--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰেশ বৰগোহাঁইৰ কোনো ধৰণৰ গুৰুতৰ বেমাৰ নাছিল বাবে পৰিয়ালৰ লোকে এই মৃত্যুক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। সমগ্ৰ ঘটনাটোৰ আঁৰত কিবা ৰহস্য থকাৰ সন্দেহ কৰি পৰিয়ালে ইতিমধ্যে ডিগবৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

ডিজিটেল ডেস্ক: ডিগবৈ শোধনাগাৰত এজন শ্ৰমিকৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কৰ্মৰত অৱস্থাত প্ৰাণ হেৰুওৱা শ্ৰমিকজনৰ মৃত্যুক লৈ পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰাৰ লগতে ঘটনাটোৱে এতিয়া ৰহস্যৰ ৰূপ লৈছে।


যোৱা ১০ মে’ত ডিগবৈ শোধনাগাৰৰ ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ মৃত্যু হয়। জানিব পৰা মতে, SDU বিভাগত দুপৰীয়া আহাৰ দিবলৈ গৈ থকা অৱস্থাতে তেওঁ হঠাতে মাটিত ঢলি পৰে আৰু তাৰ পাছতেই তেওঁৰ মৃত্যু ঘটে।


পৰেশ বৰগোহাঁইৰ কোনো ধৰণৰ গুৰুতৰ বেমাৰ নাছিল বাবে পৰিয়ালৰ লোকে এই মৃত্যুক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। সমগ্ৰ ঘটনাটোৰ আঁৰত কিবা ৰহস্য থকাৰ সন্দেহ কৰি পৰিয়ালে ইতিমধ্যে ডিগবৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।


এই সমগ্ৰ ঘটনাত শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। শোধনাগাৰটোৰ সুৰক্ষাৰ বাবে কোটি কোটি টকা ব্যয় কৰি সকলো স্থানতে চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে। আশ্চৰ্যজনকভাৱে, যিটো নিৰ্দিষ্ট স্থানত পৰেশ বৰগোহাঁই ঢলি পৰিছিল, সেই স্থানত কোনো কেমেৰা নাছিল।


এই বিশেষ স্থানডোখৰত কেমেৰা নথকাটোৱে এতিয়া ৰহস্য আৰু অধিক ঘনীভূত কৰি তুলিছে।


কৰ্মৰত অৱস্থাতে এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ পাছতো আই অ চি (IOC)-ৰ কোনো এজন শীৰ্ষ বিষয়াই শোকসন্তপ্ত পৰিয়ালটোক সাক্ষাৎ নকৰা কাৰ্যই স্থানীয় ৰাইজক ক্ষুব্ধ কৰি তুলিছে। শোধনাগাৰ কৰ্তৃপক্ষৰ এনে দুৰ্ভাগ্যজনক আৰু সংবেদনহীন স্থিতিক একাংশই তীব্ৰ গৰিহণা দিছে।


পৰিয়াল আৰু স্থানীয় ৰাইজে সমগ্ৰ ঘটনাটোৰ এক নিৰপেক্ষ তদন্তৰ লগতে মৃত শ্ৰমিকজনৰ পৰিয়াললৈ উচিত ন্যায় প্ৰদানৰ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান