--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভেলেণ্টাইন ডে’। প্ৰেমৰ নামত উৎসৰ্গিত এটা দিন। প্ৰেমৰ বাবেই পৃথিৱীখন ধুনীয়া। প্ৰেম এই পৃথিৱীৰ আটাইতকৈ সুন্দৰ আৰু সুকোমল অনুভূতি। কিছুমান প্ৰেম কাহিনীয়ে মানুহক প্ৰেৰণা যোগায়। সঁচা মৰম-ভালপোৱাৰ প্ৰতি বিশ্বাস যোগায়।

আহক ভেলেণ্টাইন ডে’ৰ দিনা জানো এক জীয়া প্ৰেম কাহিনীৰ কথা। কাহিনীৰ নায়ক-নায়িকা ছত্তীশগড়ৰ। এই প্ৰেম কাহিনী জ্যোতি আৰু বিকাশৰ।

জ্যোতি আৰু বিকাশৰ মাজত আছে চৈধ্য বছৰীয়া প্ৰেম, সন্মান আৰু এক অবিস্মৰণীয় বন্ধন। তেওঁলোকৰ একেলগে এই যাত্ৰা আৰম্ভ হৈছিল এক সাহস আৰু ত্যাগৰ কাৰ্য্যৰ দ্বাৰা যিয়ে তেওঁলোকৰ দুয়োৰে জীৱন সলনি কৰি পেলালে।

জ্যোতি আৰু বিকাশৰ কাহিনী আৰম্ভ হৈছিল ২০১০ চনৰ ৩ জানুৱাৰীত। সেইদিনা দুয়ো বাছেৰে যাত্ৰা কৰি আছিল। দুয়ো দুয়োৰে বাবে সম্পূৰ্ণ অচিনাকি। জ্যোতি আছিল নাৰ্ছ আৰু বিকাশ এগৰাকী সেনা জোৱান। জ্যোতিয়ে নিজৰ গৃহ চহৰ বাচেলী দান্তেৱাদালৈ গৈ আছিল আৰু জোৱান বিকাশ বালোডৰ চিআইএছএফৰ শিবিৰলৈ গৈ আছিল। সেইদিনা নিয়তিয়ে লিখি থৈছিল অন্য এক কাহিনী। 

বাছখনে ছত্তীশগড়ৰ মাজেৰে যাত্ৰা কৰি থাকোঁতে হঠাতে এক ভয়ংকৰ বিপদৰ সৃষ্টি হয়। এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনক খুন্দা মাৰিবলৈ আহে। বিকাশৰ ঠিক পিছফালে বহি থকা জ্যোতিয়ে এই বিপদটো দেখি একো চিন্তা নকৰাকৈয়ে কামত জঁপিয়াই পৰিল। তেওঁ সোঁহাতেৰে বিকাশৰ মূৰটো ধৰি ভিতৰলৈ ঠেলি দিলে নিৰাপদ স্থানলৈ। বিকাশৰ জীৱন ৰক্ষা হ’ল যদিও এই প্ৰক্ৰিয়াত জ্যোতিৰ হাতখন গাড়ীৰ মাজত আবদ্ধ হৈ পৰিল। এই ঘটনাত জ্যোতিৰ হাতখন বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।

জ্যোতিক ততাতৈয়াকৈ ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে তেওঁৰ হাতখন বচাবলৈ যুঁজিছিল যদিও বহু চেষ্টাৰ পিছতো সংক্ৰমণ আৰম্ভ হৈছিল আৰু তেওঁৰ জীৱন ৰক্ষাৰ বাবে হাতখন কাটি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল।

সেই দুখৰ মুহূৰ্তত জ্যোতিৰ কাষত ছাঁৰ দৰে আছিল বিকাশ। তেওঁ জ্যোতিক চিকিৎসালয়লৈ লৈ যোৱাই নহয় তেওঁৰ চিকিৎসাৰ সমগ্ৰ খৰচো বহন কৰিছিল। বাৰ দিন ধৰি বিকাশ জ্যোতিৰ কাষত থাকি শাৰীৰিক আৰু আৱেগিক দুয়োটা দিশতে সহায় আগবঢ়াইছিল। হাস্পতালৰ পৰা জ্যোতিক ৰিলিজ দিয়াৰ পাছতো বিকাশে প্ৰয়োজনীয় সামগ্ৰী আৰু ঔষধ পঠিয়াই সহায় কৰি গৈছিল।

বিকাশে জ্যোতিৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ল। গোটেই জীৱনটো জ্যোতিৰ লগতে কটাবলৈ সিদ্ধান্ত ল’লে বিকাশে। বিকাশে জ্যোতিৰ আগত মনৰ ভাৱ প্ৰকাশ কৰে কিন্তু জ্যোতিয়ে ভাবিছিল যে বিকাশৰ পত্নী হ’লে বিকাশৰ জীৱনটো ধ্বংস হ’ব। 

কিন্তু বিকাশ নিজৰ সিদ্ধান্তত অটল আছিল। তেওঁ জ্যোতিক নিজৰ কৰি লবলৈ দৃঢ় প্ৰতিজ্ঞ হ’ল। এবছৰ ধৰি অপেক্ষা আৰু বুজাবুজিৰ অন্তত অৱশেষত ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত জ্যোতিয়ে বিকাশৰ প্ৰস্তাৱত সঁহাৰি জনায়। দুয়োজনে বিয়াৰ সিদ্ধান্ত লয়, আৰু একে বছৰৰ ১৩ এপ্ৰিলত এটা মন্দিৰত দুয়ো বিবাহপাশত আবদ্ধ হয়।

বিকাশে এতিয়া নেডুম্বাছেৰী বিমানবন্দৰত কাম কৰে, আনহাতে জ্যোতিয়ে এগৰাকী মৰমিয়াল পত্নী হৈ বিকাশৰ জীৱন আৱৰি আছে। দুয়োৰে প্ৰেম কাহিনীয়ে আনকো দেখুৱায় পোহৰৰ বাট।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ