--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি হিচাপে মুকেশ আম্বানী এক চিৰপৰিচিত নাম। ৰিলায়েন্স গোটৰ মালিক মুকেশ আম্বানীয়ে বিগত কেইটামান দশকত তেওঁৰ কেতবোৰ উল্লেখনীয় পদক্ষেপৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। দিন যোৱাৰ লগে লগে সম্পদৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে আম্বানীৰ। স্বাভাৱিকতে, তেওঁৰ বিলাসী জীৱনত পোৱা গৈছে ৰাজকীয় চাপ। স্বপ্ননগৰী মুম্বাইৰ ‘এণ্টিলিয়া’ত বাস কৰা আম্বানীৰ ৰাজপ্ৰাসাদৰ  মূল্য প্ৰায় ১৪ কোটি টকা। ছেভেন ষ্টাৰ হোটেলৰ লেখীয়া এই প্ৰাসাদ। ছ’চিয়ল মিডিয়াত  মুকেশ আম্বানীৰ জীৱনশৈলীৰ বিষয়ে সদায়ে আলোচনা হোৱা দেখা যায়।

বিলাসবহুল জীৱন-যাপনৰ সমান্তৰালকৈ মুকেশ আম্বানীৰ আছে এটা আইপিএল দল। আম্বানীৰ পত্নী নীতা আম্বানীৰ ব্যৱস্থাপনা আৰু পৰিচালনাত চলি আছে আইপিএল টুৰ্ণামেণ্টৰ আটাইতকৈ জনপ্ৰিয় দল মুম্বাই ইণ্ডিয়ানছ। আম্বানীৰ এই দলটোৱে সৰ্বাধিক বাৰ আইপিএলৰ ইতিহাসত খিতাপ জিকিছে। কিন্তু শেহতীয়াকৈ আম্বানী পৰিয়ালে এটা বিষয়ৰ বাবে পুনৰ শিৰোনামলৈ আহিছে।

স্মৰ্তব্য যে, কেইদিনমান আগতে এজন ব্যক্তিয়ে আম্বানীয়ে দেশ এৰি যাবলৈ ওলাইছে বুলি দাবী কৰিছিল। সকলো সম্পত্তিৰ স্থানান্তৰ কৰাৰ লগতে বিদেশৰ মাটিয়েই মুকেশ আম্বানীৰ ঠিকনা হৈ পৰিব বুলি মুকলিকৈ মন্তব্য কৰিছে তেওঁ।  স্বাভাৱিকতে, বিষয়টোক কেন্দ্ৰ কৰি এতিয়া ছ’চিয়েল মিডিয়াত হৈ-চৈ লাগিছে। পিছে আপুনি জানেনে মুকেশ আম্বানী সন্দৰ্ভত এনে ধৰণৰ মন্তব্য কৰা ব্যক্তিজন কোন? ব্যক্তিজনৰ আছে বিশেষ পৰিচয়। 

বিভিন্ন তাৰকা অভিনেতা-অভিনেত্ৰীৰ ব্যক্তিগত জীৱনক লৈ নান ধৰণৰ মন্তব্য কৰি অহা ব্যক্তিজনৰ এনে কাণ্ডই হতচকিত কৰি তুলিছে সকলোকে। আম্বানীৰ দেশত্যাগৰ বাতৰি এনেদৰে ৰাইজৰ মাজত বিয়পাই দিছে জনপ্ৰিয় চলচ্চিত্ৰ সমালোচক কেআৰকে-ই। এই কথা পোহৰলৈ অহাৰ পাছতে কেআৰকেৰ বক্তব্যক সম্পূৰ্ণ ভিত্তিহীন আখ্যা দিছে সকলোৱে। একাংশই মন্তব্য কৰিছে যে, ইমান ডাঙৰ খবৰটো যদি সত্য প্ৰমাণিত হ’লহেঁতেন তেতিয়া আম্বানীয়ে নিশ্চয় অৱগত কৰিলেহেঁতেন।’ নিশ্চিতভাৱে কেআৰেকেৰ মন্তব্যক কোনপধ্যে বিশ্বাসত ল’ব নোৱাৰি। আম্বানীয়ে দেশ এৰি যোৱাৰ কথাটো যে কেৱল এটা ভিত্তিহীন উৰাবাতৰি সেয়া সহজেই অনুমেয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন