--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কাজল। বৰ্তমান ৰূপালী পৰ্দাত নিয়মীয়াকৈ তেওঁক দেখিবলৈ পোৱা নগ’লেও ইখনৰ পিছত সিখন হিট ছবি দৰ্শকক উপহাৰ দিছে অভিনেত্ৰী গৰাকীয়ে।

কিন্তু বলীউড জগতত কেইবাটা দশক অতিক্ৰম কৰাৰ পাছত শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এক আশ্চৰ্যকৰ মন্তব্য কৰা দেখা গৈছে। কাজলে তেওঁৰ মাতৃ, প্ৰবীণ অভিনেত্ৰী তনুজাৰ সৈতে ‘কৌন হোনাৰ কোড়পতি’ত উপস্থিত থাকিব। এটা মাৰাঠী শ্ব! শ্ব’টোৰ শ্বুটিঙৰ সময়ত কাজলে কয়, ‘কেতিয়াও অভিনেত্ৰী হ’ব বিচৰা নাছিল তেওঁ।  বিচাৰিছিলো এটা চাকৰি।
 
হয়, এনে মন্তব্যই কৰিছে কাজলে। শচীন খেডেকাৰক দেখিবলৈ পোৱা যাব ‘কৌন হোনাৰ কোড়পতি’ৰ পৰিচালক হিচাপে। কাজালে কয়, ‘মই কেতিয়াও বলীউড বা হিন্দী চলচ্চিত্ৰ জগতৰ অংশ হ’ব বিচৰা নাছিলো। অভিনেত্ৰী হিচাপে উদ্যোগটোত প্ৰৱেশ কৰিব বিচৰা নাছিলো। বিচাৰিছিলো এটা চাকৰি। প্ৰতিমাহে মোৰ একাউণ্টত পে-চেক পাব পৰা এটা চাকৰি বিচাৰিছিলো।’

স্মৰ্তব্য যে, ১৯৯২ চনত ৰাহুল ৰাৱালৰ ‘বেখুদি’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল কাজলে। ‘বাজীগৰ’; ‘য়েহ দিল্লাগী’; ‘কৰণ অৰ্জুন’;‘দীলৱালে দুলহানীয়া লে জায়েঙ্গে’; ‘গুপ্তা’; ‘কুচ কুচ হোটা হ্যায়’; ‘মাই নেম ইজ খান’; ‘ফানা’ ইত্যাদি হিট ছবিত অভিনয় কৰিছে কাজলে।

কাজালে পুৰণি এক সাক্ষাৎকাৰত কয় যে, ‘মোৰ আৰম্ভণি ভাল নাছিল। মোৰ প্ৰথম ছবিখনে ভাল ব্যৱসায় কৰা নাছিল। মই কেতিয়াও অভিনয়ক কেৰিয়াৰ বাচনি কৰা নাছিলো। মই সোঁতৰ সৈতে বৈ গৈছো। মই মোৰ সিদ্ধান্তক সদায় মূল্য দিছি আহিছো আৰু সদায় দায়বদ্ধ আছিলো। যিকোনো ছবিৰ কাম কৰি বহুত ভাল লাগিছিল। বহু মহান ব্যক্তিৰ সৈতে চিনাকি হৈছে।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ