--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মন্দিৰত ভাগৱতক সাক্ষী কৰি পাঠেকী, ভকত-বৈষ্ণৱৰ দ্বাৰা বিধি পাঠ আৰু আশিস শিৰত লৈ আনুষ্ঠানিকভাৱে বিবাহ বান্ধোনেৰে বান্ধ খায় ১৬ যোৰা বৰ-কইনাই৷

ডিজিটেল ডেস্ক: শিৱসাগৰৰ আখৈফুটীয়া ২ নং চাউলকৰা বামবাৰী গাঁৱত সমূহীয়া বিবাহ অনুষ্ঠান৷ বামবাৰী গাঁৱৰ গৰখীয়া মন্দিৰত বৃহস্পতিবাৰে সন্ধিয়া সম্পন্ন হয় এই বিবাহ অনুষ্ঠান৷

মন্দিৰত ভাগৱতক সাক্ষী কৰি পাঠেকী, ভকত-বৈষ্ণৱৰ দ্বাৰা বিধি পাঠ আৰু আশিস শিৰত লৈ আনুষ্ঠানিকভাৱে বিবাহ বান্ধোনেৰে বান্ধ খায় ১৬ যোৰা বৰ-কইনাই৷

এসময়ত গন্ধৰ্ব বিবাহত আৱদ্ধ হোৱা বামবাৰী গাঁৱৰ বহু দম্পতীয়ে সাংসাৰিক জীৱন অতিবাহিত কৰি অহাৰ মাজতে সামাজিক ৰীতি-নীতি পালনত সন্মুখীন হোৱা কিছু বাধা নিলগোৱাৰ বাবে বৃহস্পতিবৰে গাঁওৰ গৰখীয়া মন্দিৰত সম্পন্ন হয় এক মাংগলিক বিবাহ অনুষ্ঠানৰ৷ 

মাহ-হালধিৰে গা-পা ধুই, আয়তীসকলৰ উৰুলিৰ মাজেৰে গৰখীয়া মন্দিৰত সমূহীয়া বিবাহ অনুষ্ঠানত ভাগ লয় ১৬ যোৰা দৰা-কইনাই৷ মন্দিৰত হৰিনাম শ্ৰৱণ আৰু জ্যেষ্ঠজনৰ সাংসাৰিক দিহা-পৰামৰ্শ আৰু আশীবাৰ্দ গ্ৰহণ কৰে বৰ-কইনাসকলে৷ বিবাহৰ মাংগলিক পৰ্বৰ সামৰণিত উলহ-মালহ পৰিবেশৰ মাজেৰে দৰা-কইনাক পৰিয়ালৰ লোকে স্ব-গৃহলৈ আদৰি নিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ