--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভেলেণ্টাইন ডে’। প্ৰেমৰ নামত উৎসৰ্গিত এটা দিন। প্ৰেমৰ বাবেই পৃথিৱীখন ধুনীয়া। প্ৰেম এই পৃথিৱীৰ আটাইতকৈ সুন্দৰ আৰু সুকোমল অনুভূতি। কিছুমান প্ৰেম কাহিনীয়ে মানুহক প্ৰেৰণা যোগায়। সঁচা মৰম-ভালপোৱাৰ প্ৰতি বিশ্বাস যোগায়।

আহক ভেলেণ্টাইন ডে’ৰ দিনা জানো এক জীয়া প্ৰেম কাহিনীৰ কথা। কাহিনীৰ নায়ক-নায়িকা ছত্তীশগড়ৰ। এই প্ৰেম কাহিনী জ্যোতি আৰু বিকাশৰ।

জ্যোতি আৰু বিকাশৰ মাজত আছে চৈধ্য বছৰীয়া প্ৰেম, সন্মান আৰু এক অবিস্মৰণীয় বন্ধন। তেওঁলোকৰ একেলগে এই যাত্ৰা আৰম্ভ হৈছিল এক সাহস আৰু ত্যাগৰ কাৰ্য্যৰ দ্বাৰা যিয়ে তেওঁলোকৰ দুয়োৰে জীৱন সলনি কৰি পেলালে।

জ্যোতি আৰু বিকাশৰ কাহিনী আৰম্ভ হৈছিল ২০১০ চনৰ ৩ জানুৱাৰীত। সেইদিনা দুয়ো বাছেৰে যাত্ৰা কৰি আছিল। দুয়ো দুয়োৰে বাবে সম্পূৰ্ণ অচিনাকি। জ্যোতি আছিল নাৰ্ছ আৰু বিকাশ এগৰাকী সেনা জোৱান। জ্যোতিয়ে নিজৰ গৃহ চহৰ বাচেলী দান্তেৱাদালৈ গৈ আছিল আৰু জোৱান বিকাশ বালোডৰ চিআইএছএফৰ শিবিৰলৈ গৈ আছিল। সেইদিনা নিয়তিয়ে লিখি থৈছিল অন্য এক কাহিনী। 

বাছখনে ছত্তীশগড়ৰ মাজেৰে যাত্ৰা কৰি থাকোঁতে হঠাতে এক ভয়ংকৰ বিপদৰ সৃষ্টি হয়। এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনক খুন্দা মাৰিবলৈ আহে। বিকাশৰ ঠিক পিছফালে বহি থকা জ্যোতিয়ে এই বিপদটো দেখি একো চিন্তা নকৰাকৈয়ে কামত জঁপিয়াই পৰিল। তেওঁ সোঁহাতেৰে বিকাশৰ মূৰটো ধৰি ভিতৰলৈ ঠেলি দিলে নিৰাপদ স্থানলৈ। বিকাশৰ জীৱন ৰক্ষা হ’ল যদিও এই প্ৰক্ৰিয়াত জ্যোতিৰ হাতখন গাড়ীৰ মাজত আবদ্ধ হৈ পৰিল। এই ঘটনাত জ্যোতিৰ হাতখন বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।

জ্যোতিক ততাতৈয়াকৈ ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে তেওঁৰ হাতখন বচাবলৈ যুঁজিছিল যদিও বহু চেষ্টাৰ পিছতো সংক্ৰমণ আৰম্ভ হৈছিল আৰু তেওঁৰ জীৱন ৰক্ষাৰ বাবে হাতখন কাটি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল।

সেই দুখৰ মুহূৰ্তত জ্যোতিৰ কাষত ছাঁৰ দৰে আছিল বিকাশ। তেওঁ জ্যোতিক চিকিৎসালয়লৈ লৈ যোৱাই নহয় তেওঁৰ চিকিৎসাৰ সমগ্ৰ খৰচো বহন কৰিছিল। বাৰ দিন ধৰি বিকাশ জ্যোতিৰ কাষত থাকি শাৰীৰিক আৰু আৱেগিক দুয়োটা দিশতে সহায় আগবঢ়াইছিল। হাস্পতালৰ পৰা জ্যোতিক ৰিলিজ দিয়াৰ পাছতো বিকাশে প্ৰয়োজনীয় সামগ্ৰী আৰু ঔষধ পঠিয়াই সহায় কৰি গৈছিল।

বিকাশে জ্যোতিৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ল। গোটেই জীৱনটো জ্যোতিৰ লগতে কটাবলৈ সিদ্ধান্ত ল’লে বিকাশে। বিকাশে জ্যোতিৰ আগত মনৰ ভাৱ প্ৰকাশ কৰে কিন্তু জ্যোতিয়ে ভাবিছিল যে বিকাশৰ পত্নী হ’লে বিকাশৰ জীৱনটো ধ্বংস হ’ব। 

কিন্তু বিকাশ নিজৰ সিদ্ধান্তত অটল আছিল। তেওঁ জ্যোতিক নিজৰ কৰি লবলৈ দৃঢ় প্ৰতিজ্ঞ হ’ল। এবছৰ ধৰি অপেক্ষা আৰু বুজাবুজিৰ অন্তত অৱশেষত ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত জ্যোতিয়ে বিকাশৰ প্ৰস্তাৱত সঁহাৰি জনায়। দুয়োজনে বিয়াৰ সিদ্ধান্ত লয়, আৰু একে বছৰৰ ১৩ এপ্ৰিলত এটা মন্দিৰত দুয়ো বিবাহপাশত আবদ্ধ হয়।

বিকাশে এতিয়া নেডুম্বাছেৰী বিমানবন্দৰত কাম কৰে, আনহাতে জ্যোতিয়ে এগৰাকী মৰমিয়াল পত্নী হৈ বিকাশৰ জীৱন আৱৰি আছে। দুয়োৰে প্ৰেম কাহিনীয়ে আনকো দেখুৱায় পোহৰৰ বাট।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন