--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মন্দিৰত ভাগৱতক সাক্ষী কৰি পাঠেকী, ভকত-বৈষ্ণৱৰ দ্বাৰা বিধি পাঠ আৰু আশিস শিৰত লৈ আনুষ্ঠানিকভাৱে বিবাহ বান্ধোনেৰে বান্ধ খায় ১৬ যোৰা বৰ-কইনাই৷

ডিজিটেল ডেস্ক: শিৱসাগৰৰ আখৈফুটীয়া ২ নং চাউলকৰা বামবাৰী গাঁৱত সমূহীয়া বিবাহ অনুষ্ঠান৷ বামবাৰী গাঁৱৰ গৰখীয়া মন্দিৰত বৃহস্পতিবাৰে সন্ধিয়া সম্পন্ন হয় এই বিবাহ অনুষ্ঠান৷


মন্দিৰত ভাগৱতক সাক্ষী কৰি পাঠেকী, ভকত-বৈষ্ণৱৰ দ্বাৰা বিধি পাঠ আৰু আশিস শিৰত লৈ আনুষ্ঠানিকভাৱে বিবাহ বান্ধোনেৰে বান্ধ খায় ১৬ যোৰা বৰ-কইনাই৷


এসময়ত গন্ধৰ্ব বিবাহত আৱদ্ধ হোৱা বামবাৰী গাঁৱৰ বহু দম্পতীয়ে সাংসাৰিক জীৱন অতিবাহিত কৰি অহাৰ মাজতে সামাজিক ৰীতি-নীতি পালনত সন্মুখীন হোৱা কিছু বাধা নিলগোৱাৰ বাবে বৃহস্পতিবৰে গাঁওৰ গৰখীয়া মন্দিৰত সম্পন্ন হয় এক মাংগলিক বিবাহ অনুষ্ঠানৰ৷ 


মাহ-হালধিৰে গা-পা ধুই, আয়তীসকলৰ উৰুলিৰ মাজেৰে গৰখীয়া মন্দিৰত সমূহীয়া বিবাহ অনুষ্ঠানত ভাগ লয় ১৬ যোৰা দৰা-কইনাই৷ মন্দিৰত হৰিনাম শ্ৰৱণ আৰু জ্যেষ্ঠজনৰ সাংসাৰিক দিহা-পৰামৰ্শ আৰু আশীবাৰ্দ গ্ৰহণ কৰে বৰ-কইনাসকলে৷ বিবাহৰ মাংগলিক পৰ্বৰ সামৰণিত উলহ-মালহ পৰিবেশৰ মাজেৰে দৰা-কইনাক পৰিয়ালৰ লোকে স্ব-গৃহলৈ আদৰি নিয়ে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান