূলক পদক্ষেপৰ প্ৰতিফলন।  এই সমীক্ষা প্ৰকাশ পোৱাৰ পাছতে বিভিন্নজনে মুখ্যমন্ত্ৰীগৰাকীক শুভকামনাৰে উপচাই পেলাইছে।

এডভান্টেজ অসম ২.০ কাষ চাপি অহাৰ লগে লগে এই সমীক্ষাই ৰাজ্যখনৰ এক আশাব্যঞ্জক বিনিয়োগৰ গন্তব্যস্থান হিচাপে স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে, অসমৰ দ্ৰুতগতিত বিকশিত হোৱা ব্যৱসায়িক পৰিৱেশৰ প্ৰতি আগ্ৰহী সম্ভাৱ্য বিনিয়োগকাৰীসকলৰ বাবে এক বাধ্যতামূলক যুক্তি দাঙি ধৰিছে।

বিগত তিনি বছৰত অসমত আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, শিক্ষা, আৰু আইনৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতিৰ সাক্ষী হৈছে, উন্নয়নৰ পোষকতা আৰু জীৱন উন্নত কৰাৰ মূল পদক্ষেপ। শেহতীয়া সমীক্ষাৰ ফলাফলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ গতিশীল আৰু দূৰদৰ্শী নেতা হিচাপে সুনাম পুনৰ দৃঢ় কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ