--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি হিচাপে মুকেশ আম্বানী এক চিৰপৰিচিত নাম। ৰিলায়েন্স গোটৰ মালিক মুকেশ আম্বানীয়ে বিগত কেইটামান দশকত তেওঁৰ কেতবোৰ উল্লেখনীয় পদক্ষেপৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। দিন যোৱাৰ লগে লগে সম্পদৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে আম্বানীৰ। স্বাভাৱিকতে, তেওঁৰ বিলাসী জীৱনত পোৱা গৈছে ৰাজকীয় চাপ। স্বপ্ননগৰী মুম্বাইৰ ‘এণ্টিলিয়া’ত বাস কৰা আম্বানীৰ ৰাজপ্ৰাসাদৰ  মূল্য প্ৰায় ১৪ কোটি টকা। ছেভেন ষ্টাৰ হোটেলৰ লেখীয়া এই প্ৰাসাদ। ছ’চিয়ল মিডিয়াত  মুকেশ আম্বানীৰ জীৱনশৈলীৰ বিষয়ে সদায়ে আলোচনা হোৱা দেখা যায়।

বিলাসবহুল জীৱন-যাপনৰ সমান্তৰালকৈ মুকেশ আম্বানীৰ আছে এটা আইপিএল দল। আম্বানীৰ পত্নী নীতা আম্বানীৰ ব্যৱস্থাপনা আৰু পৰিচালনাত চলি আছে আইপিএল টুৰ্ণামেণ্টৰ আটাইতকৈ জনপ্ৰিয় দল মুম্বাই ইণ্ডিয়ানছ। আম্বানীৰ এই দলটোৱে সৰ্বাধিক বাৰ আইপিএলৰ ইতিহাসত খিতাপ জিকিছে। কিন্তু শেহতীয়াকৈ আম্বানী পৰিয়ালে এটা বিষয়ৰ বাবে পুনৰ শিৰোনামলৈ আহিছে।

স্মৰ্তব্য যে, কেইদিনমান আগতে এজন ব্যক্তিয়ে আম্বানীয়ে দেশ এৰি যাবলৈ ওলাইছে বুলি দাবী কৰিছিল। সকলো সম্পত্তিৰ স্থানান্তৰ কৰাৰ লগতে বিদেশৰ মাটিয়েই মুকেশ আম্বানীৰ ঠিকনা হৈ পৰিব বুলি মুকলিকৈ মন্তব্য কৰিছে তেওঁ।  স্বাভাৱিকতে, বিষয়টোক কেন্দ্ৰ কৰি এতিয়া ছ’চিয়েল মিডিয়াত হৈ-চৈ লাগিছে। পিছে আপুনি জানেনে মুকেশ আম্বানী সন্দৰ্ভত এনে ধৰণৰ মন্তব্য কৰা ব্যক্তিজন কোন? ব্যক্তিজনৰ আছে বিশেষ পৰিচয়। 

বিভিন্ন তাৰকা অভিনেতা-অভিনেত্ৰীৰ ব্যক্তিগত জীৱনক লৈ নান ধৰণৰ মন্তব্য কৰি অহা ব্যক্তিজনৰ এনে কাণ্ডই হতচকিত কৰি তুলিছে সকলোকে। আম্বানীৰ দেশত্যাগৰ বাতৰি এনেদৰে ৰাইজৰ মাজত বিয়পাই দিছে জনপ্ৰিয় চলচ্চিত্ৰ সমালোচক কেআৰকে-ই। এই কথা পোহৰলৈ অহাৰ পাছতে কেআৰকেৰ বক্তব্যক সম্পূৰ্ণ ভিত্তিহীন আখ্যা দিছে সকলোৱে। একাংশই মন্তব্য কৰিছে যে, ইমান ডাঙৰ খবৰটো যদি সত্য প্ৰমাণিত হ’লহেঁতেন তেতিয়া আম্বানীয়ে নিশ্চয় অৱগত কৰিলেহেঁতেন।’ নিশ্চিতভাৱে কেআৰেকেৰ মন্তব্যক কোনপধ্যে বিশ্বাসত ল’ব নোৱাৰি। আম্বানীয়ে দেশ এৰি যোৱাৰ কথাটো যে কেৱল এটা ভিত্তিহীন উৰাবাতৰি সেয়া সহজেই অনুমেয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ