--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১৯ মে'ত ওড়িশাৰ কটক ৰে'লৱে জংচনত পৰিয়ালৰ শেষবাৰৰ বাবে কথা-বতৰা হৈছিল, কিন্তু তাৰপিছৰে পৰা তেওঁৰ কোনো শুংসূত্র পোৱা হোৱা নাই।

ডিজিটেল ডেস্ক: পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক। এইবাৰ ডিগবৈৰ এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন হৈছে। নিৰুদ্দিষ্ট যুৱকজনৰ নাম বিকাশ গড়। ডিগবৈৰ বালিজান শ্বিলং বস্তিৰ ২৮ বছৰীয়া যুৱক বিকাশ গড় যোৱা ১৯ মে'ৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 


কৰ্মসূত্ৰে ওড়িশালৈ যোৱা বিকাশ ওড়িশাৰ কটক ৰে'লৱে জংচনত সন্ধানহীন হৈছে। ১৯ মে'ত ওড়িশাৰ কটক ৰে'লৱে জংচনত পৰিয়ালৰ শেষবাৰৰ বাবে কথা-বতৰা হৈছিল, কিন্তু তাৰপিছৰে পৰা তেওঁৰ কোনো শুংসূত্র পোৱা হোৱা নাই।


প্ৰয়াত দীপক গড় আৰু দুলাৰী গড়ৰ পুত্ৰ বিকাশ হঠাত্‍ এনেদৰে সন্ধানহীন হৈ পৰাত এতিয়া তেওঁৰ মাতৃসহ সমগ্ৰ পৰিয়ালটো গভীৰ মানসিক চিন্তাত ভাঙি পৰিছে।


পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যই এই সন্দৰ্ভত ডিগবৈ আৰক্ষী থানাত এক নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰা হৈছে।


যদি কোনো সদাশয় ব্যক্তিয়ে এই যুৱকজনৰ কিবা সন্ধান পায়, তেন্তে পলম নকৰি পৰিয়ালৰ যোগাযোগ নম্বৰ 7577097310 ত জনাবলৈ ভুক্তভোগী পৰিয়ালটোৱে কাতৰ অনুৰোধ জনাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান