--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বিমানবন্দৰত উৰণৰ সময়ত এখন যাত্ৰীবাহী বিমান ৰানৱেৰ পৰা পিছলি পৰাৰ ফলত বিমানখনত জুই লাগে। এই দুৰ্ঘটনাত  কমেও ৪০ জন লোক আহত হয়। চীনত(China)
 সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা। 

তিব্বত এয়াৰলাইনছৰ এয়াৰবাছ A-319 বিমানখনে যাত্ৰী তিব্বতৰ চংকিং বিমানবন্দৰৰ নিংচিৰ অভিমুখে উৰা মাৰিবলৈ লোৱাৰ সময়তে বিমানখন ৰাণৱেৰ পৰা পিছলি পৰে। বিমানখনত আছিল ১২২ জন লোক। ইয়াৰে ১১৩ গৰাকী যাত্ৰী আৰু ৯ গৰাকী বিমানকৰ্মী। ৰাণৱেৰ বাহিৰলৈ ওলাই যোৱাৰ পিছতে বিমানখন পিছলি পৰাৰ ফলত জুই জ্বলি উঠে।

চাওক ভিডিঅ'



বিমানবন্দৰ কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰি অগ্নিদগ্ধ বিমানখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰে যদিও ৪০ গৰাকী যাত্ৰী অতি গুৰুতৰভাবে অগ্নিদগ্ধ হয়। তেওঁলোকক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিমান সংস্থাই সদৰী কৰা অনুসৰি দুৰ্ঘটনাটোৰ তদন্ত কৰা হৈছে। 

চলিত সপ্তাহবোৰৰ ভিতৰত যাত্ৰীবাহী বিমানৰ এয়া দ্বিতীয়টো দুৰ্ঘটনা। ১২ মাৰ্চত কুনমিংৰ পৰা গুয়াংঝৌলৈ উৰা মৰা এখন বোয়িং ৭৩৭ বিমান গুয়াংছি ঝুয়াং স্বায়ত্তশাসিত অঞ্চলৰ টেনজিয়ান কাউণ্টিত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ভয়ংকৰ দুৰ্ঘটনাত ৯ জন ক্ৰু সদস্যসহ ১৩২ জন যাত্ৰীৰ ভিতৰত আটাইকেইজনৰ মৃত্যু ঘটিছিল।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ