--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কাজল। বৰ্তমান ৰূপালী পৰ্দাত নিয়মীয়াকৈ তেওঁক দেখিবলৈ পোৱা নগ’লেও ইখনৰ পিছত সিখন হিট ছবি দৰ্শকক উপহাৰ দিছে অভিনেত্ৰী গৰাকীয়ে।

কিন্তু বলীউড জগতত কেইবাটা দশক অতিক্ৰম কৰাৰ পাছত শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এক আশ্চৰ্যকৰ মন্তব্য কৰা দেখা গৈছে। কাজলে তেওঁৰ মাতৃ, প্ৰবীণ অভিনেত্ৰী তনুজাৰ সৈতে ‘কৌন হোনাৰ কোড়পতি’ত উপস্থিত থাকিব। এটা মাৰাঠী শ্ব! শ্ব’টোৰ শ্বুটিঙৰ সময়ত কাজলে কয়, ‘কেতিয়াও অভিনেত্ৰী হ’ব বিচৰা নাছিল তেওঁ।  বিচাৰিছিলো এটা চাকৰি।
 
হয়, এনে মন্তব্যই কৰিছে কাজলে। শচীন খেডেকাৰক দেখিবলৈ পোৱা যাব ‘কৌন হোনাৰ কোড়পতি’ৰ পৰিচালক হিচাপে। কাজালে কয়, ‘মই কেতিয়াও বলীউড বা হিন্দী চলচ্চিত্ৰ জগতৰ অংশ হ’ব বিচৰা নাছিলো। অভিনেত্ৰী হিচাপে উদ্যোগটোত প্ৰৱেশ কৰিব বিচৰা নাছিলো। বিচাৰিছিলো এটা চাকৰি। প্ৰতিমাহে মোৰ একাউণ্টত পে-চেক পাব পৰা এটা চাকৰি বিচাৰিছিলো।’

স্মৰ্তব্য যে, ১৯৯২ চনত ৰাহুল ৰাৱালৰ ‘বেখুদি’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল কাজলে। ‘বাজীগৰ’; ‘য়েহ দিল্লাগী’; ‘কৰণ অৰ্জুন’;‘দীলৱালে দুলহানীয়া লে জায়েঙ্গে’; ‘গুপ্তা’; ‘কুচ কুচ হোটা হ্যায়’; ‘মাই নেম ইজ খান’; ‘ফানা’ ইত্যাদি হিট ছবিত অভিনয় কৰিছে কাজলে।

কাজালে পুৰণি এক সাক্ষাৎকাৰত কয় যে, ‘মোৰ আৰম্ভণি ভাল নাছিল। মোৰ প্ৰথম ছবিখনে ভাল ব্যৱসায় কৰা নাছিল। মই কেতিয়াও অভিনয়ক কেৰিয়াৰ বাচনি কৰা নাছিলো। মই সোঁতৰ সৈতে বৈ গৈছো। মই মোৰ সিদ্ধান্তক সদায় মূল্য দিছি আহিছো আৰু সদায় দায়বদ্ধ আছিলো। যিকোনো ছবিৰ কাম কৰি বহুত ভাল লাগিছিল। বহু মহান ব্যক্তিৰ সৈতে চিনাকি হৈছে।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ