--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াক লৈ যিমান উচ্ছসিত হৈ পৰিছিল অনুৰাগী, কেটৰিনা কাঈফ আৰু বিকি কৌশলৰ বিয়াখনক লৈয়ো অনুৰাগীৰ মাজত উত্‍কন্ঠাৰ সীমা নাছিল। প্ৰিয় তাৰকা-দম্পতীয়ে বিবাহপাশত আৱদ্ধ হোৱা কথাটোৱে সুখী কৰি তুলিছিল অনুৰাগীক। শেহতীয়াকৈ, আন এটা খৱৰে উৎসাহিত কৰি তুলিছে অনুৰাগীক। সঁচাকৈ মাতৃ হ'বলৈ ওলাইছে নেকি কেটৰিনা?

প্ৰেমত মশগুল দম্পতীৰ বিভিন্ন মুহূৰ্তৰ ছবি নিৰন্তৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দেখা যায়। মাতৃ দিৱসৰ দিনা দুয়ো লণ্ডনৰ পৰা কেটৰিনাৰ মাতৃ ছুজানৰ আশীৰ্বাদ লৈ আহিছে। তাৰপিছত, হঠাত্‍ দুয়ো প্ৰিয় ৰেষ্টুৰেণ্টত এসাজ জুটি লগাই খাবলৈ নিউয়ৰ্কলৈ উৰা মাৰে। তাতো, কেটৰিনা-বিকিৰ ৰোমান্টিক মুহূৰ্ত মুকলিকৈ প্ৰকাশ পাইছে। শেহতীয়াকৈ, দুয়োকে একেলগে সঘনে দেখিবলৈ পোৱা গৈছে। কেটৰিনা দুমাহৰ গৰ্ভৱতী বুলিও ওলাইছে খবৰ। পিতৃ হ’বলৈ ওলাইছে বিকিয়ে, সেইবাবেই হয়তো এইদৰে সঘনে দুয়োকে দেখিবলৈ পোৱা গৈছে।

কেৱল সেয়াই নহয়, কেটৰিনাৰ সৈতে তেওঁলোকৰ চলচ্চিত্ৰৰ বাবে চুক্তিবদ্ধ হোৱা কেইবাজনো প্ৰযোজকে সময়সূচীও সলনি কৰা দেখা গৈছে। বলীউডৰ সূত্ৰ অনুসৰি, 'মেৰী খ্ৰীষ্টমাছ'ৰ পিছত কেটৰিনাৰ সকলো চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ ২০২৩ চনলৈ পিছুৱাই দিয়া হৈছে। অৱশ্যে, এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে কেটৰিনা-বিকি। কেতিয়া এই জল্পনা-কল্পনাৰ অন্ত পৰে সেয়া এতিয়াই ক’ব নোৱাৰি।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত