--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বিমানবন্দৰত উৰণৰ সময়ত এখন যাত্ৰীবাহী বিমান ৰানৱেৰ পৰা পিছলি পৰাৰ ফলত বিমানখনত জুই লাগে। এই দুৰ্ঘটনাত  কমেও ৪০ জন লোক আহত হয়। চীনত(China)
 সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা। 

তিব্বত এয়াৰলাইনছৰ এয়াৰবাছ A-319 বিমানখনে যাত্ৰী তিব্বতৰ চংকিং বিমানবন্দৰৰ নিংচিৰ অভিমুখে উৰা মাৰিবলৈ লোৱাৰ সময়তে বিমানখন ৰাণৱেৰ পৰা পিছলি পৰে। বিমানখনত আছিল ১২২ জন লোক। ইয়াৰে ১১৩ গৰাকী যাত্ৰী আৰু ৯ গৰাকী বিমানকৰ্মী। ৰাণৱেৰ বাহিৰলৈ ওলাই যোৱাৰ পিছতে বিমানখন পিছলি পৰাৰ ফলত জুই জ্বলি উঠে।

চাওক ভিডিঅ'



বিমানবন্দৰ কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰি অগ্নিদগ্ধ বিমানখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰে যদিও ৪০ গৰাকী যাত্ৰী অতি গুৰুতৰভাবে অগ্নিদগ্ধ হয়। তেওঁলোকক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিমান সংস্থাই সদৰী কৰা অনুসৰি দুৰ্ঘটনাটোৰ তদন্ত কৰা হৈছে। 

চলিত সপ্তাহবোৰৰ ভিতৰত যাত্ৰীবাহী বিমানৰ এয়া দ্বিতীয়টো দুৰ্ঘটনা। ১২ মাৰ্চত কুনমিংৰ পৰা গুয়াংঝৌলৈ উৰা মৰা এখন বোয়িং ৭৩৭ বিমান গুয়াংছি ঝুয়াং স্বায়ত্তশাসিত অঞ্চলৰ টেনজিয়ান কাউণ্টিত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ভয়ংকৰ দুৰ্ঘটনাত ৯ জন ক্ৰু সদস্যসহ ১৩২ জন যাত্ৰীৰ ভিতৰত আটাইকেইজনৰ মৃত্যু ঘটিছিল।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ