--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অপশাসনৰ গ্ৰাসৰ পৰি দেউলীয়া দেশ। সাধাৰণ জনতাৰ অৱস্থা শোচনীয় হৈ পৰিছে দিনে দিনে। অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি ইন্ধনলৈ সকলো দুৰ্মূল্য হৈ পৰিছে দেশখনত। সৰ্বসাধাৰণক এক অভাৱনীয় সংকটৰ মাজলৈ থেলি দি এতিয়া দেশখনৰ শাসকে নিজৰ কুল ৰক্ষা কৰাত উঠি-পৰি লাগিছে। জনতাৰ প্ৰবল প্ৰতিবাদৰ সন্মুখীন হৈ মহিন্দা ৰাজাপাক্ষেই পদত্যাগ কৰাই নহয় তেওঁ নিজৰ চৰকাৰী বাসভৱন এৰি এতিয়া আশ্ৰয় ল’বলগীয়া হৈছে নৌসেনাৰ ঘাটী এটাত। কিন্তু তাতো নিৰাপদ অনুভৱ নকৰা মহিন্দা ৰাজাপাক্ষেই দেশ এৰি পলায়ন কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু সেইবাবে এতিয়া আদালতে বিষয়টোত হস্তক্ষেপ কৰিবলগীয়া হৈছে। 
  
শ্ৰীলংকাক সংকটৰ জুইত দগ্ধ হ’বলৈ এৰি দি এখন আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেক দেশ এৰি যোৱাত বাধা দিছে। মহিন্দা ৰাজাপাক্ষেৰ সমৰ্থকে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীক আক্ৰমণ কৰাৰ পাছত শ্ৰীলংকাত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। আনকি মহিন্দা ৰাজপাক্ষেই প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পাছতো ৰাইজৰ ক্ষোভ শান্ত হোৱা নাছিল আৰু প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহ টেম্পল ট্ৰীত প্ৰৱেশ কৰিছিল আৰু তাত অগ্নিসংযোগ কৰিছিল। পাছত ৰাজপাক্ষে আৰু তেওঁৰ পৰিয়ালক এখন বিশেষ হেলিকপ্টাৰেৰে ত্ৰিঙ্কোমালীৰ এটা নৌ সেনা ঘাটীলৈ নিয়া হয়। তেতিয়াৰ পৰা তেওঁ তাত আশ্ৰয় গ্ৰহণ কৰি আছে। ই দ্বীপদেশখনৰ উত্তৰ-পূব অংশত অৱস্থিত এখন ঠাই। কিন্তু এই নৌ সেনা ঘাটীটোও প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰি ৰখা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।  

ইফালে, মহিন্দা ৰাজপাক্ষে ভাৰতলৈ পলাই যোৱাৰ উৰা বাতৰিও পোহৰলৈ আহিছিল আৰু কাৰ পাছতে মঙলবাৰে শ্ৰীলংকাৰ ভাৰতীয় উচ্চয়ুক্তই ৰাজপাক্ষে আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল ভাৰতলৈ পলাই যোৱাৰ বাতৰি ভুৱা বুলি অভিহিত কৰে।

ইফালে, শ্ৰীলংকাৰ অধিবক্তাৰ এটা দলে মহিন্দা ৰাজপাক্ষে আৰু তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলি আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল। অভিযোগটোত কোৱা হৈছিল যে মহিন্দা ৰাজপাক্ষে আৰু তেওঁৰ সহায়কসকলে সোমবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে আক্ৰমণ চলাবলৈ মানুহক উচতনি দিছিল। ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই শুক্ৰবাৰে মাজনিশাৰ পৰা দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। প্ৰায় এমাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ দ্বীপৰাষ্ট্ৰখনত জৰুৰীকালীন অৱস্থা জাৰি কৰিবলগীয়া হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন