--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দমনীয় বলিঙেৰে ইংলেণ্ডক পৰাস্ত কৰিলে টীম ইণ্ডিয়াই। বেটিং ব্যৰ্থতাৰে জৰ্জৰিত হ’লেও ভাৰতৰ ফাষ্ট বলাৰ আৰু স্পিনাৰৰ পৰাক্ৰমত শোচনীয় পৰাজয়ৰ মুখ দেখিব লগা হয় বিশ্ব চেম্পিয়ন বাটলাৰবাহিনীয়ে। লক্ষ্নৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ ২৯ সংখ্যক মেচখনত ইংলেণ্ডৰ সন্মুখত লক্ষ্য আছিল ২৩০ ৰাণ। কিন্তু ১২৯ ৰাণতে স্তব্ধ হৈ পৰে ইনিংছ।

টছত জয়ী হৈ বলিং কৰে ইংলেণ্ডে। আৰম্ভণিৰে পৰা সফলতাও লাভ কৰিব ধৰে। একনাৰ বলিং সহায়ক পিটছত ব্যৰ্থ হয় ভাৰত শীৰ্ষ বেটিং ক্ৰম। ফৰ্মৰ তুংগত থকা বিৰাট কোহলীয়ে শূণ্য ৰাণতে আউট হয়। কিন্তু অধিনায়কোচিত ইনিংছেৰে উজ্বলি উঠে ৰোহিত শৰ্মা। তেওঁ ১০১ টা বলৰ সন্মুখিন হৈ ৮৭ ৰাণৰ ধৈৰ্যশীল ইনিংছ খেলে। তেওঁক মিডল অৰ্ডাৰত যোগ্য সহযোগিতা প্ৰদান কৰে কে এল ৰাহুলে (৩৯)। সূৰ্যকুমাৰ যাদৱেও ৪৯ ৰাণৰ উপযোগী ইনিংছ খেলি সুযোগৰ সদ্ব্যৱহাৰ কৰে। কিন্তু ব্যৰ্থ হয় ৰবীন্দ্ৰ জাডেজা। শেষরফালে যশপ্ৰীত বুমৰাহে ১৬ ৰাণৰ বৰঙণি আগবঢ়ায়। নির্ধাৰিত অভাৰত ৯ উইকেট হেৰুৱাই ভাৰতে ২২৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ ডেভিড উইলিয়ে ৩টা, ক্ৰিছ ৱ’কছ আৰু আদিল ৰছিদে দুটাকৈ উইকেট লাভ কৰে।

২৩০ ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নমা ইংলেণ্ডৰ অপেনাৰ জনি ব’ৰিষ্ট’ আৰু ডেৱিড মালানে কোবাই খেলিবলৈ লওঁতেই ভাৰতীয় ফাষ্ট বলাৰদ্বয়ৰ আক্ৰমণৰ সন্মুখিন হয়। মালানৰ ৰূপত প্ৰথমটো আঘাট হানে যশপ্ৰীত বুমৰাহে। পাছৰ বলটোতে আউট হয় জ’ ৰুট। তাৰপাছৰে পৰা এজনকৈ ইংলিছ বেটাৰে পেভিলিয়নমুখী হয়। দূৰ্দান্ত প্ৰদৰ্শনেৰে উজ্বলি উঠে বুমৰাহ আৰু মহম্মদ স্বামী। ফাষ্ট বলাৰসকলৰ পৰাক্ৰমৰ পাছত আহে কুলদীপ-জাডেজাৰ স্পিনৰ যাদু। কেৱল লিয়াম লিভিংস্টনৰ (২৭) বাদে কোনো ইংলিছ বেটাৰে ২০ৰ ঘৰ অতিক্ৰম কৰিব নোৱাৰিলে। শেষত ৩৪.৫ অভাৰত ১২৯ ৰাণতে অল আউট হৈ পৰে বিশ্ব চেম্পিয়ন বাহিনী। মহম্মদ ছামীয়ে চাৰিটাটা উইকেট লাভ কৰে। যশপ্ৰীত বুমৰাহে তিনিটাকৈ উইকেট লাভ কৰে। দুটা উইকেট লয় কুলদীপ যাদৱে।

উল্লেখ্য যে পইণ্ট তালিকাৰ শীৰ্ষত থকা ভাৰতৰ বেটাৰসকলক ব্যৰ্থ কৰাৰ সময়ত ভবা হৈছিল যে পইণ্ট তালিকাৰ শেষত থকা ইংলেণ্ডে ফৰ্ম ঘূৰাই পাইছে। কিন্তু ভাৰতৰ বেটাৰসকলৰ পাছত বলাৰসকলৰো এই দূৰ্দান্ত আক্ৰমণৰ বাবে ভাৰতেই এইবাৰৰ চেম্পিয়ন হিচাপে অঘোষিত স্বীকৃতি লাভ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ