--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড এক মহাসমুদ্ৰৰ সমান। ইয়াৰ মাজতে লুকাই আছে বহু অজানা ঘটনা। সময়ে সময়ে এই ঘটনাবোৰে সমাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা দেখা যায়। শেহতীয়াকৈ, বলীউডৰ বিগ-বি অমিতাভ বচ্চনৰ প্ৰসংগত এটি অজানা তথ্য পোহৰলৈ আহিছে। শ্বুটিং চলাকালীন সময়তে সংঘটিত হৈছিল এই ঘটনা। এটি ব’ল্ড দৃশ্যত অভিনয়ৰ প্ৰসংগক লৈ সৃষ্টি হৈছিল এই ঘটনাটো। বিগ-বিৰ সৈতে অভিনয় কৰিবলৈ গৈ এগৰাকী অভিনেত্ৰীয়ে ওৰে নিশা কান্দিবলগীয়া হৈছিল। পোহৰলৈ আহিছে এই গোপন ঘটনাৰ প্ৰকৃত সত্য।

মন কৰিবলগীয়া যে 'নমক হালাল' বলীউডৰ অন্যতম জনপ্ৰিয় চলচ্চিত্ৰ। ১৯৮২ চনত এই ছবিখনে মুক্তিলাভ কৰিছিল। ছবিখনৰ অন্যতম জনপ্ৰিয় এটি গীত হৈছে 'আজ ৰাপত জায়ে তো…'। ছবিখনত অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিছিল স্মিতা পাটিলে। সেই সময়ত আটাইতকৈ জনপ্ৰিয় আগশাৰীৰ অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী আছিল স্মিতা পাটিল। সেই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়তে ঘটিছিল এই অনাকাংক্ষিত ঘটনা। 'আজ ৰাপত জায়ে তো…'গীতৰ দৃশ্যত সাহসী দৃশ্যত অভিনয় কৰিছিল দুয়ো। এই দৃশ্যটোত অভিনয় কাৰৰ পাছত ওৰে নিশা টোপনি যোৱা নাছিল অভিনেত্ৰী।

জানিবলৈ পোৱা মতে, এনে ব’ল্ড দৃশ্যত অভিনয় কৰিব লাগিব বুলি খবৰ পোৱাৰ পাছতে উদ্বিগ্ন হৈ পৰিছিল স্মিতা পাটিল। ওৰে নিশা কন্দিছিল এইগৰাকী অভিনেত্ৰী। কথাষাৰ অমিতাভৰ কাণত পৰাত তেওঁ গৈ অভিনেত্ৰীক বুজনি দিয়া বুলিও প্ৰকাশ পাইছে। তেওঁ কৈছিল যে,  ছবিখনৰ পৰিচালক আৰু দৃশ্যটোৰ চাহিদাৰ বাবে এনে সাহসী দৃশ্যত অভিনয় কৰিবলগীয়া হৈছিল তেওঁ।  অৱশ্যে, সেই সময়ত ভাগি পৰিছিল অভিনেত্ৰী স্মিতা পাটিলে। পৰৱৰ্তী সময়ত অৱশ্যে সকলোবোৰ পুনৰ স্বাভাৱিক হৈ পৰে। ছবিখনে ব’ক্স অফিচত যথেষ্ট সঁহাৰি লাভ কৰিছিল। অমিতাভ বচ্চনৰ 'নমক হালাল' দৰ্শকৰ মাজত বহুত জনপ্ৰিয়। শেহতীয়াকৈ, এই ঘটনাৰ উৎসৰ পৰাই পুনৰ চৰ্চালৈ আহিছে এই অনস্ক্ৰীণ যুটি।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ