--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰেশ বৰগোহাঁইৰ কোনো ধৰণৰ গুৰুতৰ বেমাৰ নাছিল বাবে পৰিয়ালৰ লোকে এই মৃত্যুক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। সমগ্ৰ ঘটনাটোৰ আঁৰত কিবা ৰহস্য থকাৰ সন্দেহ কৰি পৰিয়ালে ইতিমধ্যে ডিগবৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

ডিজিটেল ডেস্ক: ডিগবৈ শোধনাগাৰত এজন শ্ৰমিকৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কৰ্মৰত অৱস্থাত প্ৰাণ হেৰুওৱা শ্ৰমিকজনৰ মৃত্যুক লৈ পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰাৰ লগতে ঘটনাটোৱে এতিয়া ৰহস্যৰ ৰূপ লৈছে।


যোৱা ১০ মে’ত ডিগবৈ শোধনাগাৰৰ ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ মৃত্যু হয়। জানিব পৰা মতে, SDU বিভাগত দুপৰীয়া আহাৰ দিবলৈ গৈ থকা অৱস্থাতে তেওঁ হঠাতে মাটিত ঢলি পৰে আৰু তাৰ পাছতেই তেওঁৰ মৃত্যু ঘটে।


পৰেশ বৰগোহাঁইৰ কোনো ধৰণৰ গুৰুতৰ বেমাৰ নাছিল বাবে পৰিয়ালৰ লোকে এই মৃত্যুক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। সমগ্ৰ ঘটনাটোৰ আঁৰত কিবা ৰহস্য থকাৰ সন্দেহ কৰি পৰিয়ালে ইতিমধ্যে ডিগবৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।


এই সমগ্ৰ ঘটনাত শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। শোধনাগাৰটোৰ সুৰক্ষাৰ বাবে কোটি কোটি টকা ব্যয় কৰি সকলো স্থানতে চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে। আশ্চৰ্যজনকভাৱে, যিটো নিৰ্দিষ্ট স্থানত পৰেশ বৰগোহাঁই ঢলি পৰিছিল, সেই স্থানত কোনো কেমেৰা নাছিল।


এই বিশেষ স্থানডোখৰত কেমেৰা নথকাটোৱে এতিয়া ৰহস্য আৰু অধিক ঘনীভূত কৰি তুলিছে।


কৰ্মৰত অৱস্থাতে এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ পাছতো আই অ চি (IOC)-ৰ কোনো এজন শীৰ্ষ বিষয়াই শোকসন্তপ্ত পৰিয়ালটোক সাক্ষাৎ নকৰা কাৰ্যই স্থানীয় ৰাইজক ক্ষুব্ধ কৰি তুলিছে। শোধনাগাৰ কৰ্তৃপক্ষৰ এনে দুৰ্ভাগ্যজনক আৰু সংবেদনহীন স্থিতিক একাংশই তীব্ৰ গৰিহণা দিছে।


পৰিয়াল আৰু স্থানীয় ৰাইজে সমগ্ৰ ঘটনাটোৰ এক নিৰপেক্ষ তদন্তৰ লগতে মৃত শ্ৰমিকজনৰ পৰিয়াললৈ উচিত ন্যায় প্ৰদানৰ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
বিহাৰত ভয়ংকৰ নাও দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৭টা শিশুসহ ১৩টা কণমানিৰ গংগাত সলিল সমাধি
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা