--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভৰ ত্রিবেণী সংগমত মাঘী পূৰ্ণিমাৰ উপলক্ষে ২ কোটিতকৈও অধিক ভক্তই পবিত্র স্নান কৰে। বুধবাৰে পুৱা ৬ বজালৈ প্রায় ৭৩ লক্ষাধিক ভক্তই পবিত্র স্নান সম্পন্ন কৰে। উক্ত দিনাৰ পুৱাৰে পৰা ভক্তসকলে ধর্মীয় উৎসাহ-উদ্দীপনাৰে পবিত্ৰ স্নান সম্পন্ন কৰে। 

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লক্ষ্ণৌৰ পৰাই এই পবিত্র স্নান কাৰ্যসূচীৰ নিৰীক্ষণ কৰি থাকে। এই 'মাঘী পূৰ্ণিমাৰ স্নান'ৰ লগে লগে মাহজোৰা 'কল্পবাস'ৰ অন্ত পৰিব আৰু প্ৰায় ১০ লাখ 'কল্পবাসী'য়ে মহাকুম্ভত্যাগ কৰিব। আনহাতে, জিলা প্রশাসনে ভক্তসকলক যান-বাহন আইন মানি চলিবলৈ আৰু কর্তৃত্বপ্রাপ্ত পার্কিং স্থানসমূহহে ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰিছে। ত্রিবেণী সংগমৰ ফালে লাখ লাখ ভক্তই অগ্ৰসৰ হৈ থকাৰ সময়তে উত্তৰ প্ৰদেশ চৰকাৰে সদৰী কৰিছে যে আজি ২ কোটিতকৈও অধিক ভক্তই ত্রিবেণী সংগমত পবিত্র স্নান সম্পন্ন কৰে। 

আনহাতে, চৰকাৰী বিষয়াসকলে প্রকাশ কৰা অনুসৰি, ভক্তসকলে যাতে কোনো ধৰণৰ জটিল পৰিস্থিতিৰ উদ্ভৱ নোহোৱালৈকে নিৰাপদে পবিত্র স্নান সম্পন্ন কৰিব পাৰে, ইয়াৰ বাবে আৱশ্যকীয় সকলো ব্যৱস্থা প্রশাসনে গ্রহণ কৰে। উল্লেখযোেগ্য যে অহা ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ উপলক্ষে অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত 'অমৃত স্নান'ৰ লগে লগে মহাকুম্ভমেলাৰ অন্ত পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post