--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১৯ মে'ত ওড়িশাৰ কটক ৰে'লৱে জংচনত পৰিয়ালৰ শেষবাৰৰ বাবে কথা-বতৰা হৈছিল, কিন্তু তাৰপিছৰে পৰা তেওঁৰ কোনো শুংসূত্র পোৱা হোৱা নাই।

ডিজিটেল ডেস্ক: পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। এইবাৰ ডিগবৈৰ এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন হৈছে। নিৰুদ্দিষ্ট যুৱকজনৰ নাম বিকাশ গড়। ডিগবৈৰ বালিজান শ্বিলং বস্তিৰ ২৮ বছৰীয়া যুৱক বিকাশ গড় যোৱা ১৯ মে'ৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 


কৰ্মসূত্ৰে ওড়িশালৈ যোৱা বিকাশ ওড়িশাৰ কটক ৰে'লৱে জংচনত সন্ধানহীন হৈছে। ১৯ মে'ত ওড়িশাৰ কটক ৰে'লৱে জংচনত পৰিয়ালৰ শেষবাৰৰ বাবে কথা-বতৰা হৈছিল, কিন্তু তাৰপিছৰে পৰা তেওঁৰ কোনো শুংসূত্র পোৱা হোৱা নাই।


প্ৰয়াত দীপক গড় আৰু দুলাৰী গড়ৰ পুত্ৰ বিকাশ হঠাত্‍ এনেদৰে সন্ধানহীন হৈ পৰাত এতিয়া তেওঁৰ মাতৃসহ সমগ্ৰ পৰিয়ালটো গভীৰ মানসিক চিন্তাত ভাঙি পৰিছে।


পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যই এই সন্দৰ্ভত ডিগবৈ আৰক্ষী থানাত এক নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰা হৈছে।


যদি কোনো সদাশয় ব্যক্তিয়ে এই যুৱকজনৰ কিবা সন্ধান পায়, তেন্তে পলম নকৰি পৰিয়ালৰ যোগাযোগ নম্বৰ 7577097310 ত জনাবলৈ ভুক্তভোগী পৰিয়ালটোৱে কাতৰ অনুৰোধ জনাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত