--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ১২ মে'ত ৰাজ্য চৰকাৰখনে ১০০০ কোটি টকাৰ ঋণ লৈছিল। এতিয়া এটা পষেক নহওতেই চৰকাৰখনে পুনৰ ঋণ ল'বলৈ ওলোৱা কাৰ্য লক্ষণীয় হৈ পৰিছে।

ডিজিটেল ডেস্ক: ঋণৰ অবিহনে অসম চৰকাৰৰ গতি নাই। নতুন চৰকাৰখনে পুনৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত লৈছে। সেই অনুসৰি বছৰি ৭.৬২ শতাংশ সুদত অহা ২৬ মে’ত ৭৫০ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰখনে।


ইতিমধ্যে ৰাজ্যৰ বিত্ত বিভাগে এই ঋণ লোৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। যোৱা ১২ মে'ত ৰাজ্য চৰকাৰখনে ১০০০ কোটি টকাৰ ঋণ লৈছিল। এতিয়া এটা পষেক নহওতেই চৰকাৰখনে পুনৰ ঋণ ল'বলৈ ওলোৱা কাৰ্য লক্ষণীয় হৈ পৰিছে। 


উল্লেখযোগ্য যে অসম চৰকাৰে প্ৰতি মাহে ঋণ লোৱাৰ ফলত ধাৰৰ বোজা দ্রুতগতিত বৃদ্ধি পোৱা বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি আৰু অৰ্থনীতি দুয়োটা ক্ষেত্রতে বিতৰ্কৰ সৃষ্টি কৰি আহিছে। ৰাজ্য চৰকাৰে এফালে বৃহৎ আন্তঃগাঁথনি উন্নয়ন, কল্যাণমূলক আঁচনি আৰু বিনিয়োগ বৃদ্ধিৰ বাবে ঋণ লোৱাটো প্রয়োজনীয় বুলি দাবী কৰিছে যদিও আনফালে কেগৰ প্ৰতিবেদন আৰু বিভিন্ন অর্থনৈতিক বিশ্লেষণে ঋণ বাঢ়ি অহাক লৈ উদ্বেগ প্রকাশ কৰিছে। 


২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰাৰ সময়ত তদানীন্তন বিত্ত মন্ত্ৰী অজন্তা নেওগে ৰাজ্যৰ উন্নয়নমূলক কাম অব্যাহত ৰাখিবলৈ বৃহৎ বিনিয়োগৰ প্ৰয়োজনীয়তাৰ লগতে ঋণৰ কথা উল্লেখ কৰিছিল। বাজেট অনুসৰি ২০২৫-২৬ বর্ষত অসমে প্রায় ২৫,২৯৪ কোটি টকাৰ ঋণ ল'ব। একে সময়তে এই বৰ্ষত সুদৰ নামত প্রায় ৯,৩৪৩ কোটি টকা পৰিশোধো কৰিব লাগিব। ইফালে ঋণৰ বোজা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত আজিৰ তাৰিখত জনমূৰি ঋণ প্রায় ৪২,৫০০ টকালৈ বৃদ্ধি পাইছে। 


মন কৰিব লগীয়া কথা যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে নিৰ্ধাৰিত সীমাতকৈ বহু তলত ঋণ লোৱা সত্ত্বেও বিজেপি চৰকাৰখনে সূতা-কম্বল বিতৰণৰ নামতেই তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে ৰাজকোষৰ ওপৰত ধাৰৰ বোজা থৈ যোৱা বুলি সমালোচনা কৰিছিল। আনকি শাসনলৈ আহিয়েই বিজেপিয়ে বিত্তীয় পৰিস্থিতিক লৈ শ্বেতপত্রও প্রকাশ কৰিছিল। কিন্তু এতিয়া বিজেপিৰ শাসনকালত বিগত ৫ বছৰত সৰ্বাধিক ঋণ লোৱা হৈছে। তথ্য মতে ২০১৬ চনৰ ৩১ মার্চ পর্যন্ত ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা। ইয়াৰ বিপৰীতে ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যা মতেই যোৱা ২০২৫ বৰ্ষৰ ৩১ মাৰ্চলৈকে মুঠ ঋণৰ পৰিমাণ হ'লগৈ ১,৭৭,৯৮৩ কোটি টকা। 


সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ঋণৰ বোজা বৃদ্ধি হৈ ২০২১ চনত ৮৯,৭০৯ কোটি টকা হৈছিল। কিন্তু ২০২১ চনত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ ক্ষেত্ৰত ইমানেই গুৰুত্ব দিলে যে ২০২১ চনৰ পৰা ২০২৫ চনৰ মাৰ্চলৈকে অসম চৰকাৰৰ ঋণৰ বোজা হৈছেগৈ ১,৭৭,৯৮৩ কোটি টকা। এনে পৰিস্থিতিত অহা ২০২৫-২৬ বৰ্ষৰ ভিতৰত অসমৰ মুঠ ঋণৰ পৰিমাণ ২ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। যাৰ বাবে ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ধাৰৰ বোজাও প্রতিদিনেই বৃদ্ধি পাইছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান