--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰ চৰকাৰে আৰু কিমান দিন সূলভ মূল্যৰ ৰেচন প্ৰদান কৰি নিজৰ দায় সামৰিব৷ চৰকাৰৰে সংস্থাপনৰ ক্ষেত্ৰত পিঠি দি হিতাধিকাৰী সৃষ্টিৰ ক্ষেত্ৰত হাত উজান দি অহাৰ কাৰ্যক তীব্ৰ ককৰ্থনা কৰিছে উচ্চতম ন্যায়ালয়ে৷

সোমবাৰে উচ্চতম ন্যায়ালয়ে চৰকাৰসমূহে বিনামূলীয়াকৈ প্ৰদান কৰা সা-সুবিধাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কয় যে কেতিয়ালৈকে বিনামূলীয়া ৰেচন বিতৰণ কৰা হ’ব? ক’ভিড মহামাৰীৰ পিছৰে পৰা বিনামূলীয়া ৰেচন লাভ কৰি অহা প্ৰব্ৰজিত মজদুৰসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ আহ্বান ন্যায়ালয়ৰ। 

কেন্দ্ৰই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন চমুকৈ এন এফ এছ এৰ অধীনত ৮১ কোটি লোকক বিনামূলীয়া বা ৰাজসাহায্যযুক্ত ৰেচন দিয়া হৈছে বুলি কেন্দ্ৰই আদালতত কোৱাত ই-শ্ৰম পৰ্টেলৰ অধীনত যোগ্য বিবেচিত প্ৰব্ৰজিত শ্ৰমিক আৰু অদক্ষ শ্ৰমিকক বিনামূলীয়া ৰেচন কাৰ্ড প্ৰদানৰ সন্দৰ্ভত তৰা গোচৰৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ন্যায়াধীশ মনমোহনৰ বিচাৰপীঠে কৰদাতাসকলহে এই তালিকাৰ পৰা বাদ পৰিছে বুলি কেন্দ্ৰৰ হৈ উপস্থিত হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীক কয়।

এই সন্দৰ্ভত এটা বেচৰকাৰী সংস্থাটোৱে তৰিছিল এই গোচৰ৷ ৯ ডিচেম্বৰৰ শুনানিৰ সময়ত সংস্থাটোৰ হৈ উপস্থিত থকা অধিবক্তা প্ৰশান্ত ভূষনে কয় যে ২০২১ চনত  লোকপিয়ল পোৱা হ’লে প্ৰব্ৰজিত শ্ৰমিকৰ সংখ্যা বৃদ্ধি পালেহেঁতেন কিয়নো বৰ্তমানেও কেন্দ্ৰই ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ ওপৰতে নিৰ্ভৰ কৰি আছে। 

বিচাৰপীঠে কয় যে, আমি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ যোৱাটো উচিৎ নহয় অন্যথা পৰিস্থিতি গম্ভীৰ হৈ পৰিব। কেন্দ্ৰৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে Covid-19ৰ সময়ৰ পৰাই বিনামূলীয়া ৰেচনৰ আঁচনিখন চলি আহিছে। সেই সময়ত এই আদালতে প্ৰব্ৰজিত শ্ৰমিকসকলে সন্মুখীন হোৱা সংকটৰ প্ৰতি লক্ষ্য ৰাখি; এই আদেশ কম বেছি পৰিমাণে দৈনিক গৃহীত হৈছিল তেওঁলোকক সকাহ দিয়াৰ বাবে, কিন্তু চৰকাৰ ২০১৩ আইনৰ দ্বাৰা বান্ধ খাই আছে আৰু বিধিগত আঁচনিৰ বাহিৰলৈ যাব নোৱাৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ৮ জানুৱাৰীত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ