--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে ড্ৰাগছ কাণ্ডৰ সৈতে জড়িত হৈ পৰিছিল বলীউড বাদশ্বাহ শ্বাহৰূখ খানৰ পুত্ৰ আৰিয়ান খান। শেহতীয়াকৈ, এই ড্ৰাগছ কাণ্ডৰ গোচৰটোত আদালতৰ পৰা ক্লিয়াৰেন্স পাইছে আৰিয়ানে। একেটা অভিযোগতে আৰক্ষীয়ে বলীউডৰ অভিনেতা শক্তি কাপুৰৰ পুত্ৰ তথা অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভাতৃ সিদ্ধান্ত কাপুৰক গ্ৰেপ্তাৰ কৰে।

কৰ্ণাটকৰ বাংগালুৰুত এখন ৰেভ পাৰ্টীত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় সিদ্ধান্ত কাপুৰ। তেওঁৰ লগতে দলটোৰ আন ৬জনক গ্ৰেপ্তাৰ কৰা বুলি বাংগালুৰু আৰক্ষীয়ে প্ৰকাশ কৰিছে।

সিদ্ধাৰ্থ কাপুৰৰ দলটোৰ খবৰ দেওবাৰে আৰক্ষীয়ে আগতীয়াকৈ পোৱা বুলি জানিবলৈ পোৱা গৈছে। এম জি ৰোডত থকা বিলাসী হোটেলখনত আৰক্ষীয়ে অভিযান চলায়। ৩৫ জন সন্দেহযুক্ত লোকৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তাত উপস্থিত থকা আন ৬ জন লোকৰ লগতে সিদ্ধান্ত কাপুৰেও ড্ৰাগছ সেৱন কৰিছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

অভিযুক্তই ড্ৰাগছ সেৱনৰ পাছত পাৰ্টীত প্ৰৱেশ কৰিছিল নে প্ৰৱেশৰ পাছতহে ড্ৰাগছ সেৱন কৰিছিল সেই বিষয়ে  এতিয়াও জানিব পৰা হোৱা নাই।

বাংগালুৰু আৰক্ষীয়ে সদৰী কৰা মতে, সিদ্ধান্তক ডিজে হিচাপে নিমন্ত্ৰণ কৰা হৈছিল পাৰ্টীলৈ। আৰু সেই পাৰ্টী চলাকালীন সময়তে সিদ্ধান্তই ড্ৰাগছ সেৱন কৰিছিল বুলি জানিব পৰা গৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ