--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অপশাসনৰ গ্ৰাসৰ পৰি দেউলীয়া দেশ। সাধাৰণ জনতাৰ অৱস্থা শোচনীয় হৈ পৰিছে দিনে দিনে। অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি ইন্ধনলৈ সকলো দুৰ্মূল্য হৈ পৰিছে দেশখনত। সৰ্বসাধাৰণক এক অভাৱনীয় সংকটৰ মাজলৈ থেলি দি এতিয়া দেশখনৰ শাসকে নিজৰ কুল ৰক্ষা কৰাত উঠি-পৰি লাগিছে। জনতাৰ প্ৰবল প্ৰতিবাদৰ সন্মুখীন হৈ মহিন্দা ৰাজাপাক্ষেই পদত্যাগ কৰাই নহয় তেওঁ নিজৰ চৰকাৰী বাসভৱন এৰি এতিয়া আশ্ৰয় ল’বলগীয়া হৈছে নৌসেনাৰ ঘাটী এটাত। কিন্তু তাতো নিৰাপদ অনুভৱ নকৰা মহিন্দা ৰাজাপাক্ষেই দেশ এৰি পলায়ন কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু সেইবাবে এতিয়া আদালতে বিষয়টোত হস্তক্ষেপ কৰিবলগীয়া হৈছে। 
  
শ্ৰীলংকাক সংকটৰ জুইত দগ্ধ হ’বলৈ এৰি দি এখন আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেক দেশ এৰি যোৱাত বাধা দিছে। মহিন্দা ৰাজাপাক্ষেৰ সমৰ্থকে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীক আক্ৰমণ কৰাৰ পাছত শ্ৰীলংকাত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আনকি মহিন্দা ৰাজপাক্ষেই প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পাছতো ৰাইজৰ ক্ষোভ শান্ত হোৱা নাছিল আৰু প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহ টেম্পল ট্ৰীত প্ৰৱেশ কৰিছিল আৰু তাত অগ্নিসংযোগ কৰিছিল। পাছত ৰাজপাক্ষে আৰু তেওঁৰ পৰিয়ালক এখন বিশেষ হেলিকপ্টাৰেৰে ত্ৰিঙ্কোমালীৰ এটা নৌ সেনা ঘাটীলৈ নিয়া হয়। তেতিয়াৰ পৰা তেওঁ তাত আশ্ৰয় গ্ৰহণ কৰি আছে। ই দ্বীপদেশখনৰ উত্তৰ-পূব অংশত অৱস্থিত এখন ঠাই। কিন্তু এই নৌ সেনা ঘাটীটোও প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰি ৰখা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।  

ইফালে, মহিন্দা ৰাজপাক্ষে ভাৰতলৈ পলাই যোৱাৰ উৰা বাতৰিও পোহৰলৈ আহিছিল আৰু কাৰ পাছতে মঙলবাৰে শ্ৰীলংকাৰ ভাৰতীয় উচ্চয়ুক্তই ৰাজপাক্ষে আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল ভাৰতলৈ পলাই যোৱাৰ বাতৰি ভুৱা বুলি অভিহিত কৰে।

ইফালে, শ্ৰীলংকাৰ অধিবক্তাৰ এটা দলে মহিন্দা ৰাজপাক্ষে আৰু তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলি আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল। অভিযোগটোত কোৱা হৈছিল যে মহিন্দা ৰাজপাক্ষে আৰু তেওঁৰ সহায়কসকলে সোমবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে আক্ৰমণ চলাবলৈ মানুহক উচতনি দিছিল। ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই শুক্ৰবাৰে মাজনিশাৰ পৰা দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। প্ৰায় এমাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ দ্বীপৰাষ্ট্ৰখনত জৰুৰীকালীন অৱস্থা জাৰি কৰিবলগীয়া হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement