--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দমনীয় বলিঙেৰে ইংলেণ্ডক পৰাস্ত কৰিলে টীম ইণ্ডিয়াই। বেটিং ব্যৰ্থতাৰে জৰ্জৰিত হ’লেও ভাৰতৰ ফাষ্ট বলাৰ আৰু স্পিনাৰৰ পৰাক্ৰমত শোচনীয় পৰাজয়ৰ মুখ দেখিব লগা হয় বিশ্ব চেম্পিয়ন বাটলাৰবাহিনীয়ে। লক্ষ্নৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ ২৯ সংখ্যক মেচখনত ইংলেণ্ডৰ সন্মুখত লক্ষ্য আছিল ২৩০ ৰাণ। কিন্তু ১২৯ ৰাণতে স্তব্ধ হৈ পৰে ইনিংছ।

টছত জয়ী হৈ বলিং কৰে ইংলেণ্ডে। আৰম্ভণিৰে পৰা সফলতাও লাভ কৰিব ধৰে। একনাৰ বলিং সহায়ক পিটছত ব্যৰ্থ হয় ভাৰত শীৰ্ষ বেটিং ক্ৰম। ফৰ্মৰ তুংগত থকা বিৰাট কোহলীয়ে শূণ্য ৰাণতে আউট হয়। কিন্তু অধিনায়কোচিত ইনিংছেৰে উজ্বলি উঠে ৰোহিত শৰ্মা। তেওঁ ১০১ টা বলৰ সন্মুখিন হৈ ৮৭ ৰাণৰ ধৈৰ্যশীল ইনিংছ খেলে। তেওঁক মিডল অৰ্ডাৰত যোগ্য সহযোগিতা প্ৰদান কৰে কে এল ৰাহুলে (৩৯)। সূৰ্যকুমাৰ যাদৱেও ৪৯ ৰাণৰ উপযোগী ইনিংছ খেলি সুযোগৰ সদ্ব্যৱহাৰ কৰে। কিন্তু ব্যৰ্থ হয় ৰবীন্দ্ৰ জাডেজা। শেষরফালে যশপ্ৰীত বুমৰাহে ১৬ ৰাণৰ বৰঙণি আগবঢ়ায়। নির্ধাৰিত অভাৰত ৯ উইকেট হেৰুৱাই ভাৰতে ২২৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ ডেভিড উইলিয়ে ৩টা, ক্ৰিছ ৱ’কছ আৰু আদিল ৰছিদে দুটাকৈ উইকেট লাভ কৰে।

২৩০ ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নমা ইংলেণ্ডৰ অপেনাৰ জনি ব’ৰিষ্ট’ আৰু ডেৱিড মালানে কোবাই খেলিবলৈ লওঁতেই ভাৰতীয় ফাষ্ট বলাৰদ্বয়ৰ আক্ৰমণৰ সন্মুখিন হয়। মালানৰ ৰূপত প্ৰথমটো আঘাট হানে যশপ্ৰীত বুমৰাহে। পাছৰ বলটোতে আউট হয় জ’ ৰুট। তাৰপাছৰে পৰা এজনকৈ ইংলিছ বেটাৰে পেভিলিয়নমুখী হয়। দূৰ্দান্ত প্ৰদৰ্শনেৰে উজ্বলি উঠে বুমৰাহ আৰু মহম্মদ স্বামী। ফাষ্ট বলাৰসকলৰ পৰাক্ৰমৰ পাছত আহে কুলদীপ-জাডেজাৰ স্পিনৰ যাদু। কেৱল লিয়াম লিভিংস্টনৰ (২৭) বাদে কোনো ইংলিছ বেটাৰে ২০ৰ ঘৰ অতিক্ৰম কৰিব নোৱাৰিলে। শেষত ৩৪.৫ অভাৰত ১২৯ ৰাণতে অল আউট হৈ পৰে বিশ্ব চেম্পিয়ন বাহিনী। মহম্মদ ছামীয়ে চাৰিটাটা উইকেট লাভ কৰে। যশপ্ৰীত বুমৰাহে তিনিটাকৈ উইকেট লাভ কৰে। দুটা উইকেট লয় কুলদীপ যাদৱে।

উল্লেখ্য যে পইণ্ট তালিকাৰ শীৰ্ষত থকা ভাৰতৰ বেটাৰসকলক ব্যৰ্থ কৰাৰ সময়ত ভবা হৈছিল যে পইণ্ট তালিকাৰ শেষত থকা ইংলেণ্ডে ফৰ্ম ঘূৰাই পাইছে। কিন্তু ভাৰতৰ বেটাৰসকলৰ পাছত বলাৰসকলৰো এই দূৰ্দান্ত আক্ৰমণৰ বাবে ভাৰতেই এইবাৰৰ চেম্পিয়ন হিচাপে অঘোষিত স্বীকৃতি লাভ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক