--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে ড্ৰাগছ কাণ্ডৰ সৈতে জড়িত হৈ পৰিছিল বলীউড বাদশ্বাহ শ্বাহৰূখ খানৰ পুত্ৰ আৰিয়ান খান। শেহতীয়াকৈ, এই ড্ৰাগছ কাণ্ডৰ গোচৰটোত আদালতৰ পৰা ক্লিয়াৰেন্স পাইছে আৰিয়ানে। একেটা অভিযোগতে আৰক্ষীয়ে বলীউডৰ অভিনেতা শক্তি কাপুৰৰ পুত্ৰ তথা অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ভাতৃ সিদ্ধান্ত কাপুৰক গ্ৰেপ্তাৰ কৰে।

কৰ্ণাটকৰ বাংগালুৰুত এখন ৰেভ পাৰ্টীত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় সিদ্ধান্ত কাপুৰ। তেওঁৰ লগতে দলটোৰ আন ৬জনক গ্ৰেপ্তাৰ কৰা বুলি বাংগালুৰু আৰক্ষীয়ে প্ৰকাশ কৰিছে।

সিদ্ধাৰ্থ কাপুৰৰ দলটোৰ খবৰ দেওবাৰে আৰক্ষীয়ে আগতীয়াকৈ পোৱা বুলি জানিবলৈ পোৱা গৈছে। এম জি ৰোডত থকা বিলাসী হোটেলখনত আৰক্ষীয়ে অভিযান চলায়। ৩৫ জন সন্দেহযুক্ত লোকৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তাত উপস্থিত থকা আন ৬ জন লোকৰ লগতে সিদ্ধান্ত কাপুৰেও ড্ৰাগছ সেৱন কৰিছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

অভিযুক্তই ড্ৰাগছ সেৱনৰ পাছত পাৰ্টীত প্ৰৱেশ কৰিছিল নে প্ৰৱেশৰ পাছতহে ড্ৰাগছ সেৱন কৰিছিল সেই বিষয়ে  এতিয়াও জানিব পৰা হোৱা নাই।

বাংগালুৰু আৰক্ষীয়ে সদৰী কৰা মতে, সিদ্ধান্তক ডিজে হিচাপে নিমন্ত্ৰণ কৰা হৈছিল পাৰ্টীলৈ। আৰু সেই পাৰ্টী চলাকালীন সময়তে সিদ্ধান্তই ড্ৰাগছ সেৱন কৰিছিল বুলি জানিব পৰা গৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ