--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াক লৈ যিমান উচ্ছসিত হৈ পৰিছিল অনুৰাগী, কেটৰিনা কাঈফ আৰু বিকি কৌশলৰ বিয়াখনক লৈয়ো অনুৰাগীৰ মাজত উত্‍কন্ঠাৰ সীমা নাছিল। প্ৰিয় তাৰকা-দম্পতীয়ে বিবাহপাশত আৱদ্ধ হোৱা কথাটোৱে সুখী কৰি তুলিছিল অনুৰাগীক। শেহতীয়াকৈ, আন এটা খৱৰে উৎসাহিত কৰি তুলিছে অনুৰাগীক। সঁচাকৈ মাতৃ হ'বলৈ ওলাইছে নেকি কেটৰিনা?

প্ৰেমত মশগুল দম্পতীৰ বিভিন্ন মুহূৰ্তৰ ছবি নিৰন্তৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দেখা যায়। মাতৃ দিৱসৰ দিনা দুয়ো লণ্ডনৰ পৰা কেটৰিনাৰ মাতৃ ছুজানৰ আশীৰ্বাদ লৈ আহিছে। তাৰপিছত, হঠাত্‍ দুয়ো প্ৰিয় ৰেষ্টুৰেণ্টত এসাজ জুটি লগাই খাবলৈ নিউয়ৰ্কলৈ উৰা মাৰে। তাতো, কেটৰিনা-বিকিৰ ৰোমান্টিক মুহূৰ্ত মুকলিকৈ প্ৰকাশ পাইছে। শেহতীয়াকৈ, দুয়োকে একেলগে সঘনে দেখিবলৈ পোৱা গৈছে। কেটৰিনা দুমাহৰ গৰ্ভৱতী বুলিও ওলাইছে খবৰ। পিতৃ হ’বলৈ ওলাইছে বিকিয়ে, সেইবাবেই হয়তো এইদৰে সঘনে দুয়োকে দেখিবলৈ পোৱা গৈছে।

কেৱল সেয়াই নহয়, কেটৰিনাৰ সৈতে তেওঁলোকৰ চলচ্চিত্ৰৰ বাবে চুক্তিবদ্ধ হোৱা কেইবাজনো প্ৰযোজকে সময়সূচীও সলনি কৰা দেখা গৈছে। বলীউডৰ সূত্ৰ অনুসৰি, 'মেৰী খ্ৰীষ্টমাছ'ৰ পিছত কেটৰিনাৰ সকলো চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ ২০২৩ চনলৈ পিছুৱাই দিয়া হৈছে। অৱশ্যে, এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে কেটৰিনা-বিকি। কেতিয়া এই জল্পনা-কল্পনাৰ অন্ত পৰে সেয়া এতিয়াই ক’ব নোৱাৰি।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ