--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পিত্তাশয়ৰ কর্কট ৰোগৰ (Gallbladder Cancer-GBC) ভয়াৱহ বৃদ্ধিয়ে সাধাৰণ ৰাইজ, চিকিৎসক তথা বিজ্ঞানীসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ মহিলাসকলৰ মাজত এই ৰোগৰ প্রকোপ অধিক। সমগ্ৰ বিশ্বৰ পিত্তাশয়ৰ কৰ্কট ৰোগীৰ ১০ শতাংশ ভাৰতৰ আৰু তাৰো অধিকাংশ অসমৰ। 

চিলি আৰু ব্রাজিলৰ পাছত ভাৰতৰ এই অঞ্চলত এই ৰোগৰ হাৰ বিশ্বৰ ভিতৰত সর্বাধিক। পিত্তাশয়ৰ পাথৰ ৰোগ Gallstone Disease-GSD)ক এই ৰোগৰ প্ৰধান বিপজ্জনক কাৰক হিচাপে চিহ্নিত কৰা হৈছে।

অৱশ্যে, পিত্তাশয়ৰ পাথৰ ৰোগ বিশ্বৰ বিভিন্ন প্রান্তত সাধাৰণ হ'লেও ব্রহ্মপুত্র আৰু গংগা নদীৰ অৱবাহিকা অঞ্চলত বসবাস কৰা লোকসকলৰ মাজতহে ই কর্কট ৰোগলৈ পৰিণত হোৱাৰ প্ৰৱণতা অধিক। পিত্তাশয়ৰ পাথৰ ৰোগ পৃথিৱীৰ আন আন দেশৰ লগতে ভাৰতৰো প্রায়বিলাক অঞ্চলতে হোৱা দেখা যায় যদিও ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ অৱবাহিকা অঞ্চলত বসবাস কৰা লোকসকলৰ মাজতহে পিত্তাশয়ৰ কৰ্কট ৰোগৰ প্রকোপ অধিক। 

উত্তৰ ভাৰতৰ পিত্তাশয়ৰ পাথৰ (GSD) ৰোগত আক্ৰান্ত ৰোগীসকলৰ পিত্তাশয়ৰ পাথৰৰ (GS) বিশেষ কেতবোৰ ভৌতিক-ৰাসায়নিক বৈশিষ্ট্যই এই ৰোগৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে বুলি অনুমান কৰা হয়, যদিও কোনো গবেষণা চলোৱা হোৱা নাছিল। 


পোনপ্রথমবাৰৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱ বিজ্ঞান আৰু জৈৱ প্রযুক্তিবিদ্যা বিভাগৰ গৱেষিকা চিন্ময়ী বৰুৱা আৰু সহকাৰী অধ্যাপক তথা যুৱ বিজ্ঞানী ড° পংকজ বৰাৰ নেতৃত্বত অসম চিকিৎসা মহাবিদ্যালয় ডিব্রুগড়, ড° ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্রতিষ্ঠান গুৱাহাটী, ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী, ৰাষ্ট্ৰীয় ঔষধি গৱেষণা প্রতিষ্ঠান গুৱাহাটী আৰু স্বাগত ছুপাৰস্পেচিয়েলিটি হস্পিটেল গুৱাহাটীৰ এক সমন্বিত গৱেষণাই প্ৰকাশ কৰিছে যে অসম তথা উত্তৰ-পূব ভাৰতত পিত্তাশয়ৰ কৰ্কট ৰোগ বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ'ল পিত্তাশয়ৰ পাথৰত থকা বিষাক্ত ধাতু আৰু ইয়াৰ বিশেষ ভৌতিক-ৰাসায়নিক গঠন। আমেৰিকান কেমিকেল ছ'চাইটিৰ আলোচনীত প্ৰকাশ পোৱা এই গৱেষণাই (বিশেষকৈ মহিলাসকলৰ মাজত) এই ৰোগৰ দ্রুত বৃদ্ধিৰ কেতবোৰ বিশেষ দিশ উন্মোচন কৰিছে। 


উত্তৰ ভাৰত আৰু উত্তৰ-পূব ভাৰত বিশেষকৈ অসমত, (বিশেষকৈ মহিলাৰ মাজত) পিত্তাশয়ৰ কৰ্কট ৰোগীৰ সংখ্যা ভয়াৱহ ধৰণে বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বৰ ১০% পিত্তাশয়ৰ কৰ্কট ৰোগী ভাৰতৰ আৰু তাৰ অধিকাংশই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ। চিলি, বলিভিয়া আদি দেশৰ পাছতে ভাৰতৰ এই অঞ্চলতে পিত্তাশয়ৰ কৰ্কট ৰোগৰ হাৰ পৃথিৱীৰ ভিতৰত সৰ্বাধিক। 

পিত্তাশয়ৰ পাথৰ ৰোগেই পিত্তাশয়ৰ কৰ্কট ৰোগৰ প্ৰধান বিপজ্জনক কাৰক হিচাপে চিহ্নিত হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱ বিজ্ঞান আৰু জৈৱ প্রযুক্তিবিদ্যা বিভাগৰ গৱেষিকা চিন্ময়ী বৰুৱা আৰু সহকাৰী অধ্যাপক ড° পংকজ বৰাৰ নেতৃত্বত অসম চিকিৎসা মহাবিদ্যালয় ডিব্রুগড়, ড° ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্রতিষ্ঠান গুৱাহাটী, ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী, ৰাষ্ট্ৰীয় ঔষধি গৱেষণা প্রতিষ্ঠান গুৱাহাটী আৰু স্বাগত ছুপাৰস্পেচিয়েলিটি হস্পিটেল গুৱাহাটীৰ বিশেষজ্ঞ এটা দলে অসমৰ কৰ্কট ৰোগগ্রস্ত আৰু কৰ্কট ৰোগলৈ পৰিৱৰ্তন নোহোৱা পিত্তাশয় ৰোগীৰ পাথৰৰ অত্যাধুনিক প্রযুক্তি যেনে FTIR, PXRD, NMR, SEM-EDX আৰু ICP-MSৰ সহায়ত পৰীক্ষা পুংখানুপুংখ অধ্যয়ন কৰে। 

এই গুৰুত্বপূর্ণ গৱেষণা প্রবন্ধ আমেৰিকান কেমিকেল ছ'চাইটিৰ প্রতিষ্ঠিত আলোচনী Chemical Research in Toxicology-ত প্রকাশৰ বাবে গৃহীত হৈছে। প্ৰবন্ধটোৰ শিৰোনাম হৈছে : "Gallstone Physicochemical Properties and Heavy Metal Concentrations Associated with Gallbladder Carcinogenesis in Assam, India।" বেছিভাগ পিত্তাশয়ৰ পাথৰত কলেষ্টৰেল প্রধান জৈৱিক উপাদান। 

পিত্তাশয়ৰ কৰ্কটৰোগী পাথৰসমূহত অতি স্ফটিকীয় গঠন দেখা গৈছে, য'ত প্লেটৰ দৰে স্তৰীয় মাইক্ৰ'ষ্ট্ৰাকচাৰসমূহে পিত্তাশয়ৰ কৰ্কট ৰোগ সৃষ্টিত অৰিহণা যোগাব পাৰে। পিত্তাশয়ৰ কৰ্কট ৰোগীৰ পাথৰসমূহত কৰ্কটৰোগ সৃষ্টিকাৰী বিষাক্ত উপাদান যেনে আৰ্ছেনিক, ক্র'মিয়াম, পাৰা (Hg) আৰু সিহ (Pb) আদিৰ ঘনত্ব উল্লেখযোগ্যভাৱে বেছি পোৱা গৈছে। এই উপাদানসমূহৰ জমা হোৱাটো পিত্তাশয়ত কৰ্কট ৰোগ সৃষ্টিৰ এক সম্ভাব্য কাৰণ বুলি ধাৰণা কৰা হৈছে। ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ অৱবাহিকা অঞ্চলৰ ভূমিগত খোৱাপানীত আৰ্ছেনিকৰ অতিমাত্রা উপস্থিতি ইতিমধ্যেই এক গ্রহণযোগ্য তথ্য। আমাৰ এই গৱেষণাই প্ৰথমবাৰ স্পষ্ট কৰিছে যে কলেষ্টৰেল সমৃদ্ধ পিত্তাশয়ৰ পাথৰৰ বিশেষ ভৌতিক-ৰাসায়নিক বৈশিষ্ট্য আৰু কৰ্কটৰোগ সৃষ্টিকাৰী বিষাক্ত উপাদানৰ সংস্পৰ্শই অসম তথা উত্তৰ-পূব ভাৰতৰ ৰাইজৰ মাজত পিত্তাশয়ৰ কৰ্কট ৰোগৰ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 


এই গৱেষণাত অসমৰ ৩০জন পিত্তাশয়ৰ পাথৰ ৰোগী আৰু ১০জন পিত্তাশয়ৰ কৰ্কট ৰোগৰ ৰোগীৰ পৰা সংগ্ৰহ কৰা পিত্তাশয়ৰ পাথৰৰ নমুনা বিশ্লেষণ কৰা হৈছিল। গৱেষণাটোত অংশগ্রহণ কৰিছিল ড° ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ডাঃ অনুপম শৰ্মা, অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ ডাঃ গায়ত্রী গগৈ আৰু ডাঃ উৎপল দত্ত, স্বাগত ছুপাৰস্পেচিয়েলিটি হস্পিটেল, গুৱাহাটীৰ ডাঃ সুভাষ খান্না, ৰাষ্ট্ৰীয় ঔষধি গৱেষণা প্রতিষ্ঠান, গুৱাহাটীৰ ড° ৰোছন ব'ৰকাৰ আৰু ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটীৰ ড° অক্ষয় কুমাৰে। এই সন্দৰ্ভত ডাঃ গায়ত্রী গগৈয়ে কয় যে পিত্তাশয়ৰ কৰ্কটৰোগ প্ৰাৰম্ভিক অৱস্থাতে ধৰা পৰিলে শৈল চিকিৎসা, কেম'থেৰাপী, বিকিৰণ চিকিৎসাৰে নিৰাময় কৰিব পাৰি। ডাঃ অনুপম শর্মাই জনায় যে পিত্তাশয়ৰ কৰ্কটৰোগ অতি সংগোপনে সৃষ্টি হৈ ভয়াৱহভাৱে বৃদ্ধি হৈ যায় আৰু যেতিয়া চিনাক্তকৰণ কৰা হয়, তেতিয়ালৈ ই ওচৰৰ আন অংগসমূহলৈ বিয়পি যোৱাৰ বাবে শৈল চিকিৎসাৰে আঁতৰোৱা প্রায় অসম্ভৱ হৈ পৰে। বিশিষ্ট শৈল চিকিৎসক সুভাষ খান্নাই অসমত পোনপ্রথমবাৰৰ বাবে হোৱা এনে গৱেষণাই এই ৰোগৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব বুলি জনায়। তদুপৰি উত্তৰ-পূব ভাৰত পিত্তাশয়ৰ কৰ্কটৰোগৰ স্পৰ্শকাতৰ হোৱাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ আলট্রাচ'ন'গ্রাফীৰ সহায়ত পৰীক্ষা কৰোৱা উচিত। 


ভৱিষ্যতে অসমৰ বাহিৰৰ যেনে দক্ষিণ ভাৰত, উত্তৰ ভাৰত আৰু পশ্চিম ভাৰতৰ পিত্তাশয়ৰ পাথৰৰ নমুনা অসমৰ পাথৰৰ নমুনাৰ লগত তুলনামূলক বিশ্লেষণ কৰিলে এই বিষয়ে আৰু অধিক তথ্য উদ্ধাৰ কৰিব পৰা হ'ব বুলি গৱেষণাটোৰ সমন্বয়ক ড° পংকজ বৰাই মত পোষণ কৰে।

উৎসঃ দৈনিক জনমভূমি
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি