--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভৰ ত্রিবেণী সংগমত মাঘী পূৰ্ণিমাৰ উপলক্ষে ২ কোটিতকৈও অধিক ভক্তই পবিত্র স্নান কৰে। বুধবাৰে পুৱা ৬ বজালৈ প্রায় ৭৩ লক্ষাধিক ভক্তই পবিত্র স্নান সম্পন্ন কৰে। উক্ত দিনাৰ পুৱাৰে পৰা ভক্তসকলে ধর্মীয় উৎসাহ-উদ্দীপনাৰে পবিত্ৰ স্নান সম্পন্ন কৰে। 

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লক্ষ্ণৌৰ পৰাই এই পবিত্র স্নান কাৰ্যসূচীৰ নিৰীক্ষণ কৰি থাকে। এই 'মাঘী পূৰ্ণিমাৰ স্নান'ৰ লগে লগে মাহজোৰা 'কল্পবাস'ৰ অন্ত পৰিব আৰু প্ৰায় ১০ লাখ 'কল্পবাসী'য়ে মহাকুম্ভত্যাগ কৰিব। আনহাতে, জিলা প্রশাসনে ভক্তসকলক যান-বাহন আইন মানি চলিবলৈ আৰু কর্তৃত্বপ্রাপ্ত পার্কিং স্থানসমূহহে ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰিছে। ত্রিবেণী সংগমৰ ফালে লাখ লাখ ভক্তই অগ্ৰসৰ হৈ থকাৰ সময়তে উত্তৰ প্ৰদেশ চৰকাৰে সদৰী কৰিছে যে আজি ২ কোটিতকৈও অধিক ভক্তই ত্রিবেণী সংগমত পবিত্র স্নান সম্পন্ন কৰে। 

আনহাতে, চৰকাৰী বিষয়াসকলে প্রকাশ কৰা অনুসৰি, ভক্তসকলে যাতে কোনো ধৰণৰ জটিল পৰিস্থিতিৰ উদ্ভৱ নোহোৱালৈকে নিৰাপদে পবিত্র স্নান সম্পন্ন কৰিব পাৰে, ইয়াৰ বাবে আৱশ্যকীয় সকলো ব্যৱস্থা প্রশাসনে গ্রহণ কৰে। উল্লেখযোেগ্য যে অহা ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ উপলক্ষে অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত 'অমৃত স্নান'ৰ লগে লগে মহাকুম্ভমেলাৰ অন্ত পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ